বিহংগবন্ধুৰ উদ্যোগত এল. টি. কে মহাবিদ্যালয়ত সৰ্প সজাগতা সভা

0 50

উত্তৰ লখিমপুৰ, ১৯ অক্টোবৰঃ “বিহংগবন্ধু”ৰ উদ্যোগত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ Science Forum ৰ সহযোগত ১৭ অক্টোবৰৰ দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ কনফাৰেন্স হ’লত এখন সৰ্প, সৰ্প দংশন আৰু সজাগতা সভা অনুস্থিত হৈ যায়৷ সভাখন অনুস্থিত হয় ৷ অনুষ্ঠানটো Sponsor কৰে DBT NER Advance Lavel Institutional Biotech Hub, ছয়দুৱাৰ কলেজে। সভাখনত উপস্থিত থাকে লখিমপুৰ বনবিষয়া অশোক কুমাৰ দেৱ চৌধুৰী, প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত AWRROৰ দেৱজিত মহন্ত, ছয়দুৱাৰ কলেজৰ ৰঞ্জিত কাকতি আৰু আজিজ আহমেদ, Wildheart Foundationৰ সদস্য নিকু দাস, ইউটিউবাৰ অৰ্পন পাৰ্থ, পৰ্যটনৰ ক্ষেত্ৰত অসমক আগুৱাই নিয়া wild Feathersৰ কল্লোল হাজৰিকা আৰু কেইবাজনো পৰিৱেশ কৰ্মী।WhatsApp Image 2023 10 19 at 7.53.33 PM scaled e1697726454921 সভাখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক প্ৰকৃতি সম্পৰ্কীয় সচেতনতাৰ পৰা আদি কৰি বিশেষকৈ সৰ্প দংশনৰ প্ৰতি কেনেদৰে সজাগ হ’ব পাৰি, সাপৰ প্ৰজাতি, সাপৰ বাসস্থান, সৰ্প দংশনৰ প্ৰতিকাৰৰ পৰা আদি কৰি সৰ্প সম্পৰ্কীয় বহুকেইটা প্ৰয়োজনীয় বক্তৃতা প্ৰদান কৰা হয়। সভাখনত উদ্বোধনী ভাষণ প্ৰদান কৰে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল কুমাৰ শইকীয়াই। ইয়াৰ পাছত বিহংগ বন্ধুৰ সদস্য যুগল বৰাই “বিহংগ বন্ধুৱে” কেনেদৰে প্ৰকৃতি ৰক্ষাৰ হকে কাম কৰি আছে আৰু সকলোৱে মিলি কেনেদৰে প্ৰকৃতিৰক্ষাৰ বাবে কাম কৰিলে উপকৃত হ’ব আদি পৰামৰ্শসূচক বক্তৃতা প্ৰদান কৰে। সৰ্প সজাগতা বিষয়ক ভাষণ প্ৰদান কৰে AWRRO ৰ দেৱজিত মহন্তই। জিলা বনবিষয়াই “বিহংগ বন্ধুৰ” এই সজাগতা অনুস্থানৰ শলাগ লৈ পৰিৱেশ সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰে। অৰ্পণ পাৰ্থ, ৰঞ্জিত কাকতিকে আদি কৰি বহু কেইজন পৰিৱেশ কৰ্মীয়ে মত দাঙি ধৰে। শেষত মহাবিদ্যালয়খনৰ Science Forumৰ Co-ordinator মনোজ নেওগে ধন্যবাদসূচক মন্তব্য দিয়ে৷ সভাখনত মহাবিদ্যালয়ৰ সকলো শিক্ষক বৃন্দ আৰু ছাত্ৰ-ছাত্ৰীয়ে সহাৰি জনাই মত বিনিময়ৰ জৰিয়তে সভাখন আগুৱাই নিয়ে। শেষত যুগল বৰাই সৰ্প আৰু প্ৰকৃতি সম্পৰ্কীয় ভাষণেৰে অনুস্থানৰ সামৰণি মাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More