উত্তৰ লখিমপুৰ নগৰত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী

0 46

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলতো বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহাপুৰুষ৷ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীৰ আয়োজন কৰিছে৷ তদুপলক্ষে অহা ২৪-২৫ ছেপ্তেম্বৰত বিজয় নগৰ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ ব্যৱস্থা কৰা হৈছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে৷ ইতিমধ্যে জন্মজয়ন্তী উদযাপনৰ বাবে সাতখন উপ সমিতি গঠন কৰা হৈছে৷ তদুপলক্ষে নগৰ পশ্চিমাঞ্চলৰ অন্তৰ্গত খেলমাটি নামঘৰ, চানমাৰি নামঘৰ, শংকৰ মাধৱ নামঘৰ, বিজয় নগৰ নামঘৰ, বোৱালগুৰি নামঘৰ আৰু সনাতন নামঘৰৰ অন্তৰ্গত সেৱকীসকলক লৈ এখন বলিষ্ঠ উদযাপন সমিতি গঠন কৰি মহাপুৰুষ জনাৰ জন্মজয়ন্তী উৎসৱটি সুকলমে অনুষ্ঠিত কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More