উত্তৰ লালুক গাঁও পঞ্চায়তত ২৪ লাখ টকাৰ নেমু বাগান কেলেংকাৰি

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়নখণ্ডৰ অন্তৰ্গত উত্তৰ লালুক গাঁও পঞ্চায়তত নেমু বাগান ৰোপনৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত নেমু বাগান ৰোপনৰ বাবে আৱণ্টন হোৱা ২৪ লাখ ৫০ হাজাৰ টকাৰ ধন নেমু বাগান স্থাপন নকৰাকৈয়ে সৰকাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ২০২০-২১ বৰ্ষত উত্তৰ লালুক গাঁও পঞ্চায়তলৈ ২৪ লাখ ৫০ হাজাৰ টকাৰ ধন আৱণ্টন হয়৷ এনৰেগা আঁচনিৰ অধীনত গাঁও পঞ্চায়তখনলৈ ৯৮ জন হিতাধিকাৰীৰ প্ৰতিগৰাকীৰ বাবে ২৫ হাজাৰ টকাকৈ ধাৰ্য কৰা হয়৷ সেই মৰ্মে হিতাধিকাৰীসকলৰ নামত আৱণ্টিত সমূদায় ধন মোকলাই দিয়া হয় যদিও প্ৰকৃতাৰ্থত গৰিষ্ঠ সংখ্যক হিতাধিকাৰীয়েই নেমু বাগান স্থাপন নকৰিলে৷ অৱশ্যে ইয়াৰে কুৰিজন হিতাধিকাৰীয়ে নেমু বাগান ৰোপন কৰিছিল যদিও তেওঁলোকে আজিকোপতি প্ৰাপ্য ধন লাভ কৰিবলৈ সক্ষম নহল৷ ইয়াৰ বিপৰীতে নেমুবাগান স্থাপন নকৰাকৈয়ে গৰিষ্ঠ সংখ্যক হিতাধিকাৰীয়ে কৌশলেৰে এই ধন উলিয়াবলৈ সক্ষম হয়৷ ইয়াৰে ১২ হাজাৰ টকা উত্তৰ লালুক গাঁও পঞ্চায়তে হিতাধিকাৰীক জব কাৰ্ডৰ জৰিয়তে আদায় দিয়া দেখুৱালেও হিতাধিকাৰীসকলে তেনে ধন লাভ নকৰিলে৷ ইফালে কৰুণাবাৰী উন্নয়নখণ্ডই বাকী ১৩ হাজাৰ টকা হিতাধিকাৰী লৈ মুকলি কৰি দিয়ে যদিও হিতাধিকাৰীসকলে সেই ধনো লাভ কৰিবলৈ সক্ষম নহল৷ পঞ্চায়তখনৰ কনিষ্ঠ অভিযন্তা ভৰত দেউৰীয়ে এইসকল হিতাধিকাৰীয়ে নেমু পুলি ৰোপন নকৰাকৈ তেওঁলোকৰ নামত কেনেদৰে বৃহৎ পৰিমানৰ ধন মুকলি কৰি দিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ এই ক্ষেত্ৰত উত্তৰ লালুক গাঁও পঞ্চায়তৰ সভাপতি মণিষা দেউৰী, আঞ্চলিক পঞ্চায়ত সদস্য কণমাই দেউৰী, সচিব বিকাশ গগৈ, জি আৰ এছ যাদৱ ফুকন, মধ্যভোগী ৰূপম বৰা আদিৰ নাম উচ্ছাৰিত হৈছে৷ তেওঁলোকে নেমু বাগান স্থাপন নকৰাকৈ তেনে হিতাধিকাৰীৰ নামত ২৪ লাখ ৫০ হাজাৰ টকা কেনেদৰে মোকলাই দিলে সেয়া লক্ষণীয় বিষয়৷ সমগ্ৰ বিষয়টো তদন্ত কৰিলেই সকলো পৰিস্ফুট হোৱাৰ লগতে দোষী ব্যক্তি শাস্তিৰ সন্মুখীন হোৱাতো নিশ্চিত৷ ইফালে এইখিনিতে উল্লেখ কৰিব পাৰি যে গাঁও পঞ্চায়তখনৰ অন্তৰ্গত ২ নং জৰিগুৰিৰ কেশৱ শইকীয়াই এবিঘা মাটিত নেমু বাগান ৰোপন কৰাৰ পিছতো আৱণ্টিত ধনৰ কেৱল ৯ হাজাৰ টকাহে লাভ কৰিবলৈ সক্ষম হয় বুলি কয়৷ তদুপৰি কেশৱ শইকীয়াই কয় যে নেমু বাগানৰ ধন বিছাৰি পঞ্চায়তলৈ যোৱাৰ সময়ত ধনৰ ডিমাণ্ডৰ নামত পঞ্চায়ত কৰ্মীক তিনিবাৰত ১৫ শ টকা উৎকোচ দিব লগা হয় বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More