তেজপুৰত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনঃ অগপ,আপ,জাতীয় পৰিষদ,বিজেপিকে ধৰি দুই শতাধিকৰ যোগদান কংগ্ৰেছত

 মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

0 73
ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩আগষ্টঃ “ যিজন মানুহৰ বয়স মাত্ৰ ৫০অতিক্ৰম কৰিছে সেইজনক নগাঁৱলৈ আহিবলৈও হেলিকপ্টাৰ লাগে৷ হেলিকপ্তাৰত ব্যয় কৰে ২০কোটি টকা৷ পথৰ দাঁতিত নিজৰ ফটো লগাই প্ৰচাৰ কৰিবলৈ ব্যয় কৰে এশ ২০কোটি টকা৷ এই ধনৰে ৰাজ্যৰ বহু বিদ্যালয় নিৰ্মাণ কৰিব পৰা গ’লহেঁতেন৷ ৰাস্তা ঘাট নিৰ্মাণ কৰিব পৰা গ’লহেঁতেন আৰু চাহ শ্ৰমিকৰ প্ৰাপ্য বৃদ্ধি কৰিব পৰা গ’ল হেঁতেন৷ ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ মূৰত এতিয়া ৩৫হেজাৰ টকাৰ ঋণৰ বোজা৷ অলপতে পুনৰ ৰাজ্য চৰকাৰে আঢ়ৈশ কোটি টকাৰ ঋণ লৈছে৷” তেজপুৰত আজি এক সভাত এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই৷ উল্লেখযোগ্য যে আজি তেজপুৰত  অনুষ্ঠিত হয় কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচী৷ তেজপুৰৰ ত্যাগবীৰ হেমবৰুৱা ভৱনত শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত  অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশ গ্ৰহণ কৰি কয় যে,পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি ৰাজ্যৰ ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ মাত্ৰ এটা পৰিয়ালৰহে পৰিৱৰ্তন হ’ল৷ তেওঁ কয় “এই পৰিয়ালটোৱে ৰাজ্যত চাহ বাগিছা ক্ৰয় কৰিলে, মন গ’লেই চেনেল বা বাতৰি কাকত প্ৰতিষ্ঠান ক্ৰয় কৰিলে আৰু পৰিয়ালৰ সদস্যৰ নামত ব্যক্তিগত বিদ্যালয় স্হাপন কৰিলে৷” সৰ্বসাধাৰণ যেতিয়া মূল্যবৃদ্ধিৰ বাবে কোঙা হৈছে এই দলৰ বিশ্বজিৎ দৈমাৰী, ভৱেশ কলিতাৰ দৰে একাংশ নেতাই অদ্ভুত মন্তব্য কৰিলে৷ বিজেপিৰ এইসকল নেতাৰ মতে বিদ্যুৎ কেৱল তেওঁলোকৰ বাবেহে বাকী সাধাৰণ ৰাইজে গছৰ আৰু বাঁহৰ তলত থাকিব লাগে৷ বৰাই লগতে কয় “ বিজেপিয়ে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰোঁতে আমি ভালেই পাইছিলোঁ৷ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে ছয় জনগোষ্ঠীৰ জনজাতি কৰণ কৰিব৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰিব, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব, বিদেশী বহিস্কাৰ কৰিব আৰু বিদেশৰ বেংকত থকা ক’লাধন ঘূৰাই আনিব৷” কিন্তু এই প্ৰতিশ্ৰুতিবোৰৰ এটাও পূৰণ নকৰা বিজেপি দলক কেৱল এটা পৰিয়ালৰ পৰিৱৰ্তনৰ বাবে ৰাইজে ভোট দিয়া নাছিল বুলি কটাক্ষ কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই লগতে কয় যে,এতিয়া চৰকাৰী কৰ্মচাৰী সকলে ৰাজ্যত আন্দোলন কৰিব লগীয়া হৈছে৷কংগ্ৰেছৰ চৰকাৰ যদি গঠন হয় তেনেহলে প্ৰথমতেই চৰকাৰী কৰ্মচাৰী সকলৰ সমস্যা সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি বৰাই আৰু কয় যে,ৰাইজে অৰুণোদয় নাইবা বিনামূলীয়া সামগ্ৰী বিচৰা নাই৷ৰাইজে সংস্হাপনহে বিচাৰিছে৷নিবনুৱা সমস্যাৰ সমাধানহে বিচাৰিছে৷দেশত এতিয়া সাতখন ৰাজ্যত কংগ্ৰেছৰ আৰু সহযোগী দলৰ চৰকাৰ চলি থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ আৰু কয় যে,ইয়াৰে চাৰিখনত কেৱল কংগ্ৰেছ দলৰ চৰকাৰ আছে আৰু কংগ্ৰেছ দলে এই ৰাজ্যসমূহত ক্ষমতা লাভৰ পাছতেই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰাত লাগিছে৷ বৰাই বিজেপি দলে ৰাজ্যৰ বান আৰু খহনীয়া তথা নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো কাম কৰা নাই বুলি অভিযোগ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ একাংশ মন্ত্ৰীৰ ভাষাকো তীব্ৰ সমালোচনা কৰে৷ তেওঁ কয় যে এইখন চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে শিক্ষাগুৰুৰ মূৰত মাল নাই বুলি কয়৷ এইখন চৰকাৰৰ মন্ত্ৰীয়ে তেওঁলোকৰ দলৰে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইক দলৰ কাৰ্যালয়লৈ গ’লে গতিয়াই উলিয়াই দিবলৈ কয়৷ বৰাই লগতে কয় যে,কংগ্ৰেছত এনে নতুন পুৰণাৰ কথা নাই৷“ আমি এদিন সকলো দলত নতুন আছিলোঁ৷কংগ্ৰেছ এখন সাগৰ আৰু ইয়াত সকলো নেতা কৰ্মী বিভিন্ন নৈৰ পৰা বৈ অহা এটোপাল পানী” বৰাই এইদৰে কয়৷ আনহাতে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে,ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যিটো দলত ২২বছৰ আছিল আৰু যিটো দলে তেওঁক একেৰাহে ১৫বছৰ মন্ত্ৰী হোৱাৰ সুযোগ দিলে,সেই দলক তেওঁ সমালোচনা কৰে৷ ড° শৰ্মাই কংগ্ৰেছৰ পৰা একো নাই পোৱা বুলি কোৱাটোৱে তেওঁৰ স্মৃতি শক্তি দুৰ্বল বুলি বুজোৱাৰ লগতে তেওঁ পাহৰিলেও ৰাইজে কংগ্ৰেছৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীজনে কি কি পালে সেয়া পাহৰা নাই বুলিও কয়৷ আনহাতে গৌৰৱ গগৈক ড° শৰ্মাই কৰা সমালোচনা সন্দৰ্ভত বৰাই কয় যে,যি সকলে চৰকাৰ সলনি হ’লে শাসনত থকা দললৈ ঢাপলি মেলে সেইসকলেহে ৰাজনীতি জানে বুলি মুখ্যমন্ত্ৰীয়ে ভাবে কাৰণ তেওঁ নিজেই যিফালে সুবিধা পায় সেইফালেই গতি কৰে বুলি কটাক্ষ কৰি আৰু কয় যে গৌৰৱ গগৈয়ে তেনে কৰিব নোৱাৰে বা নকৰে বাবেই তেওঁ ৰাজনীতি নাজানে বুলি ড° শৰ্মাই মন্তব্য কৰিছে৷ বৰাই লগতে কয় যে প্ৰয়াত তৰুণ গগৈয়ে ৮৭বছৰ বয়সলৈকে ৰাজনীতি কৰিলে আৰু তিনিবাৰকৈ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ল যদিও ৰাজ্যৰ সৰ্বসাধাৰণে তেওঁক এজন নিস্পাপ মনৰ মানুহ বুলিয়েই সন্মান কৰে৷ইয়াৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ মনটো দৈত্য প্ৰবৃত্তিৰ বুলি মন্তব্য কৰি বৰাই লগতে কয় যে কোনে কাৰ ভৰিত ধৰি কংগ্ৰেছত যোগ দিছিল সেয়া সকলোৱে জানে৷ইপিনে চন্দ্ৰায়ন তিনিৰ সফলতাও কামনা