ওপজা দিনত নাটক উপহাৰ দিবলৈ সাজু বিশিষ্ট নাট্যকাৰ – ঐশ্বৰ্য্য কাকতি

তেজপুৰৰ বিদ্বৎ সমাজৰ শুভাশিস মহুৰত অনুষ্ঠানত

0 11

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ৩০ ছেপ্তেম্বৰ :প্ৰতি বছৰেই নিজৰ ওপজা দিনটোত এখন মৌলিক নাটক উপহাৰ দি তেজপুৰৰ বিশিষ্ট নাট্যশিল্পীৰ জড়িয়তে মঞ্চস্থ কৰি অহা বিশিষ্ট নাট্যকাৰ – পৰিচালক ঐশ্বৰ্য্য কাকতিয়ে এইবাৰ অহা ২ নবেম্বৰৰ ৮০ সংখ্যক ওপজা দিনত ৰাইজলৈ উপহাৰ হিচাপে আগবঢ়াব সাম্প্ৰতিক ৰাজনৈতিক – সামাজিক পটভূমিত ৰচনা কৰা “মহাৰাণী” শীৰ্ষক এখন নাটক। কালি সন্ধিয়াৰ পৰা তেজপুৰৰ জ্যোতি ভাৰতীৰ ৰূপকোঁৱৰ মঞ্চত তেজপুৰৰ বিদ্বৎ সমাজৰ উপস্থিতিত অনুষ্ঠিত হোৱা নাটকখনৰ শুভ মহুৰত অনুষ্ঠানত এই নতুন নাটকখনৰ কথা সদৰী কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক তথা প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতিয়ে। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে এক মাংগলিক পৰিৱেশত ধূপ প্ৰজ্বলন কৰে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, বিশিষ্ট অভিনেতা অৰুণ নাথ, বিশিষ্ট অভিনেত্ৰী কৃষ্ণা দাস নাথ, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস, অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক নৃপেন্দ্ৰ কুমাৰ বৰা, বিশিষ্ট নাট্যশিল্পী ভৱানী ভূঞা, তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যকে ধৰি বিশিষ্ট ব্যক্তিসকলে। ইয়াৰ পিছতেই শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত মহুৰত অনুষ্ঠানটিত নাট্যকাৰ ঐশ্বৰ্য্য কাকতিয়ে আদৰণী ভাষণ আগবঢ়াই নতুন নাটকখনৰ কথা সদৰী কৰে। অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ সভাপতি ভুবনেশ্বৰ চহৰীয়াই শুভেচ্ছামূলক ভাষণত বিংশ শতিকাৰ দোকমোকালিত তেজপুৰৰ বাণ ৰঙ্গমঞ্চক কেন্দ্ৰ কৰি যি নাট্যান্দোলনৰ সূচনা হৈছিল তাৰ ধাৰক আৰু বাহক হিচাপে যিসকল নাট্যকাৰে নাট্য পৰম্পৰাক কঢ়িয়াই লৈ গৈছে সেইসকলৰ ভিতৰত ঐশ্বৰ্য কাকতি অন্যতম বুলি মন্তব্য কৰি ঐশ্বৰ্য কাকতিয়ে বিভিন্ন সম্পৰীক্ষাৰ মাজেৰে কেইবাখনো মৌলিক নাটক উপাহাৰ দিয়াটো অত্যন্ত ইতিবাচক বতৰা বুলি মন্তব্য কৰে। নাটকখনত অভিনয় কৰিব লগা শিল্পীসকল ক্ৰমে – দিলীপ বৰা, ভূপেন শৰ্মা, জয়দীপ দে, অবনী বৰা, ৰাজীৱ শৰ্মা, উজ্জ্বল শইকীয়া, দৰ্শনা বাইলুং মহন্ত, প্ৰদীপ শৰ্মা, প্ৰাঞ্জল বৰঠাকুৰ, তানিস্কা বৰঠাকুৰৰ লগতে সংগীতত জড়িত হ’ব লগা নিৰূপ বৰঠাকুৰক পৰিচয় কৰাই দিয়া অনুষ্ঠানটিত জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে অশীতিপৰ হৈয়ো ঐশ্বৰ্য কাকতিয়ে যি দায়বদ্ধতা আৰু মুল্যবোধৰ চেতনাৰে সৃষ্টিশীলতাক কঢ়িয়াই নিছে সেইয়া প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি মন্তব্য কৰি তেওঁৰ গুণগ্ৰাহীসকলে তেওঁক