বালিপৰাত হেৰইন জব্দ:নৈত জাপ দি পলাল সৰবৰাহকাৰী

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত গুদামঘাটত যোৱা নিশা মাৰাত্মক হে’ৰইন জব্দ কৰাৰ বিপৰীতে দুই সৰবৰাহকাৰীয়ে নৈত জাপ দি পলায়ন কৰে৷উল্লেখযোগ্য যে,ইতিমধ্যেই জিলাখনৰ তেজপুৰ আৰু চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত বিভিন্ন অঞ্চলত বৰবিহ ড্ৰাগচে একাংশ যুৱকৰ ভৱিষ্যত বিপদাপন্ন কৰাৰ বিপৰীতে আৰক্ষীৰ অভিযানতো এনে একাংশ সৰবৰাহকাৰী কিছু পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হ’লেও বৰ্তমানেও শোণিতপুৰত এনে মাৰাত্মক বেহা চলিয়েই আছে৷এনে অৱস্হাত যোৱা নিশা খনামুখৰ দিশৰ পৰা অহা দুই যুৱকক গুদাম ঘাটত সন্দেহজনক অৱস্থাত দেখি গাঁওৰক্ষী বাহিনীৰ সদস্যই ৰখিবলৈ দিয়ে৷সেই সময়ত দুয়ো হাতত থকা এটা টোপোলা পথৰ দাঁতিলৈ পেলাই নিজেই কাষৰ নৈত জাঁপ দি পলায়ন কৰে৷এনে অৱস্থাত গাঁও ৰক্ষী বাহিনীৰ সদস্য সকলে চাৰিদুৱাৰ আৰক্ষীক খৱৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পলাতক যুৱক দুজনে পেলাই যোৱা টোপোলাটো উদ্ধাৰ কৰে৷ দুটাকৈ চাবোন কে’চত হে’ৰইন ভৰ্তি অৱস্থাত টোপোলাটোৰ পৰা উদ্ধাৰ কৰা হয় আৰু আৰক্ষীয়ে সেয়া জব্দ কৰে৷ উল্লেখ্য যে জব্দকৃত হে’ৰইনৰ মূল্য প্ৰায় তিনি লাখৰ অধিক হ’ব বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে৷উল্লেখযোগ্য যে,এইদৰে ড্ৰাগছ তেজপুৰৰ বৰঘাট আৰক্ষী চকী আৰু চাৰিদুৱাৰ আৰক্ষী থানাৰ মাজৰ অঞ্চলৰ পৰা সঘনাই উদ্ধাৰ হয় আৰু এইটো বৃহৎ অঞ্চল ড্ৰগছ সৰবৰাহৰ এটা কৰিডৰৰ দৰে হৈ পৰিছে৷কিন্তু এই ড্ৰাগছৰ মূল উৎস ক’ত সেয়াহে চিনাক্ত নহয় আৰু এনে মূল উৎসও উৎখাত নোহোৱাত এই জীৱনধ্বংসী দ্ৰব্যৰ সৰবৰাহ আৰু বেহা চলিয়েই আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More