অসম-অৰুণাচল সীমান্তৱৰ্তী নাৰায়ণপুৰৰ গৰুবন্ধাত অসমৰ ভূমিত অৰুণাচলৰ পথ নিৰ্মাণৰ প্ৰচেষ্টা

অসম চৰকাৰৰ ভূমিকাত আঞ্চলিক সীমান্ত সুৰক্ষা সমিতিৰ ক্ষোভ

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ জুলাই ঃ কেন্দ্ৰীয় চৰকাৰে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচলে এতিয়াও অসমৰ ভূমিলৈ আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰি আহিছে৷ যোৱা শনিবাৰে তেনে এক কথাই প্ৰতিপন্ন হয় লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুবন্ধাৰ কেৰেকজুলি অঞ্চলত৷ প্ৰাপ্ত খবৰ অনুসৰি নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তৰাজুলি সমীপৰ কেৰেকজুলিত অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত এটা পথ নিৰ্মাণৰ বাবে জৰীপ কাৰ্য চলায়৷ অৰুণাচলৰ তেনে কাৰ্য দৃষ্টিগোচৰ হোৱাৰ লগে লগে অসমৰ একাংশ বাসিন্দাই উক্ত স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি জৰীপ কাৰ্যত বাধা আৰোপ কৰে৷ তদুপৰি কেৰেকজুলিত এজন প্ৰভাৱশালী অৰুণাচলীয়ে অসমৰ ভূমিত ‘প্ৰাইভেট লেণ্ড’ বুলি ফলক অঁৰা কাৰ্যতো অসমৰ সীমান্তৱৰ্তী বাসিন্দাসকলে ঘোৰ আপত্তি জনায়৷ অৱশ্যে শনিবাৰে বিবদমান অঞ্চলটোত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া আৰু অৰুণাচল প্ৰদেশৰ বান্দৰদেৱা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ সবিশেষ বুজ লয়৷ তেওঁলোকৰ উপস্থিতিত আঞ্চলিক সীমান্ত সুৰক্ষা সমিতিয়ে দুয়োখন ৰাজ্যই সঠিক ভাৱে সীমা নিৰ্ধাৰণ কৰি নিদিয়া পৰ্যন্ত পথ নিৰ্মাণ কাৰ্য স্থগিত ৰাখিবলৈ দুয়োখন প্ৰদেশৰ বিষয়াদ্বয়ক দাবী জনোৱাত সেই সিদ্ধান্তকে বাহাল ৰখা হয়৷ ইফালে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পথালি পাহাৰৰ পৰা দ্ৰোৰপাং ৰাজগড় পৰ্যন্ত গঠন কৰা আঞ্চলিক সীমান্ত সুৰক্ষা সমিতিৰ সম্পাদক যাদৱ বৰাই ক্ষোভ প্ৰকাশ কৰি কয় যে অসম চৰকাৰৰ দুৰ্বল ভূমিকাৰ বাবেই অসম অৰুণাচল সীমান্তত অৰুণাচলীয়ে সঘনাই অসমৰ ভূমি বে-দখল কৰি অহাৰ সুবিধা লাভ কৰি আহিছে৷ অৰুণাচল প্ৰশাসনে সীমান্তৰ সীমা সমস্যাৰ ক্ষেত্ৰত যেনেদৰে আগভাগ লৈ আহিছে তাৰ বিপৰীতে অসম তথা লখিমপুৰ জিলা প্ৰশাসনৰ ভূমিকা তেনেই পুতৌজনক বুলি সুৰক্ষা সমিতিৰ সম্পাদকজনে আক্ষেপ প্ৰকাশ কৰে৷ প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবেই সঘনাই অৰুণাচলীয়ে অসমৰ ভূমিত আগ্ৰাসন চলাই অহাৰ লগতে ইতিপূৰ্বে অসমৰ ভূমিত অৰুণাচলীয়ে কেবাটাও পথ নিৰ্মাণ কৰি আহিছে৷ শেহতীয়াকৈ কেৰেকজুলিত অৰুণাচল প্ৰশাসনে প্ৰায় ২ কিলোমিটাৰ দৈঘ্যৰ পথ নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে জৰীপ পৰ্যন্ত সম্পূৰ্ণ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More