আছুৰ অষ্টাদশ অধিবেশনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা

0 41

মাননীয় সম্পাদক মহোদয়,

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ ৰাজ্যিক অধিৱেশন অহা ২১,২২ আৰু ২৩ নবেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হ’ব বুলি জানিব পাৰিছো । এই অধিৱেশনখনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা কৰে যেন। বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে সময়ে অংশ গ্রহণ (অফলাইন/অনলাইন) কৰি আৰু প্ৰত্যেক শনিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) যোগেদি বিনামূলীয়াকৈ কেৰিয়াৰ বিভিন্ন বিষয়ৰ প্ৰশ্নবোৰ উত্তৰ দি এটা কথা জানিব পাৰিছো যে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিভিন্ন বিষয়ত অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰি সেই বিষয়ে প্রায়বোৰ শিক্ষার্থীয়ে জ্ঞাত নহয় । এই বিষয়টোৰ প্রতি লক্ষ্য ৰাখি সদৌ অসম ছাত্র সন্থাই বিশেষ পদক্ষেপ গ্রহণ কৰিব পাৰে। সদৌ অসম ছাত্র সন্থাৰ বিভিন্ন শাখা , যেনে- আঞ্চলিক, মহকুমা তথা জিলা শাখাবোৰে বিভিন্ন উপলক্ষে আয়োজন কৰা সকলো অনুষ্ঠানতে বিভিন্ন কাৰ্যসূচীৰ লগতে ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ আয়োজনৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে আৰু বিভিন্ন অধিৱেশনৰ স্মৃতিগ্ৰন্থসমূহত অন্যান্য লেখাসমূহৰ লগতে কেৰিয়াৰ বিষয়ৰ লেখা প্ৰকাশত গুৰুত্ব দিলে শিক্ষাৰ্থীসকল উপকৃত হ’ব ৷ লগতে সদৌ অসম ছাত্র সন্থাই আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানসমূহত কেৰিয়াৰ সম্পৰ্কীয় গ্রন্থ উপহাৰ দিলে শিক্ষার্থীসকল লাভৱান হ’ব। আশা কৰিছো সদৌ অসম ছাত্র সন্থাৰ অষ্টাদশ অধিৱেশনখনত এই কথাবোৰ আলোচনা কৰি প্ৰস্তাৱ গ্রহণ কৰিব ।

ড° বুলজিৎ বুঢ়াগোহাঁই,

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: [email protected]

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More