তেজপুৰত ভদীয়া বানৰ সংহাৰী ৰূপ

0 6

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬আগষ্টঃ ভদীয়া বানে শোণিতপুৰৰ ভালেসংখ্যক অঞ্চল প্লাৱিত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰ তথা বাসগৃহ জলমগ্ন কৰাত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷20230826 172323তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ প্ৰায় ২০খন গাঁও আজি পুৱাৰে পৰা বানত বুৰ গৈছে৷ বাহবাৰী আৰু বিহগুৰি মৌজাৰ ঘগৰা খেলমাটি, নাহৰণি, বৰছন, ঘনশ্যাম চেন্টাৰ, ঘগৰা, কুকুৰ বস্তি, বাহবাৰী খণ্ড, বেতনি, হাতখোলা, মোৱামাৰি, ডেকা চুবুৰী, বৰা চুবুৰী, ছিঙা চুবুৰী, খোলাকটি কছাৰী আদি অঞ্চল সম্প্ৰতি সম্পূৰ্ণ বানৰ তলত৷ কৃষিপ্ৰধান অঞ্চলসমূহৰ সকলো পথাৰ ডিপোটা,ঘগৰা আৰু জৰাসৰৰ বানত বুৰ যোৱাৰ লগতে বৰ্তমান শতাধিক বাসগৃহ বানৰ কবলত পৰিছে৷আনহাতে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ চৌহদো বৰ্তমান বানৰ কৱলত পৰিছে৷ইপিনে বিন্দুকুৰি বান্দৰমাৰী গড়কাপ্তানি পথ বানত বুৰ যোৱাৰ লগতে মোৱামাৰীৰ গড়কাপ্তানি পথো এই বানত বুৰগৈছে৷উল্লেখযোগ্য যে,ডেকাচুবুৰী খ খণ্ডৰ পথৰ এচোৱা যোৱা বছৰেই বানত ছিঙি নিয়াৰ পাছত শেহতীয়াকৈ ৰাইজে এখন বাঁহৰ দলং সাজি লৈছিল যদিও আজি সেইখন দলঙো উটুৱাই নিয়ে৷ পানীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা ৰাইজে পশুধন ৰখাৰ বাবে পুখুৰীৰ ওখ পাৰ ব্যৱহাৰ কৰিছে যদিও এনে পুখুৰীও বুৰ যোৱাৰ আশংকা বৃদ্ধি পাইছে৷ বিগত ২০বছৰৰ ভিতৰত এনে বান দেখা নাই বুলি প্ৰকাশ কৰিছে স্হানীয় ৰাইজে৷ বাহঁবাৰী খন্দৰ বহুলোক বাতৰি যুগুতোৱা সময়লৈকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে যদিও প্ৰশাসনে উদ্ধাৰৰ কোনো ব্যৱস্থ গ্ৰহণ নকৰা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More