অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা

0 28

গুৱাহাটী,৩০ নৱেম্বৰ : অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষ ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই সামাজিক আৰু বিত্তীয় শাখাৰ অধীনত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত কাউন্সিল ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্ট (চি এছ ডি ডি), ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন (ডি ই এফ) আৰু নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত গুৱাহাটীত অষ্টম ই-নৰ্থ ইষ্ট এৱাৰ্ড ২০২৩ অনুষ্ঠিত হয় । ই-নৰ্থ ইষ্ট বঁটাৰ জৰিয়তে ২০১০ চনৰ পৰা ভাৰতৰ উত্তৰ-পূব অঞ্চলত বহনক্ষম উন্নয়নৰ বাবে উদ্ভাৱনীমূলক ডিজিটেল সমাধানক স্বীকৃতি আৰু প্ৰচাৰ কৰি আহিছে। ২০১৫ চনত আৰম্ভ হোৱাৰ পৰাই ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই অসমৰ নাৰীক উন্নীতকৰণৰ এক অভিযানত নামি আহিছে, আৰু ইয়াৰ প্ৰকল্প শাশাক্ত মহিলা (ShashaktMahila ) আৰু শাশাক্তবালিকা (ShashaktBalika)ই এই লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসম ডন বস্ক’বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ এপ্লিকেচন বিভাগৰ সহযোগী অধ্যাপক ড° জিপ্সী নন্দীৰ নেতৃত্বত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট এৱাৰ্ড বিজয়ী হিচাপে স্বীকৃতিয়ে সীমাবদ্ধতা ঠেলি দি ইতিবাচক পৰিৱৰ্তনৰ নতুন পথ অন্বেষণ কৰি যাবলৈ প্ৰেৰণা হিচাপে কাম কৰে বুলি জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More