চুইজাৰলেণ্ড চৰকাৰে ভাৰততকৈ ৩০ গুণে বেছি দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল চয়নক- পিতৃ ৰঞ্জিত দত্ত

চন্দ্ৰযানৰ সফল অৱতৰণঃ মহাকাশ বিজ্ঞানী চয়ন দত্তৰ লখিমপুৰৰ ঘৰত আনন্দৰ জোৱাৰ

0 115

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ , ২৩ আগষ্টঃ আজি সন্ধিয়া চন্দ্ৰপৃষ্ঠত সফলতাৰে চন্দ্ৰযান-৩ এ অৱতৰণ কৰে৷ ইয়াৰ লগে লগে ভাৰতবৰ্ষ সমগ্ৰ বিশ্ববাসীৰ মাজত উজলি উঠে৷ সমগ্ৰ ভাৰতবাসীয়ে চন্দ্ৰযান-৩ ৰ অৱতৰণলৈ অপেক্ষা কৰি থকাৰ সময়তে অৱশেষত চন্দ্ৰযান-৩ এ সন্ধিয়া ৬.৪ বজাত চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাত সমগ্ৰ দেশতে আনন্দ উল্লাস কৰাৰ সময়তে লখিমপুৰতো সকলোৱে আনন্দ প্ৰকাশ কৰে৷ লক্ষণীয় কথা যে মহাকাশ বিজ্ঞানী চয়ন দত্তৰ লখিমপুৰ ঘৰ আৰু পিতৃৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এক আনন্দমুখৰ পৰিৱেশৰ সূচনা হয়৷ লখিমপুৰ নগৰৰ ১০ নং ৱাৰ্ডৰ গোপীনগৰ কলনী নিবাসী ৰঞ্জিত কুমাৰ দত্ত আৰু মাতৃ শিলাৰাণী দত্তৰ সুযোগ্য পুত্ৰ চয়ন দত্তই চন্দ্ৰযান-৩১ ল’ঞ্চ কণ্ট্ৰল, অন বৰ্ড কামান, টেলিমেট্ৰী, ডাটা হেণ্ডেলিং আৰু ষ্টৰেজ চিষ্টেমৰ দায়িত্বত আছিল৷ ভাৰতৰ চন্দ্ৰযান-৩ য়ে আজি সন্ধিয়া ৬.৪ বজাত চন্দ্ৰ পৃষ্ঠৰ দক্ষিণ মেৰুত সফল ভাৱে অৱতৰণ কৰি বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাম ৰাখিবলৈ সক্ষম হয়৷ আজি চয়ন দত্তৰ ব্যৱসায়ী পিতৃ ৰঞ্জিত দত্তই অনুভৱ ব্যক্ত কৰি কয় যে ভগৱানে সু-দৃষ্টি দিয়াৰ বাবেই আজি পুত্ৰই বিশ্ববাসীৰ মাজত নিজৰ নাম উজলাবলৈ সক্ষম হয়৷ আমি এই ঐতিহাসিক ক্ষণৰ বাবে বহু উৎকণ্ঠাৰে বাট চাইছিলো আৰু ৰাইজেও আৰ্শীবাদ, শুভেচ্ছাৰে আমাক উৎসাহিত কৰিছিল৷ চাৰি বছৰ পূৰ্বে ২০১৯ চনত চন্দ্ৰযান-২ ৰ বিফলতাৰ বাবে চয়নে চকুলো টুকিছিল যদিও ভৱিষ্যতে সফল হোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছিল৷ চয়নক চুইজাৰলেণ্ড চৰকাৰে ভাৰত চৰকাৰতকৈ ত্ৰিশ গুণ বেছি দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল যদিও পিতৃ ৰঞ্জিত দত্তই বিদেশত নহয় দেশবাসীৰ সেৱাৰ বাবেহে পুত্ৰক আত্মনিয়োগ কৰিবলৈ প্ৰেৰণা যোগাই আহিছিল৷ সেইবাবেই আজি পুত্ৰই দেশৰ কাৰণে এনে মহান কাৰ্য সফল কৰিব পাৰিলে বুলি পিতৃয়ে গৌৰৱবোধ কৰে৷ লখিমপুৰ ছেইণ্ট মেৰীজ স্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা চয়নে পৰৱৰ্তী সময়ত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত [পদাৰ্থ বিজ্ঞান] সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিক্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে পৰৱৰ্তী সময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম টেক ডিগ্ৰী গ্ৰহণ কৰে৷ উল্লেখ্য যে চয়নৰ পিতৃ ৰঞ্জিত দত্তই উত্তৰ লখিমপুৰ নগৰৰ এন টি ৰোডত ‘দত্ত ব্ৰাৰ্ডাছ’ নামৰ এখন বাচন বৰ্তনৰ দোকান খুলি ব্যৱসায় কৰি আছে৷ আজি এই দোকানখনতে বিভিন্নজনে আহি চয়নৰ পিতৃ-মাতৃক গামোচাৰে আদৰণি জনোৱাৰ লগতে আটচবাজীৰে আনন্দ উল্লাস কৰে৷ উল্লেখ্য যে বিবাহিত চয়নে পত্নীসহ দুই পুত্ৰ-কন্যাক লৈ সম্প্ৰতি বাংগালুৰুত বাস কৰি আছে৷ লখিমপুৰত চয়ন দত্তৰ পিতৃ-মাতৃৰ লগতে এজন ভাতৃও আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More