তিনিচুকীয়াত সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা

0 60

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ ছেপ্তেম্বৰ : ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিভাসমূহক উজ্বলাই তোলাৰ লক্ষ্যৰে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৷ তিনিচুকীয়া জিলাতো এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যেৰে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷ তিনিচুকীয়াৰ আয়ুক্ত স্বপ্নীল পালৰ পৌৰোহিত্যত সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ সন্দৰ্ভত এখন সভা আজি আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ অতিৰিক্ত আয়ুক্ত সোনতৃষ্ণা ঘৰফলীয়াই আঁত ধৰা সভাত আয়ুক্তই সাংস্কৃতিক মহাসংগ্ৰামৰ পঞ্জীয়ন প্ৰক্ৰিয়া, বিভিন্ন পৰ্যায়ত সমিতি গঠন আদি সম্পৰ্কে বিতংভাবে আলোচনা কৰে৷ সভাত তিনিচুকীয়া সদৰ মহকুমাধিপতি নুজহত নছৰিন, সহকাৰী আয়ুক্ত ভাস্কৰ পেগু, তিনিচুকীয়া জিলা সাংস্কৃতিক উন্নয়ন বিষয়া যোগানন্দ বুঢ়াগোহাঁইৰ উপৰি আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল লগতে শিক্ষা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে। উল্লেখ্য যে জিলাখনত ১০ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ চৰকাৰীভাৱে গাঁও পঞ্চায়ত পৰ্যায়ৰ অনলাইন পঞ্জীয়ন কৰা হ’ব ৷ প্ৰতিযোগীসকলে ১০ অক্টোবৰৰ ভিতৰত নিৰ্দিষ্ট নথিসহ সংশ্লিষ্ট গাঁও পঞ্চায়তৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় অথবা পৌৰ নিকায়ৰ কাৰ্যালয়ত আবেদন প্ৰ-পত্ৰ দাখিল কৰিব লাগিব৷ আবেদন প্ৰ-পত্ৰ https://directorculture.assam.gov.in/ ৱেবছাইট অথবা তিনিচুকীয়া জিলা প্ৰশাসনৰ ফেচবুক পেজ Tinsukia District Administrationত লাভ কৰিব ৷ জিলা প্ৰশাসনে ইচ্ছুক প্ৰাৰ্থীসকলক অহা ১০ অক্টোবৰৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে ৷ একক শিতানত জ্যোতি সংগীত, বিষ্ণু ৰাভা গীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আৰু দলীয় শিতানত বিহু নাচ আৰু পৰম্পৰাগত নৃত্য অনুষ্ঠিত হ’ব ৷ এগৰাকী আবেদনকাৰীয়ে আটাইকেইটা শাখাতে ভাগ ল’ব পাৰিব ৷ সংগীতৰ ক্ষেত্ৰত প্ৰতিটো শাখাত আৰ্হি গীতৰ তালিকা প্ৰকাশ কৰা হৈছে ৷ গীতৰ তালিকা https://www.asm-judge.in পৰ্টেলৰ লাইব্ৰেৰী শাখাত উপলব্ধ হ’ব ৷ বয়সৰ ক্ষেত্ৰত তিনিটা শাখাত ১২-১৮ বছৰ, ১৯-২৪ বছৰ আৰু ২৫-৩৫ বছৰলৈ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ ২৫ অক্টোবৰৰ পৰা ২৫ নৱেম্বৰলৈকে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব ৷ প্ৰতিগৰাকী প্ৰতিযোগীয়ে প্ৰমাণপত্ৰ লাভ কৰিব ৷ প্ৰতিযোগিতাসমূহৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ ল’ব ৷ ১ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ সমষ্টি পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল’ব পাৰিব ৷ ২০২৪ চনৰ ২ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ জিলা পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল’ব পাৰিব ৷ সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰা হ’ব ৷ প্ৰতিযোগীসকলে গাঁও পঞ্চায়ত, সমষ্টি আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে হাৰমনিয়াম, তবলা আৰু গীতাৰ ব্যৱহাৰ কৰিব পাৰিব ৷ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অতিৰিক্ত দুবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰৰ অনুমতি দিয়া হ’ব ৷ প্ৰতিযোগিতাত ট্ৰেক ব্যৱহাৰ কৰিব নোৱাৰিব। লাইভ মিউজিকহে ব্যৱহাৰ কৰিব পাৰিব ৷ গাঁও পঞ্চায়ত, সমষ্টি আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে সংগীতৰ নিৰ্ধাৰিত সময় তিনি মিনিট আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে পাঁচ মিনিট ৷ বিহু আৰু পৰম্পৰাগত নৃত্যৰ ক্ষেত্ৰত দলীয় প্ৰতিযোগিতাৰহে অনুমতি দিয়া হৈছে ৷ সদস্যৰ সংখ্যা বাদ্যযন্ত্ৰীসহ সৰ্বাধিক ১৫ জন ৷ জিলা পৰ্যায়লৈকে প্ৰতিযোগীসকলৰ বাবে সৰ্বাধিক সময় ৫ মিনিট, ৰাজ্যিক পৰ্যায়ত ৭ মিনিট ধাৰ্য্য কৰা হৈছে ৷ গীনিজ ৱৰ্ল্ড ৰেকৰ্ড মেগা বিহু, ২০২৩ ত ব্যৱহাৰ কৰা বিহু গীতটো কোনো প্ৰতিযোগী দলে ব্যৱহাৰ কৰিব নোৱাৰিব ৷ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা ২০২৪ চনৰ ২৮ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। ৰাজ্যিক পৰ্যায়ত প্ৰথম পুৰস্কাৰ প্ৰাপকলৈ ১ লাখ টকা, দ্বিতীয় বিজয়ীলৈ ৭৫ হাজাৰ টকা আৰু তৃতীয় বিজয়ীলৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More