টেবুল টেনিছ খেলুৱৈৰ অকাল মৃত্যু

মেঘালয়ত ভয়াৱহ দুৰ্ঘটনা

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ এপ্ৰিল : দেশৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন টেবুল টেনিছ খেলুৱৈ তামিলনাডু নিবাসী বিশ্ব দীনদয়ালন (Vishwa Deenadayalan) শ্বিলঙত অনুষ্ঠিত ৮৩সংখ্যক চিনিয়ৰ নেচনেল আৰু আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ অহাৰ বাটত কালি এক পথ দুৰ্ঘটনাত নিহত হয়। ১৮ বছৰীয়া খেলুৱৈজন তেওঁৰ আন তিনিজন সহ-খেলুৱৈৰ লগত গুৱাহাটীৰপৰা শ্বিলঙলৈ এখন সৰু গাড়ীৰে গৈ থাকোতে চাংবাংলাৰ ওচৰত বিপৰীত দিশৰ পৰা অহা এখন বাৰচকীয়া মালবাহী গাড়ীয়ে পথ ডিভাইডাৰৰ সতে মহতিয়াই লৈ যোৱাৰ ফলত উক্ত শোকাৱহ দুৰ্ঘটনাটো ঘটে। Table Tennis Federation of India (TTFI)ই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, গাড়ীখনৰ চালকজন থিতাতে নিহত হোৱাৰ বিপৰীতে দীনদয়ালনক নংপু চিভিল হাস্পতালত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তেওঁৰ দলীয় সতীৰ্থ ৰমেশ সন্তোষ কুমাৰ, অবিনাশ প্ৰাচাঞ্জি শ্ৰীনিবাসন আৰু কিশোৰ কুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আয়োজকসকলে তেওঁলোক তিনিজনক ততালিকে শ্বিলংস্থিত North Eastern Indira Gandhi Regional Institute of Health and Medical Sciences (NEIGRIHMS)ত ভৰ্তি কৰায়। তেওঁলোকৰ স্বাস্থ্যৰ বৰ্তমান অৱস্থা স্থবিৰ বুলি জানিব পৰা গৈছে। দীনদয়ালনত এগৰাকী অত্যন্ত প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ আছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও শাখাৰ তেওঁ আছিল চেম্পিয়ন তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক বিজেতা। অহা ২৭ এপ্ৰিলৰ পৰা অষ্ট্ৰিয়াৰ লিঞ্জত অনুষ্ঠিতব্য WTT Youth Contenderত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল। তামিলনাডুৰ আন্না নগৰস্থিত কৃষ্ণস্বামী টেবুল টেনিছ ক্লাবৰ প্ৰশিক্ষাৰ্থী দীনদয়ালনক শৰথ কমলৰ দৰে বিখ্যাত পেদলাৰেও প্ৰশংসা কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় কেডেট আৰু ছাব-জুনিয়ৰ শাখাৰ চেম্পিয়ন আছিল। লয়লা কলেজৰ বাণিজ্য শাখাৰ ছাত্ৰ দীনদয়ালনে ডেৰাদুনত যোৱা জানুৱাৰীত হৈ যোৱা ১৯ অনুৰ্ধ্ব নেচনেল ৰেংকিং প্ৰতিযোগিতাতো খিতাপ লাভ কৰিছিল।

(ফটো Northeast Todayৰ সৌজন্যত)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More