তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

0 9
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জুলাই : তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি কালি দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ ৰংমহল বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মইনা মৌচমপ্ৰতিম বৰাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনত স্মৃতি তৰ্পনৰ শুভাৰম্ভ কৰে মইনা বৃষ্টি বৰাই আৰু বৃক্ষ ৰোপন কৰে মইনা পুষ্পাঞ্জল বৰাই৷ লগে লগে মইনা মনদীপ বৰা, ৰিদিপ বিশ্বাস, মনোৰঞ্জন পাৱাৰ, গৌৰৱজ্যোতি নাথ আদিৰ লগতে মইনা পাৰিজাতৰ বিষয়ববীয়াসকলেও ককা মহাদেৱ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত স্মৃতি তৰ্পন কৰে৷ পুৱাৰ অনুষ্ঠানত মইনা সভাৰ বৈঠকৰ মইনাসকলক লঘু আহাৰ বিতৰণ কৰা হয়৷ মধ্যাহ্ন ভোজনৰ পাছত দুপৰীয়া এক বজাৰ পৰা “আমি পোহৰ বিচাৰি যাওঁ” শীৰ্ষক সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি অধিৱেশনত সভাপতিত্ব কৰে কন্যাপুৰ মইনা পাৰিজাতৰ মইনা ধ্ৰুৱজ্যোতি বৰাই৷ সভাপতিয়ে আসন গ্ৰহণ কৰাৰ পাছতে আমন্ত্ৰিত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদিকা নীলিমা বেজবৰুৱা, শিশু মহীয়ান বেণুধৰ কাকতি, জিলা মইনা পাৰিজাতৰ সম্পাদক চিত্তৰঞ্জন নাথ, মইনা পাৰিজাতৰ ৰাজ্যিক সদস্য বন্দনা হাজৰিকা আৰু আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি মৃদুল কুমাৰ শৰ্মাক আসনত উপবিষ্ট কৰি সম্বৰ্ধনা জনোৱা হয়৷ তাৰ পাছত আদৰণি ভাষণ দিয়ে মইনা পাৰিজাতৰ সভানেত্ৰী নিৰু নেওগ বৰাই৷ ইয়াৰ পাছতে  কণমানি মইনা দেৱাঙৰী কাশ্যপৰ দশাৱতাৰ নৃত্যই সভাস্থ সকলোকে আপ্লুত কৰে৷ কন্যাপুৰ মইনা পাৰিজাতৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদিকা পূৰৱী ঠাকুৰীয়াই৷ গীত-মাত-নৃত্যৰে মুখৰিত অধিৱেশনত সাৱলীল ভাষাৰে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় পহুমৰাৰ অপৰাজিতা মইনা পাৰিজাতৰ মইনা ভাস্বতী কাশ্যপে৷ আমন্ত্ৰিত মইনা অতিথিৰ ভাষণ দিয়ে জ্যোতি বিষ্ণু মইনা পাৰিজাতৰ মইনা ৰশ্মিতা দেৱী আৰু বাৰহলীয়া মইনা পাৰিজাতৰ মইনা অনিমা দাসে৷ ইয়াৰ পাছতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় কন্যাপুৰ মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক সম্পাদিকা  ললিতা শৰ্মাক৷ অংগ বস্ত্ৰৰে সম্বৰ্ধনা জনোৱা ললিতা শৰ্মাৰ সম্বৰ্ধনা পত্ৰ পাঠ কৰে কাৰ্যকৰী সভানেত্ৰী মিৰা বৰাই৷ আন এগৰাকী শিশু বন্ধু  চালেহা খাতুনকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সভাত বিশিষ্ট অতিথি সকলে দুআষাৰ শিশুক উদ্দেশ্যি কোৱাৰ উপৰিও সম্বৰ্ধিত ব্যক্তি দুগৰাকী ললিতা শৰ্মা আৰু চালেহা খাতুনেও তেখেতসকলৰ অনুভৱ ব্যক্ত কৰে৷ এই অধিৱেশনতে শিশুসকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More