কৰা বৰাই কয় যে চন্দ্ৰ যানৰ সফলতাই ইছৰ’ৰ লগতে দেশৰ বিজ্ঞানী সকলৰ মান বিশ্বত অধিক বৃদ্ধি কৰিব আৰু ভাৰতীয় সকলৰ মেধাৰ বিশ্বই পৰিচয় পাব৷বৰাই ইয়াৰ পূৰ্বে তেজপুৰ সাহিত্য সভা চৌহদত থকা কলাগুৰু বিঞ্চু প্ৰসাদ ৰাভা,ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মাৰ আৱক্ষ মূৰ্ত্তিত সেৱা জনাই কয় যে এই ত্ৰিমূৰ্তিক দেশে জানে আৰু তেওঁলোকে দেশ তথা ৰাজ্যৰ সমাজ,সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আজিও তেজপুৰৰ একোজন লোকে কোৱা কথাৰ প্ৰতি ৰাজ্যৰ সকলোৱে মন কৰাৰ লগতে গুৰুত্ব দিয়ে বুলিও উল্লেখ কৰে৷উল্লেখযোগ্য যে,আজি  শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত যোগদান সভাখনত বিভিন্ন ৰাজনৈতিক দলৰ লগতে ব্যৱসায়ী, প্ৰাক্তন চৰকাৰী কৰ্মচাৰী তথা প্ৰাক্তন ছাত্ৰকৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে৷আজি কংগ্ৰেছত যোগদান কৰা সকলৰ ভিতৰত যোগদান সভাত বৰছলাৰ পূৰ্বৰ বিজেপি তথা আপৰ স’তে জড়িত  ব্যৱসায়ী,সমাজকৰ্মী হেমন্ত অধিকাৰী,ৰঙাপৰাৰ আপৰ সমন্বয়ক মনজৎ ৰয়, অনন্ত ভূঞা,সুমন ভূঞা,জাতীয় পৰিষদৰ সুব্ৰত পটংগীয়া,ঢেকিয়াজুলি অগপৰ লক্ষী নাথ,নদুৱাৰৰ অৱসৰ প্ৰাপ্ত চৰকাৰী কৰ্মচাৰী জিতেন ব্ৰহ্ম,ঢেকিয়াজুলিৰ প্ৰাক্তন আছু কৰ্মী অৰুণজ্যোতি হাজৰিকা অন্যতম৷ প্ৰনিধানযোগ্য যে, তেজপুৰ, বৰছলা, ৰঙাপৰা,নদুৱাৰ আৰু ঢেকিয়াজুুলি বিধানসভা সমষ্টিৰ দুই শতাধিক লোকে যোগদান কৰা এই অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই তেওঁৰ সন্মুখত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সন্মুখত কাৰ্পেটত বহি তেতিয়াৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত যোগদান কৰিবৰ বাবে খাটনি ধৰা বুলি মন্তব্য কৰে৷এতিয়া কংগ্ৰেছক এটা ক্লাৱ বুলি ড° শৰ্মাই কৰা মন্তব্যক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ উপসভাপতিজনে লগতে কয় যে,এইটো ক্লাৱেই দেশৰ স্বাধীনতা যুঁজ আৰম্ভ কৰি দেশক স্বাধীন কৰিলে৷ কংগ্ৰেছৰ সদায়েই সৱল হৈ থাকিব বুলি ভাষণত উল্লেখ কৰি তেওঁ লগতে কয় যে,একেজন হিমন্ত বিশ্ব শৰ্মায়েই এদিন অগপৰ কাৰ্যালয় বিবাহ ভৱন হ’ব বুলি কৈছিল যদিও এতিয়া সেই অগপৰ লগতে চৰকাৰ চলাব লগীয়া হৈছে৷ আনহাতে,এই সভাতে কংগ্ৰেছ দলে ২৭ আগষ্টৰ পৰা ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত আৰম্ভ কৰিব লগীয়া বাগানে বাগানে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীৰ এক শীৰ্ষক গীত উন্মোচন কৰে৷ গীতটো প্ৰস্তুত কৰা গীতিকাৰ,সুৰকাৰ অজয় ফুকনৰ লগতে কংগ্ৰেছ দলৰ অভিজিত হাজৰিকা,অপূৰ্ব কুমাৰ ভট্টাচাৰ্য,আৰ পি শৰ্মা,কাৰ্তিক কুৰ্মী,বেনু নাথকে ধৰি ভালেসংখ্যক নেতা এই অনুষ্ঠানত উপস্হিত আছিল৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More