বিহপুৰীয়াত সোৱণশিৰি-ৰঙানদীৰ ভয়ংকৰ খহনীয়াত জাহ গ’ল পকনীয়া মথাউৰি

0 81

শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ৫ অক্টোবৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পকনীয়া, পমুৱা খাবলিত এতিয়া ৰঙানদী আৰু সোৱণশিৰিয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে সোৱণশিৰিৰ উভটি পানীয়ে ৰঙানদীত মিলিত হৈ পকনীয়া মথাউৰিটো খহনীয়াত নিঃশেষ কৰি পেলালে৷ দুয়োখন নদীৰ খহনীয়াৰ কবলত পৰি এতিয়া পমুৱা খাবলিত আওপুৰণি মথাউৰিটো ৰঙানদীত জাহ যোৱাৰ পিছত সেই অঞ্চলৰ লোকসকলে বিনীদ্ৰ ৰজনী কটাব লগীয়া হৈছে৷ লখিমপুৰৰ জলসম্পদ বিভাগেও এই খহনীয়া অংশটোত পুনৰ নিৰ্মাণ অথবা মেৰা-মতি কৰাৰ ক্ষেত্ৰত অলপো গুৰুত্ব প্ৰদান নকৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে সোৱণশিৰি আৰু ৰঙানদীৰ মোহনাত এতিয়া দুয়োখন নদীয়ে বিভিষিকাৰ সৃষ্টি কৰিছে৷ উল্লেখনীয় কথা যে উক্ত অঞ্চলত তথা পমুৱা খাবলিত যোৱা জেঠ মাহৰ পৰা নদীখনে ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰি আওপুৰণি মথাউৰিটো একপ্ৰকাৰে খহাই নিঃশেষ কৰাত মথাউৰিটো ৰঙানদীত সম্পূৰ্ণৰূপে জাহ যায়৷ লক্ষণীয় কথা যে নাওবৈচা ৰাজহচক্ৰৰ অন্তৰ্গত উক্ত অঞ্চলত নদীখনে ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰাত পমুৱা খাবলিকে ধৰি পকনীয়া, গেচেক আদি প্ৰায় ৮-৯খন ৰাজহ গাঁৱত অদূৰ ভৱিষ্যতে সংকটত পৰাৰ সম্ভৱনা স্পষ্ট হৈ পৰিছে৷ ভগ্ন মথাউৰিটো সুৰক্ষিত কৰিবৰ বাবে স্থানীয় লোকসকলে বহুবাৰ বিভাগীয় কতৃৰ্পক্ষক আহ৩ান জনাই আহিছে যদিও এই পৰ্যন্ত সংশি¡ষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ সময় থাকোতেই সোৱণশিৰি আৰু ৰঙানদীত জাহ যোৱা মথাউৰিটো পুনৰ নিৰ্মাণ কৰিবলৈ এইসকল লোকে দাবী জনাইছে৷ অন্যথা কৃষিজীৱি লোকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে৷ উল্লেখনীয় কথা যে ৰঙানদীৰ অন্তিম অংশটোত এনেদৰে প্ৰায় ১ কিলোমিটাৰ দৈঘ্যত নদীখনে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰাত কেৱল মথাউৰিটোৱেই নহয় নিকটৱৰ্তী শ শ হেক্টৰ কৃষিভূমি নদীৰ গৰ্ভত জাহ গৈছে৷ ইয়াৰ পিছতো জলসম্পদ বিভাগ অথবা সংশি¡ষ্ট বিভাগসমূহে এই বিষয়টোত গুৰুত্ব প্ৰদান নকৰাটো ৰহস্যজনক৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More