এইবাৰ সূৰ্য অভিযান আদিত্য এল-১ত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জন্মেজয় সৰকাৰ জড়িত

0 98

শতাব্দ ষ্টাফ ৰিপ’টাৰ তেজপুৰ ২৫আগষ্টঃ চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা [ইছৰো]য়ে এইবাৰ চলাব সূৰ্য অভিযান৷ ইতিমধ্যে আদিত্য এল-১ নামত মহাকাশ যান সাজু কৰি তুলিছে৷ এই মহাকাশ যানখনত নাথাকিব ইন্ধন৷ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকি আদিত্য এল-১এ পৰ্যবেক্ষণ কৰিব সূৰ্যক৷ উল্লেখ্য যে, বিশ্বত এতিয়াও সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি আৰু সূৰ্যকণা ইত্যাদি অনেক বিষয়ৰ সন্ধানত বহু ৰহস্য উদঘাটন হ’বলৈ বাকী আছে৷ নাচাৰ উদ্যোগত কেৱল মাত্ৰ এটা এনে প্ৰকল্প আৰম্ভ হৈছে যদিও সূৰ্যৰ সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে আন কোনো দেশে মহাকাশ যান প্ৰেৰণ কৰা নাই৷ ইফালে চন্দ্ৰযান-৩ৰ সফলতাৰ পিছতেই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদিত্য এল-১ৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে৷ আনহাতে ইচৰৰ সঞ্চালক এচ সোমনাথে জনিবলৈ দিয়া মতে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত আদিত্য এল-১ উৎক্ষেপনৰ বাবে সাজু হৈ উঠিব৷ এই বিৰল গৌৰৱৰ অংশীদাৰ হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ গৱেষক ছাত্ৰ জন্মেজয় সৰকাৰ৷ তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত বৰ্তমান তেওঁ ড॰ কিশোৰ বৰুৱাৰ তত্বৱধানত মহাকাশ গৱেষণাৰ এগৰাকী জ্যেষ্ঠ গৱেষক ছাত্ৰ হিচাপে জড়িত হৈ আছে৷ তেওঁ আদিত্য এল-১ৰ নিমাৰ্ণ কাৰ্যত জড়িত হৈ পৰে৷ উল্লেখ্য যে এই মহাকাশ যানখন যোৱা কেইদিনমান পূৰ্বে নিমাৰ্ণসম্পূৰ্ণ কৰি পৰীক্ষা-নিৰীক্ষাৰ অন্তত শ্ৰীহৰিকোটাৰ উৎক্ষেপন কেন্দ্ৰক অৰ্পণ কৰা হয়৷ এতিয়া মহাকাশ গৱেষক সকলে গভীৰ প্ৰত্যক্ষাৰে বাট চাই আছে আদিত্য এল-১ৰ উৎক্ষেপনৰ বাবে৷ ইফালে এই অভিযান সফল হ’লে পুনৰ দেশৰবাসীৰ লগতে গৌৰৱাম্বিত হৈ পৰিব তেজপুৰ বিশ্ববিদ্যালয়৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ চয়ন দত্ত চন্দ্ৰযান-৩ত জড়িত হোৱাৰ দৰে আদিত্য এল-১ত আন এগৰাকী ছাত্ৰ জন্মেজয় সৰকাৰ জড়িত হৈ থকা খবৰে সকলোকে উৎফুল্লিত কৰি তুলিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More