কয়লামাৰী চাহ বাগান ফুটবল দলৰ খিতাপ অৰ্জন

লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেল

0 33

উত্তৰ লক্ষীমপুৰ, ৩ ছেপ্টেম্বৰ: অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লক্ষীমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লক্ষীমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেলখনৰ আজি আনুষ্ঠানিক কাৰ্যসূচী ডিজু চাহ বাগানৰ খেলপথাৰত অনুষ্ঠিত হয়। জিলাভিত্তিত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখন ক্ৰমে ডিজু, আৰু কয়লামাৰি চাহ বাগানৰ ফুটবল দলটিৰ মাজত অনুষ্ঠিত হয়।WhatsApp Image 2023 09 03 at 7.13.40 PM e1693752427403 আজিৰ এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভনি কৰে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাই। দুয়োটা দলৰ মাজত তীব্র প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ভাৱে হোৱা খেলখন নিৰ্ধাৰিত সময়ত গলশূন্যভাৱে সমাপ্ত হয়। ফলাফল নিৰ্ণয়ৰ বাবে পিছত ট্ৰাইব্ৰেকাৰৰ সহায় লোৱা হয়। ট্ৰাইব্ৰেকাৰত কয়লামাৰী চাহ বাগানৰ ফুটবল দলটিয়ে ডিজু চাহ বাগানৰ ফুটবল দলটিক ৭-৬ গলৰ ব্যৱধানত হৰুৱাই খিতাপ অর্জন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More