মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপনৰ ৯ মাহেও আৰম্ভ নহ’ল সোৱণশিৰিৰ ঘূনাসুঁতি দলঙৰ নিৰ্মাণ

প্ৰতিক্ৰিয়াঃ কোনো শুনিব ঘূনাসুঁতিবাসীৰ বিননি?

0 57

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ ২০২২ চনৰ ১৬ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘূনাসুঁতিলৈ আহি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বহু প্ৰতিক্ষিত ঘূনাসুঁতি দলংখনৰ নিৰ্মাণ কাৰ্য ডেৰ মাহৰ ভিতৰত আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু ডেৰ মাহ বাদেই সম্পূৰ্ণ ৯টা মাহ উকলি যোৱাৰ পিছতো লখিমপুৰ-ঘূনাসুঁতিবাসীৰ সপোনৰ সোৱণশিৰি দলঙৰ কোনো কামেই আৰম্ভ নহ’ল৷ যাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত মুখ্যমন্ত্ৰীৰ আশ্বাসক মিথ্যাচাৰ আখ্যা দিবলৈ ধৰিছে স্থানীয় ৰাইজে৷ সোৱণশিৰি নদীৰ ওপৰত ঘাগৰ-ঘূনাসুতি ঘাটত এখন পকী দলং হ’ব বুলি ৰাইজে বহু আশাৰে অপেক্ষা কৰি আহিছে যদিও মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি দলংখনৰ নিৰ্মাণৰ কোনো কাৰ্য এই পৰ্যন্ত স্থানীয় ৰাইজে দেখিবলৈ নাপালে৷ অতি বিপদসংকুল ভাৱে ঘূনাসুঁতিবাসীয়ে বাৰিষা-খৰালি নদীৰ ঘাটেৰে মৰণত শৰণ দি পাৰাপাৰ হৈ আহিবলগা হৈছে৷ বহু সময়ত ৰোগীয়ে লখিমপুৰ সদৰত থকা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অহাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ বাৰিষা প্ৰায়ে সোৱণশিৰিত নাও দুৰ্ঘটনা হৈ বিভিন্নজনে অকালতে প্ৰাণ হেৰুৱাই আহিবলগা হৈছে৷ ৰাইজে বহু আশাৰে ঘূনাসুঁতি দলংখন হ’ব বুলি বাট চাই থকাৰ সময়তে বিভাগীয় কতৃৰ্পক্ষই কেৱল মাটি পৰীক্ষাৰ নামতে ৯ মাহ কাল পাৰ কৰা কাৰ্যই স্থানীয় ৰাইজক ক্ষোভিত কৰি তুলিছে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীজনে ঘূনাসুঁতিলৈ আহি এই দলংখনৰ আধাৰশিলাও স্থাপন কৰিছিল৷ সেইদিনা তেওঁ জিলাখনৰ বহুকেইটা পথ, দলঙৰ আধাৰশিলা ঘূনাসুঁতিৰ পৰাই ভাৰ্চুৱেলি মুকলি কৰিছিল৷ ঘূনাসুঁতি দলঙৰ জৰীপৰ নামত কেবামাহ অতিক্ৰম কৰাৰ পিছত উক্ত স্থানত ঘূনাসুঁতি দলং নিৰ্মাণ হ’বনে বুলিও ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে৷ এইক্ষেত্ৰত স্থানীয় বিধায়ক মানৱ ডেকাৰ হেমাহীকো ৰাইজে তীব্ৰ সমালোচনা কৰিছে৷ উল্লেখ্য যে ঢকুৱাখনা, বেবেজিয়া, ঘূনাসুঁতি, মাজুলী আদিৰ হাজাৰ হাজাৰ লোকে দৈনিক সোৱণশিৰি নদীৰ এই ঘাগৰ-ঘূনাসুঁতি ঘাটত অতি বিপদ সংকুল ভাৱে নাৱেৰে পাৰাপাৰ হৈ আহিব লগা হয়৷ ঘূনাসুঁতিৰ কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী, পথচাৰী সকলে নিতৌ এই ঘাটেৰে পাৰাপাৰ হৈ লখিমপুৰ নগৰৰ লগত যোগসূত্ৰ ৰাখিব লগা হয়৷ তেনেদৰে লখিমপুৰ দিশৰ পৰাও শ শ ব্যৱসায়ীৰ লগতে ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্ৰীয়ে বাৰিষা খৰালি ঘাগৰ-ঘূনাসুঁতি ঘাটত নাৱেৰে মৰণত শৰণ দি পাৰাপাৰ হৈ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিব লগা হৈছে৷ তেনে এখন গুৰুত্বপূৰ্ণ দলঙৰ বাবে ঘূনাসুঁতি বাসীয়ে দীৰ্ঘদিন ধৰি চৰকাৰক দাবী জনাই অহাৰ পিছত মুখ্যমন্ত্ৰীয়ে এই পকী দলংখনৰ আধাৰশিলা স্থাপন কৰাৰ পিছতো দলঙৰ নিৰ্মাণ কাৰ্য অদ্যপি আৰম্ভ নোহোৱাতো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More