পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এ টি এলৰ সৌজন্যত জ্ঞান মেলা

0 60

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ আগষ্টঃ লখিমপুৰ জিলাৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অটল টিংকাৰিং পৰীক্ষাগাৰৰ সৌজন্যত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আজি জ্ঞান মেলা অনুষ্ঠিত হয়। অটল টিংকাৰিং পৰীক্ষাগাৰৰ অত্যাধুনিক প্ৰযুক্তিৰে ছাত্ৰ ছাত্ৰী সকলে সমন্বয়ক ভৃগু প্ৰসাদ শৰ্মাৰ তত্বাৱধানত বিজ্ঞানৰ সৃজনশীল প্ৰকল্প প্ৰস্তুত কৰাৰ লগতে সমাজ বিজ্ঞান, গণিত ভাষা আৰু সংস্কৃতিৰ ওপৰতো এইবাৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষয়িত্ৰী বিস্মৃতা বৰা, চিমি দত্ত ভূঞা, শ্যামলী ভূঞা, বিজু দত্ত, অনিমা শইকীয়া, ৰেণু নেওগ, প্ৰণশ্ৰী ৰাজখোৱা, স্বপ্না দত্ত শিক্ষক টিকেন্দ্ৰজিৎ সোনোৱালৰ তত্বাৱধানত ৪৫ টা প্ৰকল্প প্ৰস্তুত কৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষা জিনা ভূঞাই বন্তি প্ৰজ্বলনৰে শুভাৰম্ভণি কৰা প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে কেন্দ্ৰসমল সমন্বয়ক সুনিল গগৈ আৰু ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দুলাল দত্ত। কেইবাটাও বিভাগত ৯০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত স্থান প্ৰাপ্ত সকলৰ লগতে অংশ গ্ৰহণ কৰা সকলোকে অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। শিক্ষয়িত্ৰী ভাগ্যমায়া দেৱীয়ে সঞ্চালনা কৰা বঁটা বিতৰণী অনুষ্ঠান আঁত ধৰে বেদান্ত হাজৰিকা আৰু বসন্ত ভূঞাই । ২০১৮ চনৰ পৰাই পৰীক্ষাগাৰটোৱে প্ৰতি বছৰে এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ লগতে সমন্বয়ক ভৃগু প্ৰসাদ শৰ্মাৰ প্ৰচেষ্টাত বহু কেইটা সৃজনশীল প্ৰকল্প ইতিমধ্যে প্ৰস্তুত কৰি সফলতা লাভ কৰিছে। পৰীক্ষাগাৰটোৰ সফলতা সম্পৰ্কে জ্ঞাত হৈ জিলা আয়ুক্তই জিলাখনৰ ভিতৰতে অগ্ৰণী এ টি এল ৰূপে জিলা পৰ্য্যায়ৰ সভাত প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More