শতবৰ্ষত ভৰি দিলে চৰকাৰী ৰঙা গাড়ীত ”দৌৰি থকা গঁড়”ৰ স্ৰষ্টা চৌকত আলীয়ে

0 48

চলচ্চিত্ৰ অভিনেতা, প্ৰখ্যাত ফুটবল, হকী খেলুৱৈ, আলোকচিত্ৰ শিল্পী, প্ৰসিদ্ধ মাউথ অৰ্গেন বাদক, ফুল পালক চৌকত আলীক এশবছৰীয়া ওপজা দিনৰ সম্বৰ্ধনা তেজপুৰ জন সাংস্কৃতিক পৰিষদৰ 

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ:৩০ নবেম্বৰ : অসম ৰাজ্যিক পৰিবহণ নিগমৰ ”দৌৰি থকা গঁড়”ৰ প্ৰতীক চিহ্ন অংকন কৰা তেজপুৰৰ প্ৰসিদ্ধ চিত্ৰশিল্পী চৌকত আলীয়ে শত বৰ্ষত ভৰি দিলে। প্ৰসিদ্ধ চিত্ৰশিল্পীয়েই নহয় “মাটিৰ স্বৰ্গ”, “স্মৃতিৰ পৰশ”, “সৰাপাত”, “নিমিলা অংক”,আৰু বাংলা ছবি “মান ৰক্ষা”ৰ এসময়ৰ দক্ষ অভিনেতা, ১৯৪৩ চনতে গুৱাহাটী মহাৰাণা এথলেটিকছ ক্লাবৰ সদস্য হোৱা, একে চনৰে পৰা মহাৰাণা ক্লাবৰ ফুটবল খেলৰ সুদক্ষ গ’লকীপাৰ হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা, ১৯৪৪ চনৰ পৰা ১৯৪৬ চনলৈ তেজপুৰত হকী দল গঠন কৰি নেতৃত্ব প্ৰদান কৰা, ১৯৪৮ চনত সৰ্বভাৰতীয় ফুটবলৰ প্ৰতিনিধিত্ব কৰা, বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, ১১ টাকৈ বাঘ নিধন কৰা এসময়ৰ প্ৰখ্যাত চিকাৰী, প্ৰসিদ্ধ মাউথ অৰ্গেনবাদক, বিশিষ্ট আলোকচিত্ৰ শিল্পী আৰু বিখ্যাত ফুলৰ বাগিছা গঢ়ি তোলোতা বহুমুখী প্ৰতিভাধৰ চৌকত আলীৰ এশ সংখ্যক ওপজা দিনটো ২৪ নৱেম্বৰত তেজপুৰ জন সাংস্কৃতিক পৰিষদে অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত আয়োজন কৰে এক মধুৰ অনুষ্ঠানৰ। এই অনুষ্ঠানতে জন সাংস্কৃতিক পৰিষদে প্ৰসিদ্ধ শিল্পীগৰাকীক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে জন সাংস্কৃতিক পৰিষদৰ উদ্যোগত সমাজকৰ্মী ৰুবুল শৰ্মাই সম্পাদনা কৰা “গুণাকৰ চৌকত আলী” শীৰ্ষক এখন অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয়। তেজপুৰ জন সাংস্কৃতিক পৰিষদৰ সভাপতি, বিশিষ্ট লেখিকা, কবি ৰাজু বৰুৱাৰ পৌৰোহিত্যত সম্পাদক স্বপন মজুমদাৰে আঁত ধৰা এই বিশেষ অনুষ্ঠানটি আৰম্ভ হয় দৰংমহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ শিক্ষাৰ্থী এনিশা কাশ্যপ আৰু দ্বিপশিখা কলিতাৰ এটি আবৃত্তিৰে। তেজপুৰৰ বিদ্বৎ সমাজৰ উপস্থিতিত আৰু বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ইৰশ্বাদ আলী, তেজপুৰৰ জ্যেষ্ঠ আইনজ্ঞ তথা ক্ৰীড়া সংগঠক ইস্কে আলম আৰু উন্মোচক ৰূপে অংশ গ্ৰহণ কৰা বিশিষ্ট লেখিকা সংগীতা ফুকনে বিশেষ আসন শুৱনি কৰা অনুষ্ঠানটিত ইয়াৰ পিছতেই আদৰণী ভাষণ আগবঢ়াই সভাপতি ৰাজু বৰুৱাই প্ৰসিদ্ধ শিল্পী গৰাকীৰ বিভিন্ন দিশৰ প্ৰতিভা সমূহ সদৰী কৰে। শতবৰ্ষত ভৰি দিয়া চৌকত আলী দেৱক তেজপুৰ জন সাংস্কৃতিক পৰিষদৰ তৰফৰ পৰা গামোচা, ফুলৰ থোপা, শৰাইৰে ওপজা দিনৰ ওলগ জ্ঞাপন কৰাৰ পিছতেই অতিথিদ্বয়ৰ লগতে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতি আৰু বিশিষ্ট নাট্যকাৰ – পৰিচালক ঐশ্বৰ্য্য কাকতিৰ জৰিয়তে উন্মোচক হিচাপে উপস্থিত থকা বিশিষ্ট লেখিকা সংগীতা ফুকনে চৌকত আলীৰ সোঁৱৰণী গ্ৰন্থ “গুণাকৰ চৌকত আলী” উন্মোচন কৰে। মনোজ্ঞ তথা মধুৰ অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ইৰশ্বাদ আলীয়ে ১৯৬৪ চনত মঙলদৈ চৰকাৰী হাইস্কুলত চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতেই তেতিয়া অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত চৌকত আলীয়ে ৰঙা ৰঙৰ পৰিবহন নিগমৰ গাড়ীত গঁড়ৰ চিত্ৰ অংকন কৰি থাকোতে লগ পোৱাৰ এক মধুৰ স্মৃতি ৰোমন্থন কৰি কয় – সুন্দৰ ছবি অঁকা মানুহজনৰ নাম কি জানিবলৈ সোধাত গঁড়ৰ ছবিৰ তলতেই তেওঁৰ নাম লিখা আছে বুলি কৈছিল আৰু তেতিয়া নামটো জানিছিলোঁ বুলি কৈ পৰৱৰ্তী সময়ত এইগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰীৰ কথা তেজপুৰলৈ যাওঁতে অৱগত হোৱাৰ কথা সদৰী কৰে। আনহাতে “গুণাকৰ চৌকত আলী” শীৰ্ষক গ্ৰন্থখনৰ উন্মোচক হিচাপে উপস্থিত থকা বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সংগীতা ফুকনে আকস্মিক ভাৱে এইগৰাকী দক্ষ ক্ৰীড়াবিদ আৰু বহুমুখী প্ৰতিভাৰ গৰাকীৰ বিষয়ে জানিব পাৰি প্ৰয়াত হোমেন বৰগোহাঞি সম্পাদিত “আমাৰ অসম” কাকতত এটা লেখা প্ৰকাশ কৰাৰ স্মৃতি আৰু সেই লেখাৰ সন্দৰ্ভত বিভিন্নজনৰ উৎসাহজনক মন্তব্যৰ উপৰি সেই লেখাৰ পিছতেই অসম চৰকাৰে চৌকত আলী ডাঙৰীয়াক এককালীন ক্ৰীড়া পেন্সন প্ৰদান কৰিছিল বুলি কৈ তেওঁৰ প্ৰতিভাই আজিও নিজকে অনুপ্ৰাণিত কৰি আহিছে বুলি মন্তব্য কৰে। অনুষ্ঠানটিৰ আন এগৰাকী বিশিষ্ট অতিথি, জ্যেষ্ঠ আইনজ্ঞ তথা বিশিষ্ট ক্ৰীড়া সংগঠক ইস্কে আলমে চৌকত আলীৰ তেজপুৰৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ থকা বিভিন্ন অৱদান স্মৰণ কৰি ফুটবল খেলৰ সমান্তৰাল ভাৱে হকী খেল শুভাৰম্ভ আৰু সাঁতোৰৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল বুলি কয়। অনুষ্ঠানটিত বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য , বিশিষ্ট চিত্ৰশিল্পী হৰিনাৰায়ণ দাস আৰু পৰিয়ালৰ তৰফৰ পৰা নাতি নাছিমে আলমে চৌকত আলীৰ বহুমুখী প্ৰতিভা আৰু জীৱন – দৰ্শনৰ ওপৰত ওলগনি মূলক ভাষণ প্ৰদান কৰে।উল্লেখ্য যে অনুষ্ঠানত এশ বছৰত ভৰি দিয়া পুৰোধা ব্যক্তিত্ব চৌকত আলীক ব্যক্তিগতভাৱে বহুজনে ওপজা দিনৰ ওলগ জ্ঞাপন কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেজপুৰৰ গহন চন্দ্র গোস্বামী সোঁৱৰণী উদ্যান সমিতিয়েও বিশেষ ভাৱে ওলগ জ্ঞাপন কৰাৰ পিছত দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ কানেৰে কম শুনা আৰু কিছু পৰিমাণে স্মৃতি বিভ্ৰম হোৱা প্ৰবীণ শিল্পী – ক্ৰীড়াবিদ গৰাকীয়ে নিজৰ অনুভৱ সদৰী কৰি মোৰ আজি বৰ ভাল লাগিছে বুলি কৈ অতীতৰ স্মৃতি ৰোমন্থনৰ প্ৰয়াস কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More