আবৰি-সামৰি ৰাখি সৃষ্টিশীলতাক উদ্গনি জনাব পাৰিলেহে তেওঁৰ প্ৰতি প্ৰকৃত চেনেহ-সমীহ যঁচা হ’ব বুলি নিজৰ চমু ভাষণত মন্তব্য কৰে। আনহাতে বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ কেওঁটে আগবঢ়োৱা ভাষণত নিজৰ শিক্ষকতা জীৱনত লগ পোৱা কেইগৰাকীমান অত্যুৎসাহী প্ৰতিভাধৰ ছাত্ৰৰ এগৰাকী ঐশ্বৰ্য কাকতি আছিল বুলি মন্তব্য কৰি ছাত্ৰাৱস্হাৰ পৰাই নাট্য সংস্কৃতিলৈ অৰ্ঘ আগবঢ়াই যোৱা কাকতিয়ে এই বয়সটো নৱ উছাহেৰে ন ন নাটক সৃষ্টি কৰি গৈছে সেইয়া অত্যন্ত সমাজ-সংস্কৃতিৰ বাবে আশাব্যঞ্জক বতৰা বুলি কয়।
মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা অৰুণ নাথে অভিনয় যিমানেই বাস্তব হ’ব সিমানেই ৰাইজে আকোৱালী ল’ব বুলি মন্তব্য কৰি সাম্প্ৰতিক নাট্য পৰম্পৰা বাস্তববাদী শৈলীৰ অনুকৰণেৰে বাট বুলিব পাৰিলেহে আমি সাৰ্থক নাট্য পৰম্পৰাৰ সৃষ্টি কৰিব পাৰিম বুলি কৈ এই ক্ষেত্ৰত নাট্যকাৰ হিচাপে ঐশ্বৰ্য কাকতি যথেষ্ট সতৰ্ক বুলি মন্তব্য কৰি ভিন্ন স্বাদৰ কাকতিৰ নাটকসমূহে দৰ্শকক আকৰ্ষিত কৰিছে বুলি মন্তব্য কৰে।
উল্লেখ্য যে, নাটকখনত অভিনয় কৰিব লগা তেজপুৰৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ শৰ্মাই নাটকখনৰ এটি সংলাপ আওঁৰোৱা অনুষ্ঠানটিত বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই আশীৰ্বাদসূচক ভাষণত নাট্যকাৰ এগৰাকীয়ে মই নাটকৰ মাজেদি যি বাৰ্তা দিব বিচাৰিছোঁ সেইয়া সমাজৰ সকলোৰে বাবে গ্ৰহণযোগ্য নহ’বও পাৰে বুলি মন্তব্য কৰিব পৰাটো এগৰাকী নাট্যকাৰৰ পৰিপক্কতা প্ৰতীয়মান কৰিছে বুলি মন্তব্য কৰি ন সম্পৰীক্ষাৰে বছৰি একোখন নতুন নাটক উপহাৰ দি অসমীয়া নাট্য পৰম্পৰাক ঐশ্বৰ্য কাকতিয়ে গতিশীল কৰি তুলিছে বুলি মন্তব্য কৰে।শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড.ভূপেন শইকীয়াই প্ৰতিবছৰে একোখনকৈ মননশীল নাটক ঐশ্বৰ্য কাকতিদেৱে আমাক উপহাৰ দিছে আৰু আৰু এই নাটকসমূহ তেজপুৰৰেই নহয় অসমৰ ৰাইজে আদৰি লৈছে। এক শক্তিশালী গণ মাধ্যম হিচাপে নাটকক তেওঁ ব্যৱহাৰ কৰিব পাৰাটো লক্ষণীয় বুলি মন্তব্য কৰে।আনহাতে সভাপতিৰ আসনৰ পৰা শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথে ‘পৰিস্হিতি অনুকৰণং নাটকীয় ভবতি’ অৱস্হাৰ অনুকৃতি অনুযায়ী নাটকৰ সৃষ্টি হয় বুলি কৈ ঐশ্বৰ্য্য কাকতিৰ নাটকৰ গুৰুত্বপূৰ্ণ দিশটো পৰিস্হিতি নিৰ্ভৰ বুলি মন্তব্য কৰি নৈৰাজ্যৰ মাজত থাকি নাটকৰ মাজেদি নিজৰ ক’বলগীয়াখিনি সজোৰে কাকতিয়ে কৈ গৈছে বুলি কৈ ৰাজনৈতিক হাতোৰাই বিজয় তেণ্ডুলকাৰৰ দৰে নাট্যকাৰৰ নাট নিষিদ্ধ কৰাৰ দৰে কাকতিয়ে ৰচনা কৰা ৰাজনৈতিক নাটখন নিষিদ্ধ হৈ পৰিলে আশ্বৰ্যকৰ একো নহ’ব বুলি মন্তব্য কৰে। অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক নৃপেন্দ্ৰ কুমাৰ বৰাইও শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More