সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি

0 68

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ কেবা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বা বাতৰিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সৰব হৈ থকা বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ আচাৰ্যৰূপে সমুদ্ৰগুপ্ত কাশ্যপৰ নিযুক্তিত ৰাষ্ট্ৰপতিয়ে আজি অনুমোদন জনায়। উল্লেখ্য যে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আইনখন পৃথক বাবে তাৰ পদৰ নাম আৰু মৰ্যাদাও বেলেগ। সেয়ে কাশ্য়পৰ পদ উপাচাৰ্য নহৈ আচাৰ্যহে। দীৰ্ঘদিন ধৰি ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি হিচাপে সাংবাদিকতা কৰা সমুদ্ৰগুপ্ত কাশ্যপে সম্প্ৰতি অসমৰ মুখ্য লোক তথ্য আযুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে যদিও এই মাহৰ শেষত তেঁওৰ কাৰ্যকাল উকলিব। তেনে সময়তে কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়াটো এজন অসমীয়াৰ বাবে নিতান্তই এক ইতিবাচক খবৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More