২০২৩ চনত জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনাঃ উদযাপন সমিতিসহ ২৫ খন উপ সমিতি গঠন

0 281

জামুগুৰিহাট: ২৬ জুনঃ দেশৰ একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ এইবেলি ২০২৩ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে । এই উদ্দেশ্যৰে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ নামঘৰ প্ৰাঙ্গণত গাঁওবাসীৰ আতিথ্যত বৃহত্তৰ জামুগুৰিহাটৰ পাচঁ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা । বাৰেচহৰীয়া ভাওনা সমিতিৰ স্থায়ী সভাপতি ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় । চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সভাপতি, ভৱ গোস্বামীক কাৰ্যকৰী সভাপতি আৰু জয়ন্ত বৰাক প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ লগতে ২৫ খন উপ সমিতিও গঠন কৰা হয় । সভাত অংশ গ্ৰহণ কৰি উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকাই কয়- বাৰেচহৰীয়া ভাওনা জামুগুৰিয়া ৰাইজৰ পৰিচয় । বাৰেচহৰীয়া ভাওনাই জামুগুৰিবাসীক বিপদে-আপদে সহায় কৰি আহিছে । মোকো বাৰেচহৰীয়া ভাওনাই সুৰক্ষা দি আহিছে । এই ভাওনাৰ মহত্ত্ব তথা আধ্যাত্মিকতাই জামুগুৰিহাটৰ প্ৰতিজন ব্যক্তিৰ হৃদয় পবিত্ৰ কৰি ৰাখিছে । এইবেলি ভাওনা মহোৎসৱত জামুগুৰিহাটৰ ২১খন বিভিন্ন ধৰ্মীয় সমাজে অংশ গ্ৰহণ কৰিব । ভাওনা মহোৎসৱলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকো আমন্ত্ৰণ জনোৱাৰ চিন্তাচৰ্চা কৰা বুলিও মন্তব্য কৰে । ইয়াৰোপৰি ২৮ কোটি টকাৰে নিৰ্মাণ হৈ থকা বাৰেচহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্পটিও ভাওনাৰ সময়তে উদ্বোধন কৰিব বুলিও জানিবলৈ দিয়ে । ১৭৫৭ চনতে আৰম্ভ হোৱা এই ভাওনা পকামূৰা পথাৰত ১৭ বাৰকৈ অনুষ্ঠিত কৰাৰ পাছত এইবেলি চৰকাৰে পকামূৰা পথাৰৰ মুঠ ৯০ বিঘা মাটি মুঠ ৮ কোটি টকাৰে চৰকাৰী নিৰিখত ক্ৰয় কৰা বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই । বাৰেচহৰীয়া ভাওনাৰ স্থায়ী কমিটিৰ সম্পাদক জয়ন্ত বৰাই আঁত ধৰা সভাখনিত সম্প্ৰতি ৯,৭৭,০৪৫.০০ (ন লাখ সাতসত্তৰ হেজাৰ পঞ্চলিশ )টকা জমা থকা বিষয়ে জানিবলৈ দিয়ে সভাপতি ভৱ গোস্বামীয়ে । সভাপতি গৰাকীয়ে কয়-অহা ৭,৮ আৰু ৯ মাৰ্চত এই ভাওনা মহোৎসৱ অনুষ্ঠিত কৰা হব । এই ভাওনা মহোৎসৱলৈ দেশৰ বহুকেইগৰাকী সামাজিক, সাহিত্যিক, সাংস্কৃতিকক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিক আমন্ত্ৰণ জনোৱা হ’ব । এইবেলি ভাওনা মহোৎসৱত বড়ো, মিচিং, আদিবাসী জনগোষ্ঠীৰ উপৰি ইছলাম ধৰ্মীয় লোক সকলেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে সভাপতি ভৱ গোস্বামীয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More