অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন নৃত্য – গীত, কবিতা আবৃত্তি, একক অভিনয়েৰে মুখৰিত তেজপুৰ সাহিত্য সভা ভৱন

তেজপুৰত সঁফুৰা বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা শতাধিক শিক্ষাৰ্থীক মানপত্ৰ আৰু মাননি প্ৰদান

0 14

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ২৫ ছেপ্তেম্বৰ : তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ উদ্যোগত বিগত সময়ত অনুষ্ঠিত হৈ যোৱা “সঁফুৰা বৃত্তি পৰীক্ষা” ৰ মানপত্ৰ আৰু মাননি প্ৰদানৰ তেজপুৰ সাহিত্য সভা ভৱনত কালি বিয়লিৰ পৰা অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ একক অভিনয়, সত্ৰীয়া নৃত্য, সৃজনশীল নৃত্য, বৰগীত পৰিৱেশন আৰু কবিতা আবৃত্তি, গীটাৰ বাদনৰ মনোৰম পৰিৱেশে জীপাল কৰি তোলে। ডেৰ শতাধিক শিক্ষাৰ্থীক মানপত্ৰ আৰু মাননি প্ৰদান কৰা অনুষ্ঠানটি আৰম্ভ হয় শিক্ষাৰ্থী জ্ঞানম মহন্তৰ বৰগীতেৰে ।অৰিন্দম নাট্য বিদ্যালয়ৰ সভাপতি পংকজ বৰুৱাৰ পৌৰোহিত্যত অধ্যক্ষ তথা নাট্যকাৰ – পৰিচালক দিগন্ত কুমাৰ ভূঞাই উদেশ্যে ব্যাখ্যা কৰা আৰু শিক্ষয়িত্ৰী তথা অভিনেত্ৰী চিমী গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত শিশু নাট্যকাৰ তথা তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথে কেবাগৰাকীও শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰি আগবঢ়ো ভাষণত শিশুসকলৰ সামগ্ৰিক উত্তৰণৰ ক্ষেত্ৰত অভিভাৱকসকলৰ লগতে সমাজৰ জ্যেষ্ঠসকলৰ কৰণীয় যথেষ্ট আছে বুলি কৈ অৰিন্দম নাট্য বিদ্যালয়ে এই দিশত আশাব্যঞ্জক পদক্ষেপ গ্ৰহণ কৰি থকাটো সমাজ আৰু সংস্কৃতিৰ বাবে শুভ ফলদায়ক বুলি কয়। দৃষ্টিনন্দন নৃত্য – গীতৰ মাজত অনুষ্ঠানটিত একাংশ শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰি তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যই শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত ভাৰতীয় প্ৰান্তীয় ভাষাত প্ৰথম নাট্য পৰম্পৰাৰ সৃষ্টি কৰা মহাপুৰুষ শঙ্কৰদেৱৰ আবিৰ্ভাৱ তিথিৰ দিনটোত শিশুসকলক উৎসাহ প্ৰদানৰ উদ্দেশ্যে অনুষ্ঠিত অনুষ্ঠানটিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি মন্তব্য কৰে ।আনহাতে ‘সঁফুৰা’ শব্দটোৱেই স্মৃতিকাতৰ বুলি মন্তব্য কৰি বৰ্তমান শিশুসকলৰ মনস্তাত্বিক চেতনা উদ্ভাসিত কৰা আৰু প্ৰতিভা প্ৰসাৰিত কৰাৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত হৈ পৰিছে আৰু এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আমি সকলোৱে প্ৰয়াস কৰা উচিত বুলি মত প্ৰকাশ কৰে। নাট্য শিক্ষাৰ জৰিয়তে চৌষষ্ঠী কলাক স্পৰ্শিব পাৰি বুলি মন্তব্য কৰি ভট্টাচাৰ্য্যই পঞ্চম শতিকাৰ ডুবি তাম্ৰশাসনখনত নাট্যশাস্ত্ৰৰ শিক্ষা প্ৰদানৰ পৰম্পৰা প্ৰাচীন অসমত প্ৰচলিত থকাৰ প্ৰত্নতাত্বিক সাক্ষ্যৰ কথাও সদৰি কৰে। আনহাতে অৰিন্দম নাট্য বিদ্যালয়ৰ উপদেষ্টা তথা দৰংমহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ জ্যোৎস্না শৰ্মা বেজবৰুৱাৰ লগতে তেজপুৰ সাহিত্য সভাৰ সভাপতি তথা হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমেশ চন্দ্ৰ কলিতা, অৰিন্দম নাট্য বিদ্যালয়ৰ সভাপতি পংকজ বৰুৱা, জ্যেষ্ঠ সাংবাদিক ৰাজ কুমাৰ মহন্তইও একাংশ শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা অনুষ্ঠানটিত “অৰিন্দম নাট্য বিদ্যালয়” ৰ সভাপতি তথা “অকণিৰ সাহিত্য সভা”ৰ সভাপতি পংকজ বৰুৱাই ভাষণ আগবঢ়াই নিজৰ সন্তানক অকল পৰীক্ষাত নম্বৰ লাভ কৰা প্ৰতিযোগিতাতে ব্যস্ত নাথাকি অভিভাৱক সকলক আন আন দিশৰ সুকুমাৰ কলা বা প্ৰতিভা সমূহ চিনাক্ত কৰি সেই দিশতো আগবঢ়াই নি এগৰাকী মূল্যবোধ সম্পন্ন প্ৰকৃত মানুহ হোৱাৰ পথত প্ৰশস্ত কৰিবলৈ আহ্বান জনায় ।বৰ্তমানৰ অভিভাৱক সকলে নিজৰ সন্তানে ৯৯ শতাংশ নম্বৰ লাভ কৰিলেও সন্তোষ্ট নোহোৱা মানসিকতা পৰিহাৰ কৰি এগৰাকী সুস্থ নাগৰিক হোৱাৰ দিশেৰে নিজৰ নিজৰ সন্তানক আগবঢ়াই নিবলৈ পৰামৰ্শ আগবঢ়ায়। অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষক অমৰজ্যোতি বৰা, চিমী গোস্বামীয়েও একাংশ শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰ সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ কলিতাই ভাষণ আগবঢ়াই ধনৰ অভাৱত কেতিয়াও সুপ্ত প্ৰতিভা লুকাই নেথাকে বুলি কৈ মাতৃভাষা শুদ্ধকৈ আয়ত্ব কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটিত অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী মুক্তাৱলী মহন্তৰ সত্ৰীয়া নৃত্য, অভিপ্ৰীয়া গোস্বামীৰ আধুনিক গীত, কৃষ্টি বৰাৰ একক অভিনয়, কামাক্ষী ডেকাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত নৃত্য, হামশিখা গগৈ আৰু চানবী স্বৰ্ণা শইকীয়াৰ কবিতা আবৃত্তি, নিয়ৰ শইকীয়াৰ কবিতা আবৃত্তি, য়ামিন ফাৰহান আহমেদৰ গীতাৰ বাদন, বাৰ্বী গগৈৰ সৃজনশীল নৃত্য, কৃষ্টি বৰা, ঋত্তিক বৰাৰ সৃজনশীল নৃত্য আদিয়ে উপস্থিত লোক সকলক বাৰুকৈয়ে আপ্লুত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More