ডিব্ৰুগড় আৰু ডিফু লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত চিপিআই (এম-এল)ৰ

তিনিচুকীয়াত চিপিআই (এম-এল)ৰ ৰাজ্যিক ষ্টেণ্ডিং কমিটিৰ বৈঠক

0 5

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ অক্টোবৰ : চি পি আই (এম-এল)ৰ অসম ৰাজ্যিক ষ্টেণ্ডিং কমিটিৰ বৈঠক বুধবাৰে আৰু আজি বৃহস্পতিবাৰে তিনিচুকীয়াত অনুষ্ঠিত হৈ যায় ৷ বৈঠকত দেশ তথা অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিশদ আলোচনা কৰা হয় ৷ আজি চি পি আই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে এক বিবৃতিত কয় যে বৈঠকে বিজেপিৰ বিৰুদ্ধে গঠন হোৱা অ-বিজেপি দলসমূহৰ ঐক্যবদ্ধ মঞ্চ ‘ইণ্ডিয়া’ৰ বাৰ্তা অসমৰ তৃণমূল স্তৰলৈ লৈ যোৱা আৰু শ্ৰমজীৱী জনসাধাৰণক এই সংগ্ৰামত সমবেত কৰাৰ লক্ষ্যৰে অসমৰ বিভিন্ন অঞ্চলত জনজাগৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইতিমধ্যে যোৱা ১৬ অক্টোবৰ তাৰিখে ডিফুত ফেচীবাদী, দুৰ্নীতিকাৰী আৰু স্বায়ত্তশাসিত ৰাজ্যৰ দাবীক প্ৰতাৰণা কৰা হিমন্ত নেতৃত্বাধীন বিজেপিক পৰাস্ত কৰাৰ দাবীত হিল পাৰ্টি সমিতিৰ উদ্যোগত জনসমাবেশ অনুষ্ঠিত হৈ যায় ৷ অহা ৭ নবেম্বৰত বিশ্বনাথৰ বিহালী, ৯ নবেম্বৰত ডিব্ৰুগড়ৰ ৰাজগড়ত, নগাঁৱৰ ৰহাত ১৭ নবেম্বৰত, তিনিচুকীয়াত ১৫ নবেম্বৰত, যোৰহাটত জনজাগৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক আৰু শিল্পীসকলক হিতাধিকাৰী বুলি অভিহিত কৰি অপমান কৰা কাৰ্যক বৈঠকে তীব্ৰ প্ৰতিবাদ জনায় ৷ তেওঁ শিক্ষক আৰু শিল্পী সমাজক যে তেওঁৰ ব্যক্তিগত অনুগ্ৰহপ্ৰাৰ্থী বুলি বিবেচনা কৰে সেই কথা এই বক্তব্যৰ মাজত ফুটি উঠিছে বুলি বিবৃতিটোত উল্লেখ ৷ দলটোৱে কয় যে মুখ্যমন্ত্ৰীৰ সলনি চিপিআই(এমএল) দলে যদি ১৫ বছৰ নেলাগে ৫ বছৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰিলেহেঁতেন তেন্তে মুখ্যমন্ত্ৰীয়ে দিয়া নিযুক্তিৰ ৫ গুণ দিলেহেঁতেন বুলি প্ৰত্যাহ্বান জনায় ৷ হিমন্ত বিশ্ব শৰ্মাৰ আগমনে অসমত নিযুক্তিৰ পৰিমাণ হ্ৰাস কৰিলে বুলি উল্লেখ কৰি দলটোৱে অসমক ঋণফান্দৰ কবলত ডিঙি লৈকে পুতি চৰকাৰী ধনৰ ওপৰত লুণ্ঠনৰাজ চলোৱা আৰু ৰাজ্যখনৰ বিভিন্ন ঠাইৰ বিঘাই বিঘাই মাটি মুখ্যমন্ত্ৰী পত্নীৰ নামত দখল কৰি অসমক ভয়ানক বিপদৰ ফালে ঠেলি দিয়াৰ অভিযোগ কৰে ৷ বিবৃতিটোত কোৱা হয় যে শেহতীয়াকৈ এপেক্স বেংক কেলেংকাৰীৰ অভিযোগে বিজয় মালিয়া-নীৰৱ মোডী মাৰ্কা বেংক লুণ্ঠনৰ কায়দা-কৌশল অসমলৈ কঢ়িয়াই অনাৰ কৃতিত্বৰহে দাবীদাৰ কৰি তুলিছে মুখ্যমন্ত্ৰীক ৷ সাৰদা কেলেংকাৰীত অভিযুক্ত ৰাজেশ বাজাজক অসমৰ বিভিন্ন জিলাত লোকনিৰ্মাণৰ ঠিকা দিয়া আৰু ৬ মাহৰ ভিতৰত ২০০০ লাখ টকা এপেক্স বেংকৰ পৰা উলিয়াই দিয়া কাৰ্যই এপেক্স বেংকৰ সভাপতি তথা মুখ্যমন্ত্ৰীৰ সন্দেহজনক ভুমিকাক সমুখলৈ লৈ আহিছে ৷ কাৰ্বি আংলঙৰ ১০০০ বিঘা মাটি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ আৰ্শীবাদত আত্মসাৎ কৰা বুলি উঠা অভিযোগৰ স্পষ্টীকৰণ দিবলৈ কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক দাবী জনোৱা হয় ৷ চিপিআই (এম-এল) দলে অহা ১৮ ডিচেম্বৰত ডিব্ৰুগড়ত লুণ্ঠন আৰু প্ৰতাৰণাৰ বিৰুদ্ধে সংকল্প সমাবেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৈঠকে ডিব্ৰুগড় আৰু ডিফু লোকসভা সমষ্টিত দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বাৰদলীয় মৰ্চাৰ সভাপতি আৰু মুখ্য সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More