তেজপুৰত কেন্সাৰ ৰোগীৰ বাবে “প্ৰকল্প সৌন্দৰ্য” 

ডা০ ভেংকট প্ৰদীপ বাবুৰ "প্ৰকল্প খিছিৰি" ৰ পিছত "প্ৰকল্প সৌন্দৰ্য" লৈ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সহযোগিতা

0 63

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ২৩ ছেপ্তেম্বৰ : দেশৰ কৰ্কট ৰোগী সকলৰ কল্যাণৰ অৰ্থে বিগত সময়ত বিভিন্ন কল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰি বদান্যতাৰ পৰিচয় দি অহা আৰু বৰ্তমানে তেজপুৰৰ কেন্সাৰ কেয়াৰ ফাউনণ্ডেশ্বনত জড়িত হৈ থকা বিশিষ্ট চিকিৎসক ডাঃ ভেংকট প্ৰদীপ বাবু আৰু তেজপুৰ শিশু কল্যাণ পৰিষদৰ সভানেত্ৰী, বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ বিশেষ তৎপৰতাত কালি কৰ্কট ৰোগী সকলৰ বাবে সেৱামূলক প্ৰকল্প “প্ৰকল্প সৌন্দৰ্য্য” আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হয় তেজপুৰৰ নিকটৱৰ্তী টুমুকীৰ “আছাম কেন্সাৰ কেয়াৰ ফাউনণ্ডেশ্বন”ৰ প্ৰেক্ষাগৃহত।এই শুভাৰম্ভণি অনুষ্ঠানটিত ভাৰতীয় শিশু কল্যাণ পৰিষদৰ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে উপস্থিত থাকে আছাম কেন্সাৰ কেয়াৰ ফাউনণ্ডেশ্বনৰ সৈতে জড়িত চিকিৎসক ক্ৰমে – লে:কৰ্ণেল ডা০ সঞ্জীৱ হাজৰিকা, ডা০ দেৱৰাজ কলিতা, ডা০ সুভাষ নাড্ৰা, ডা০ সঞ্জীৱ কুমাৰ গুপ্ত, ডা০ কৃষ্ণপ্ৰিয়া বেনাৰ্জী আৰু ডা০ তুলতুল মুখাৰ্জী। উল্লেখ্য যে শুভাৰম্ভণি অনুষ্ঠানটিত আটাইকেইগৰাকী চিকিৎসকে কৰ্কটৰোগী সকলৰ মানসিক অৱস্থা সন্তোলিত কৰি ৰখাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই। উল্লেখ্য যে, কৰ্কট ৰোগত আক্ৰান্ত ৰোগী সকলৰ কেমোথেৰাপী বা ৰেডিয়েশ্যন থেৰাপীৰ পিছত চুলিবোৰ সৰিবলৈ আৰম্ভ কৰে। ফলত বিশেষকৈ মহিলা সকলৰ বেছিভাগেই হীনমন্যতাত ভোগে। আন মানুহৰ সন্মুখত ওলাবলৈ বা বাছ বা অন্য পৰিবহণ ব্যৱস্থাৰে যাত্ৰা আদি কৰিবলৈ অসুবিধা পায়। ৰোগী সকলে মানসিক পীড়াত ভূগিবলৈ আৰম্ভ কৰে। বহুতো ৰোগীয়ে আনকি পৰৱৰ্তী সময়ত গ্ৰহণ কৰিব লগা চিকিৎসালৈও পিঠি দিয়া পৰিলক্ষিত হয়। এনে কাৰণতে বহুতে অকালতে মৃত্যুকো আকোৱালি ল’ব লগা হয়। এই কথাবোৰে বিশিষ্ট চিকিৎসক ডাঃ ভেংকট প্ৰদীপ বাবুক চিন্তিত কৰি তোলে আৰু চিকিৎসক গৰাকীয়ে এই পীড়া উপশমৰ বাবেই উইগছ্ বেংকৰ কথা চিন্তা কৰি আন এগৰাকী বিশিষ্ট চিকিৎসক ডাঃ লক্ষ্মী গোস্বামীক অৱগত কৰে। ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সভানেত্ৰী আৰ্ত আৰু দুৰ্গত লোকৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা ডা০ লক্ষ্মী গোস্বামীৰ পৰা এই ক্ষেত্ৰত সঁহাৰি লাভ কৰাৰ পিছতেই ডা০ ভেংকট প্ৰদীপ বাবুৱে “প্ৰকল্প সৌন্দৰ্য্য” শীৰ্ষক কাৰ্যসূচীৰ কথা চিন্তা কৰি নাট্ কো চি এছ আৰ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ সৈতে যোগাযোগ কৰি তিনিলাখ টকাৰ অনুদান লাভ কৰাৰ পিছত তেজপুৰৰ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ জড়িয়তে এই প্ৰকল্প আৰম্ভ কৰি কালি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। উল্লেখ্য যে শুভাৰম্ভণি অনুষ্ঠানটিতে তেজপুৰ কেন্সাৰ কেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মহিলা ৰোগী সকলক একোটিকৈ উইগ প্ৰদান কৰে শিশু কল্যাণ পৰিষদৰ সদস্যা সকলে ।সদস্য বিনু ভূঞাই এনে ৰোগীসকলৰ সেৱাৰ বাবে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰৰ শাখা সদা প্ৰস্তুত বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে, মানৱ দৰদী চিকিৎসক ডাঃ ভেংকট প্ৰদীপ বাবুৱে ইয়াৰ পূৰ্বেও নিজৰ ধনেৰেই মহিলা কৰ্কট ৰোগী সকলক প্ৰায়েই বিভিন্ন সময়ত উইগ প্ৰদান কৰি অহাই নহয় তেওঁৰ নিজা “প্ৰকল্প খিচিৰি” ৰ জড়িয়তে কৰ্কট ৰোগী সকলক সুষম আৰু পুষ্টিকৰ আহাৰৰ ব্যৱস্থা কৰি অহাই নহয় চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতো নজিৰবিহীন দৃষ্টান্ত দাঙি ধৰি আহিছে । ডা০ দেৱৰাজ কলিতাৰ বিশেষ সহযোগত এই “প্ৰকল্প খিচিৰি” ৰ জড়িয়তে তেজপুৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কৰ্কট ৰোগী আৰু অভিভাৱক সকলক বিনামূলীয়াকৈ খিচিৰি যোগান ধৰি আহিছে। উল্লেখ্য যে কেমোথেৰাপী বা ৰেডিয়েশ্যন থেৰাপীৰ পিছত যিকোনো লোকৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা যিহেতু কমি আহে সেয়েহে যিকোনো সস্তীয়া হোটেলৰ আহাৰতকৈ শাক পাচলিৰে পূৰ্ণ সুষম আৰু পুষ্টিকৰ আহাৰৰ যথেষ্ট প্ৰয়োজন হয়। এই “প্ৰকল্প খিচিৰি” ৰ জড়িয়তে এনে খাদ্যৰ বিনামূলীয়াকৈ যোগান ধৰি ইতিমধ্যে মহানুভৱতাৰ পৰিচয় দি দেশৰ বিভিন্ন প্ৰান্তত বন্দিত হোৱা চিকিৎসক গৰাকীৰ তৎপৰতাতে আন এগৰাকী দীঘলীয়া সময়ৰ কৰ্কট ৰোগী ডা০ লক্ষ্মী গোস্বামীৰ জড়িয়তে আন এটা মহৎ কাৰ্য “প্ৰকল্প সৌন্দৰ্য্য” ৰ শুভাৰম্ভ হোৱাতো বৰ্তমানৰ বহু ঋণাত্মক খবৰ মাজত এক ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More