বিজ্ঞানসন্মত কৃষি-পদ্ধতিৰ প্ৰতি  কৃষকৰ অনীহা কিয়

এক ক্ষেত্ৰভিত্তিক আলোচনা

0 281

মুক্তাৰ আলী

এইবাৰ ফচলৰ দাম বাঢ়িছে। নিশ্চিতভাৱে কৃষকৰ বাবে এটা ভাল খবৰ। যোৱা বৰ্ষত ফচলৰ উৎপাদন অধিক আছিল আৰু তুলনামূলকভাৱে দাম কম আছিল । দুয়োটা কথাই বিপৰীতমুখী । মুদ্ৰাস্ফীতিৰ হাৰ বেছি হ’লে বস্তুৰ মূল্য বাঢ়ি যায়, সেইটো সকলোৱে জানে। কিন্তু ফচলৰ মূল্য বৃদ্ধি আৰু হ্ৰাসৰ লগত এইবাৰ মুদ্ৰাস্ফীতিতকৈ ক্ৰিয়া কৰিছে আন কেতবোৰ কাৰকেহে। থাউকতে সকলোবোৰ উল্লেখ কৰাটো সম্ভৱ নহ’লেও মুখ্য কিছু কাৰকৰ কথা দাঙি ধৰিব খোজা হৈছে ।
স্বীকাৰ কৰিবই লাগিব যে আত্মপ্ৰতিষ্ঠাৰ লক্ষ্যৰে কৃষি-ক্ষেত্ৰলৈ যথেষ্ঠসংখ্যক উচ্চ শিক্ষাৰে শিক্ষিত যুৱক-যুৱতী আগবাঢ়ি আহিছে আৰু তেওঁলোক সফলো হৈছে। সমান্তৰালকৈ একাংশ খেতিয়কে কিন্তু এতিয়াও পৰম্পৰাগত কৃষি-পদ্ধতিকে খামুচি ধৰি ৰখা দেখা গৈছে । ইয়াত আধুনিক খেতিয়ক সকলক সামৰি লোৱা হোৱা নাই। খেতিৰ বাবে প্ৰধান প্ৰয়োজনীয় উপাদানবোৰৰ ভিতৰত পানী অন্যতম । আমাৰ অধিকাংশ কৃষকেই পানীৰ ক্ষেত্ৰত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল । এইবাৰ খাৰিফ খেতিৰ প্ৰাৰম্ভৰপৰাই চ’তৰ মধ্যভাগলৈ প্ৰকৃতিয়ে আশানুৰূপ পানী যোগান নধৰিলে। ফলস্বৰূপে জলসিঞ্চন ব্যৱস্থা নথকা কৃষকসকল ক্ষতিৰ সন্মুখীন হ’ল। নৈ কাষৰীয়া অঞ্চলবোৰত মাহ, সৰিয়হকে আদি কৰি লাওজাতীয় শস্য, বিভিন্ন ধৰণৰ পাচলি আদি উৎপাদন হয় । পানী যোগানৰ অবিহনে উৎপাদন প্ৰক্ৰিয়া আশানুৰূপ নহ’য়। চলিত বৰ্ষত যি অলপ মাহ, সৰিয়হ উৎপাদন হৈছিল তাকে চপাই গোটাই খৰচৰ ধনখিনি কোনোমতে উদ্ধাৰ কৰিলে । বিপৰীতে উৎপাদনমুখী মানসিকতাৰে আগবঢ়া কৃষকসকলে পালে বিক্ৰীৰ উচ্চ হাৰৰ প্ৰেক্ষাপটত বিগত বৰ্ষবোৰতকৈ দ্বিগুণ লাভ। নামনি লখিমপুৰৰ এটা অংশৰ লগতে যোৰহাট, গোলাঘাট আৰু লখিমপুৰৰ সংগমস্থলত আমি ব্যক্তিগতভাৱে চলোৱা এটা সমীক্ষাত দেখা গৈছিল যে অধিকাংশ কৃষকেই আন আন বছৰবোৰৰ দৰে এইবাৰ কৃষি-ক্ষেত্ৰত লাভৰ পৰিৱৰ্তে লোকচানৰ সন্মুখীন হৈছে। যাৰ অন্যতম কাৰণ আছিল অনিৰ্ধাৰিত বতৰৰ স্থিতি। অতিবৃষ্টি, অনাবৃষ্টিৰ ইত্যাদি ।

