জাহাজত ভুলবশতঃ উঠিল ভাৰতৰ কেৰ্কেটুৱা

পালেগৈ হাজাৰ হাজাৰ মাইল দূৰৰ স্কটলেণ্ড

0 17
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : তাক কোনেও দেখা নাছিল। আৰু সেয়ে জাহাজত উঠি বিদেশলৈ গ’ল এটা কেৰ্কেটুৱা! ভাৰতৰ পৰা যোৱা এই কেৰ্কেটুৱাটো জাহাজেৰে হাজাৰ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰি স্কটলেণ্ড পালেগৈ। স্কটলেণ্ডৰ এবাৰডিনশ্বাৰৰ এখন বন্যপ্ৰাণী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে উদ্ধাৰ কৰে কেৰ্কেটুৱাটো। জানিব পৰা মতে, কেনেবাকৈ জাহাজখনত কেৰ্কেটুৱাটো উঠিছিল। ইয়াৰ পিছত প্ৰায় তিনি সপ্তাহ ধৰি সাগৰৰ মাজেৰে যাত্ৰা কৰি স্কটলেণ্ড পায়গৈ। এবাৰডিনশ্বাৰৰ নেৱাৰ্ক ৱাইল্ডলাইফ হাস্পতালৰ কৰ্তৃপক্ষই ৩০ আগষ্টত ফেচবুকত এই কাণ্ডৰ ওপৰত আলোকপাত কৰিছিল। জানিব পৰা মতে, জাহাজখনৰ কৰ্মচাৰীয়ে ২৯ আগষ্টত স্থানীয় দুজন লোকৰ পৰা কেৰ্কেটুৱাটোৰ বিষয়ে জানিব পাৰিছিল। তেওঁলোকে জনোৱা মতে, জাহাজখনৰ পৰা উদ্ধাৰ কৰা হৈছে ভাৰতীয় কেৰ্কেটুৱাটো। ইয়াৰ পিছতে বন্যপ্ৰাণী চিকিৎসালয়ক খবৰ দিয়া হয়। ফোন পোৱাৰ এঘণ্টা পিছতে বন্যপ্ৰাণী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে সেই স্থানলৈ গৈ কেৰ্কেটুৱাটো উদ্ধাৰ কৰে। চিকিৎসালয়লৈ নিয়াৰ পিছত কৰ্মচাৰীসকলে কয় যে কেৰ্কেটুৱাটো ভাৰতীয় প্ৰজাতিৰ। এই প্ৰজাতিৰ কেৰ্কেটুৱা সাধাৰণতে বাৰীত দেখা যায়। উদ্ধাৰ কৰা কেৰ্কেটুৱাটোৰ বৰ্তমান ঠিকনা হৈছে বন্যপ্ৰাণী চিকিৎসালয়। সি বৰ্তমান সুস্থ বুলি কোৱা হৈছে। তাৰ নামো দিয়া হৈছে। তাৰ নাম হৈছে জিপ্পি। বন্যপ্ৰাণী চিকিৎসালয়খনে জনাইছে যে কেৰ্কেটুৱাটো সঠিকভাৱে ক’ত ৰখা হ’ব সেই সম্পৰ্কে অনুসন্ধান আৰম্ভ কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More