নৰ্থ লখিমপুৰ কলেজত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান

0 149
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ ‘অসমীয়া প্ৰকৃতি সাহিত্য চৰ্চাৰ বাটকটীয়া হ’ল নৰ্থ লখিমপুৰ কলেজ৷ এই কলেজেই বিগত প্ৰায় ছয়-সাত বছৰ ধৰি সাহিত্যৰ এই নতুন ধাৰাটোক চৰ্চাৰ মাজেৰে এক সবল পৰ্যায়লৈ আগুৱাই আনিলে৷’ – এই মন্তব্য বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তৰ৷ দত্তই আজি নৰ্থ লখিমপুৰ কলেজত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠানত ভাগ লৈ এইদৰে কয়৷ তেওঁ লগতে কয় যে, প্ৰকৃতি সংৰক্ষণৰ চেতনা ব্যাপকভাৱে প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত প্ৰকৃতি সাহিত্যৰ বিশেষ ভূমিকা আছে৷ এইক্ষেত্ৰত নতুন প্ৰজন্ময়ো কিছু দায়িত্ব ল’ব লাগিব৷ মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত উক্ত বক্তৃতানুষ্ঠানৰ সঞ্চালনা কৰে মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই৷ সঞ্চালকৰ আসনৰপৰা তেওঁ কয় যে, অসমীয়া ভাষাৰ আন কিছুমান সাহিত্য ধাৰাৰ দৰে ‘প্ৰকৃতি সাহিত্য’ৰ ধাৰাটো অদ্যপি অৱহেলিত৷ কিন্ত্‌ু সম্প্ৰতি সমগ্ৰ বিশ্বত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ যি আন্দোলন আৰম্ভ হৈছে, তাৰ পৰিপূৰকভাৱে প্ৰকৃতি সাহিত্যৰ চৰ্চাও ত্বৰান্বিত হোৱা উচিত৷ অনুষ্ঠানটোত ডিব্ৰুগড়ৰ কানৈ কলেজৰ নৃ-তত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা ড॰ মৰমী তালুকদাৰ আৰু নেচাৰ্চ বেকনৰ কৰ্মকৰ্তা যুগল সন্দিকৈয়েও প্ৰকৃতি সাহিত্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড॰ ধনৰঞ্জন কলিতা, ড॰ ধীৰাজ পাটৰ, গৱেষক পূবালী বৰা, শিক্ষাৰ্থী ধৰিত্ৰী বৰুৱা, বিবেকানন্দ গগৈ, চিৰঞ্জীৱ গগৈ, চাবিনা য়াছমিন আদিয়ে আলোচনাত ভাগ লয়৷ অসমীয়া বিভাগে এনেধৰণে বহুমাত্ৰিক বিষয় এটা চৰ্চালৈ আনি প্ৰকৃতি সংৰক্ষণ চেতনা প্ৰসাৰৰ চেষ্টা কৰাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই ধন্যবাদ জ্ঞাপন কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More