উল্লেখিত অঞ্চলসমূহত মাহজাতীয় শস্যৰ বাদে অধিকতৰ উৎপাদিত শস্য হল ৰঙালাও । ব’হাগৰপৰা আহাৰলৈকে ৰঙালাও এইবোৰ অঞ্চলত এশ টকাত দহ-বাৰটালৈকে পোৱা গৈছিল । কিন্তু এইবাৰ ন্য়ূনতম মূল্য প্ৰতি কিলোগ্ৰামত বিশ টকা । যিহেতু উৎপাদন তেনেই সীমিত । এই পৰিৱৰ্তনৰ কাৰণ অতিবৃষ্টি আৰু অনাবৃষ্টিৰ লগতে বিজ্ঞানসন্মত কৃষি-পদ্ধতিৰ ওপৰত থকা অনীহা । নৈপৰীয়া কৃষকসকলৰ পৰম্পৰাগত কৃষি পদ্ধতিত অতিবৃষ্টিৰপৰা শস্য ৰক্ষা কৰিবলৈ আচ্ছাদন (জৈৱিক বা ৰাসায়নিক) ব্যৱহাৰ কৰা নহয় । ফলস্বৰূপে নেৰানেপেৰা আৰু দীৰ্ঘসময় বৰষুণ হলে শস্য অনিষ্ট হৈ পৰে। নামনি লখিমপুৰৰ বিভিন্ন অঞ্চলত কেৱল অতিপাত বৃষ্টিপাতৰ ফলতে ফল লগাৰ সময়তে শ শ বিঘা ৰঙালাউ খেতি ভেঁকুৰ আক্ৰান্ত হৈ মৰি যোৱা দেখা গ’ল। তাতোতকৈ উদ্বেগজনক কথাটো হ’ল এই অঞ্চলত যোৱা কেইবাটাও বছৰ ধৰি ভোট জলকীয়া খেতিৰ লগত দুই শতাধিক পৰিয়াল জড়িত হৈ আছিল। জলকীয়া বজাৰত ভোট জলকীয়াৰ চাহিদাৰ বাবেই তেওঁলোকক আৰ্থিকভাৱে একপ্ৰকাৰ টনকিয়াল বুলিব পৰা হৈছিল। কিন্তু এইবাৰ তেওঁলোকৰো সপোন মৰহি আহিল । কাৰণ দীৰ্ঘসময় পানীৰ প্ৰভাৱ সহ্য কৰিব নোৱাৰি প্ৰায়বোৰ গছ মৰহি গ’ল ।

ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে পৰিস্কাৰ হোৱা কেতবোৰ দিশ হ’ল–
* অধিকাংশ খেতিয়কেই আধুনিক কৃষি পদ্ধতিৰ বিষয়ে অৱগত নহয় বা পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তন বিচৰা নাই ।
* খেতিৰ আধুনিক পৰিচৰ্যা সম্পৰ্কেও জ্ঞাত নহয় ।
* সাৰ প্ৰয়োগ আৰু সঠিক ৰোগ নিৰাময় পথ্য সম্পৰ্কে
অৱগত নোহোৱাৰ ফলত ৰোগ নিৰাময়ত ব্যৰ্থ হয় ।
* কৃষি বিভাগৰ দায়িত্বশীল বিষয়াবৰ্গৰ সহযোগিতাৰ অভাৱ বা খেতিয়কসকলো প্ৰায়ক্ষেত্ৰত বিভাগৰ প্ৰতি শ্ৰদ্ধাশীল নহয় ।
* আচ্ছাদন, টোপাল সিঞ্চন ইত্যাদিৰ ধাৰণা বা সুবিধা নাই ।
* চৰকাৰী আঁচনিসমূহ সময়কেন্দ্ৰিকৰূপত প্ৰযোজ্য হোৱা নাই ।
* কৃষকসকলে চৰকাৰী আৱণ্টিত সুবিধাসমূহ ১০-২০% শতাংশ ধন জমা কৰি লোৱাৰ পক্ষপাতি নহয় (সকলো নহয় অধিকাংশ), যেনে সৌৰ বা বিদ্যুত চালিত জলসিঞ্চন ,আচ্ছাদন, সেউজগৃহ, আধুনিক যন্ত্ৰ-পাতি।

কৃষকসকলে হৃদয়ংগম কৰা উচিত যে পৌৰাণিক বা পৰম্পৰাগত কৃষি-পদ্ধতিতকৈ বিজ্ঞানসন্মত আধুনিক কৃষি-পদ্ধতিৰ জৰিয়তে উৎপাদন বৃদ্ধিৰ লগে লগে আত্মপ্ৰতিষ্ঠাও লাভ কৰিব পাৰি । কৰিব লাগে বাবেই খেতি কৰি উপযুক্ত পৰিচৰ্যা নকৰিলে আজিৰ যুগত উৎপাদন আশা কৰিব নোৱাৰি। পৰিৱেশ প্ৰদূষণ, অবাধ বন ধ্বংসকে কেন্দ্ৰ কৰি অলেখ কাৰণত হোৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বতৰৰ সঘন পৰিৱৰ্তন এতিয়া সহজ কথালৈ ৰূপান্তৰ হৈছে । গতিকে সম‌য়ৰ লগত খোজ মিলাই কৃষি-পদ্ধতিতো পৰিৱৰ্তন আনিব লাগিব। তদুপৰি চৰকাৰ আৰু কৃষি বিভাগেও কৃষকসকলক হাতে কামে সহায় কৰিবলৈ আগবাঢ়ি অহা উচিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More