আফ্ৰিকান চুৱাইন ফিভাৰঃ লখিমপুৰত একেদিনাই একেখন ফাৰ্মত ৯ শ গাহৰি নিধন পশুপালন বিভাগৰ

১ কোটি ৩৫ লাখ টকাৰ গাহৰি নিধন কৰাত কান্দোনত ভাগি পৰিল ধুনু-গুণু গাহৰি পামৰ গৰাকী

0 48

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগত নিতৌ গাহৰিৰ মৃত্যু হ’ব ধৰিছে৷ গাহৰিৰ এই অকাল মৃত্যুৱে গাহৰি পালক সকলৰ জীৱনলৈ ঘোৰ অমানিশা নমাই অহাৰ সময়তে আজি লখিমপুৰৰ জিলা পশুপালন বিভাগে কদমত কেৱল এখন গাহৰি পামতে বিশেষ পদ্ধতিৰে ৯ শ গাহৰি মাৰি পেলোৱা কাৰ্যই গাহৰি পালক সকলক হতাশ কৰি তুলিছে৷ চৰকাৰে মাৰাত্মক ৰোগবিধ নিৰ্মূলৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত বহু গাহৰিয়ে অকাল মৃত্যুক সাৱতি ল’ব লগা হয়৷ আজি পুৱাই লখিমপুৰ জিলা পশুপালন বিভাগৰ বৃহৎ এটা দল জিলাখনৰ কদমৰ সমীপৱৰ্তী লামু গাঁৱত উদীয়মান যুৱক তথা বিশিষ্ট গাহৰি পালক ৰতন গগৈৰ ধুনু-গুণু পিগ ফাৰ্মত উপস্থিত হয়৷ দলটোৱে এফালৰ পৰা পিগ ফাৰ্মখনত শ শ গাহৰি কিলিং মেচিনৰ জৰিয়তে নিধন কৰিবলৈ ধৰাত গাহৰি পালকজন কিংকৰ্তব্য বিমূঢ় হৈ পৰে৷ সৰুবৰ ৯ শতাধিক গাহৰি থকা এই ফাৰ্মখনত আজি কিছুদিনৰ পৰা গাহৰি সমূহ এটা দুটাকৈ মৰিবলৈ ধৰাত গাহৰি পালকজনে বিভাগীয় বিষয়াক অৱগত কৰাত অৱশেষত বিভাগে এই গাহৰি সমূহ আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি অৱগত হোৱাৰ পিছত আজিৰে পৰা বিভাগে এনে গাহৰি নিধন যজ্ঞ আৰম্ভ কৰি পুতি পেলোৱাৰ ব্যৱস্থা কৰে৷ ইফালে প্ৰতিটো পূৰ্ণ বয়স্ক গাহৰি মৃত্যুৰ ক্ষতিপূৰণ হিচাবে ১৫ হাজাৰকৈ আৰু সৰু গাহৰিৰ ক্ষেত্ৰত ২ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও গাহৰি পালকসকল চৰকাৰৰ এনে সাহায্যক লৈ অলপো সন্তুষ্ট হোৱা নাই৷ কিয়নো ৰতন গগৈৰ গাহৰি ফাৰ্মখনতে আছিল প্ৰায় ২-৩ কুইণ্টল ওজনৰ উন্নত জাতৰ শ শ গাহৰি৷ যাৰ মূল্য ৪০-৫০ হাজাৰ টকাৰো অধিক৷ তেনেস্থলত চৰকাৰে গাহৰিৰ ক্ষতিপূৰণ হিচাবে অতি কম মূল্য নিৰ্ধাৰণ কৰাত গাহৰি পালকসকল বিমোৰত পৰিছে৷ ইফালে এনে গাহৰি সমূহৰ বীমা নথকাৰ বাবেও গাহৰি পালকসকল সমস্যাত পৰিছে৷ কিয়নো বহুতে গাহৰি পালন কৰি নিজে স্বাবলম্বিতাৰে পৰিয়াল পোহপাল দি আহিছে৷ উদ্যমী গাহৰি পালক তথা উচ্চ শিক্ষিত যুৱক ৰতন গগৈয়েও সমগ্ৰ কদম অঞ্চলত বহু গাহৰি পালকক বিভিন্ন প্ৰকাৰে সহায় সহযোগ আৰু প্ৰেৰণা যোগাই স্বাৱলম্বী হোৱাত সহায় কৰি আহিছিল৷ শেহতীয়াকৈ আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগত গাহৰিৰ মৃত্যুৱে গাহৰি পালক সকললৈ বিপদ মাতি আনিছে৷ অসমৰ দ্বিতীয়খন গাহৰি পাম ধুনু-গুণু পিগ ফাৰ্মত প্ৰথৱ অৱস্থাত ৰতন গগৈয়ে কেৱল ৭ টা গাহৰিৰে  আৰম্ভ কৰাৰ পিছত সম্প্ৰতি নশৰো অধিক গাহৰি পামলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ এই ফাৰ্মখনৰ সকলোবোৰ গাহৰি আজি বিভাগে নিধন কৰাত গাহৰি পালকজনে দুখেৰে কয় যে তেওঁৰ প্ৰায় ১কোটি ৩৫ লাখ টকাৰ গাহৰি প্ৰশাসনে নিধন কৰিছে৷ ইফালে প্ৰশাসনে লামু গাঁৱৰ এক কিলোমিটাৰ ব্যাসাৰ্ধত থকা সকলো গাহৰি নিধনৰ লক্ষ্য স্থিৰ কৰাৰ লগতে সেই অঞ্চলৰ পৰা দহ কিলোমিটাৰ দূৰত্বলৈকে গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More