লখিমপুৰত আৰক্ষীক আক্ৰমণকাৰী ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনৰ আত্মসমৰ্পণ

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অৱশেষত ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন ওৰফে বোলায়ত হুছেইনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়৷ যোৱা নিশা বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে আৰক্ষীক আক্ৰমণকাৰী ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনে৷ উল্লেখ্য যে ৬ ছেপ্টেম্বৰৰ সন্ধিয়া ছাদ্দাম হুছেইনক অসামৰিক পোছাকত থকা লালুক হাৰমতী আৰক্ষীৰ এটা দলে ড্ৰাগছৰ সৈতে নিজা ঘৰৰ পৰা কৰায়ত্ত কৰিছিল যদিও সেই সময়ত ছাদ্দামৰ পৰিয়ালে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি মাৰধৰ কৰাৰ লগতে হাৰমতী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ বৰাক হাতত কামুৰি ছাদ্দাম হুছেইনক মোকলাই নিছিল৷ এই ঘটনাৰ লগত জড়িত ৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ ৬ ছেপ্টেম্বৰৰ পৰা পলাতক অৱস্থাত থকা ছাদ্দাম হুছেইনে যোৱা নিশা ১০ বজাত বঙালমৰা আৰক্ষীচকীত আত্মসমৰ্পণ কৰাৰ পিছত বঙালমৰা আৰক্ষীয়ে নিশাই ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক লালুক থানাত চমজাই দিয়ে৷ ইফালে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ২২ জন লোকক আটক কৰাৰ পিছত ইয়াৰে ৬ জনক জেললৈ প্ৰেৰণ কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More