তেজপুৰৰ অগপ নেতা, প্ৰাক্তন ট্ৰেড ইউনিয়নিষ্ট, সমাজকৰ্মী, অভিনেতা প্ৰবীণ পাটোৱাৰীৰ পৰলোকপ্ৰাপ্তি 

0 12

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২৫ ছেপ্তেম্বৰ : তেজপুৰৰ এগৰাকী সৰবৰহী এসময়ৰ ট্ৰেড ইউনিয়নিষ্ট, জাতীয়তাবাদী, নিষ্ঠাবান সমাজকৰ্মী, দুটাকৈ কাৰ্যকালৰ তেজপুৰ পৌৰসভাৰ পৌৰ সদস্য তথা অভিনেতা প্ৰবীণ পাটোৱাৰীৰ আজি পুৱা প্ৰায় ৮ বজাত তেজপুৰৰ চানমাৰীৰ ব্ৰজেন নগৰৰ নিজ বাসগৃহতে ৭৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।উল্লেখ্য যে অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ তেজপুৰ সংমণ্ডলত কৰ্মৰত হৈ থকা অৱস্হাত ট্ৰেড ইউনিয়নৰ সৈতে জড়িত হৈ পৰিষদৰ কৰ্মচাৰী সকলৰ ন্যাৰ্য প্ৰাপ্যৰ বাবে অতি নিষ্ঠাৰে সংগ্ৰাম অব্যাহত ৰাখি তেজপুৰৰ এগৰাকী সৰ্ব পৰিচিত সৰবৰহী ব্যক্তি হিচাপে পৰিগণিত হোৱা পাটোৱাৰী কিছু বছৰ পূৰ্বৰে পৰা মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল যদিও শৰীৰৰ বিশেষ অৱনতি ঘটা নাছিল যদিও আজি পুৱা হঠাৎ অসুস্থ হৈ পৰাত দুই পুত্ৰই চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও নিবলৈ সাজু হওতেই আকস্মিক ভাৱে বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে।উল্লেখ্য যে, ২০০৩ চনত বিদ্যুৎ পৰিষদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে ট্ৰেড ইউনিয়নৰ লগত জড়িত হৈ অসম – মেঘালয় – মিজোৰাম ৰাজ্যিক বিজুলী যোগান কৰ্মী সন্হাৰ কেন্দ্ৰীয় বিষয়ববীয়া হিচাপে তেজপুৰৰ পৰা নেতৃত্ব প্ৰদান কৰা পাটোৱাৰীয়ে অসম আন্দোলনৰ সময়ছোৱাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিষয়া – কৰ্মচাৰী সকলৰ সমন্বয়ত গঠিত সদৌ অসম বিদ্যুৎ কৰ্মী কল্যাণ পৰিষদৰো বিশেষ দায়িত্ব বহন কৰি ঐতিহাসিক অসম আন্দোলনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নিজৰ বাসগৃহ থকা চানমাৰী অঞ্চলত “ব্ৰজেন বৰুৱা সোঁৱৰণী সংঘ” প্ৰতিষ্ঠা কৰি অঞ্চলটোৰ বিকাশ আৰু উন্নয়নত অহোপুৰুষাৰ্থ কৰা পাটোৱাৰীয়ে প্ৰতিষ্ঠা কৰা এই সংঘৰ পৰাই পৰৱৰ্তী সময়ত অঞ্চলটি ব্ৰজেন নগৰ হিচাপে পৰিগণিত হয়। এগৰাকী চিত্ৰশিল্পী আৰু অভিনয় শিল্পী হিচাপেও এসময়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা পাটোৱাৰীয়ে এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰচাৰৰ হৰ্ডিং সমূহত অভিনেতা – অভিনেত্ৰী সকলৰ চিত্ৰ অংকন কৰি কৃতিত্ত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। তেজপুৰত প্ৰথমবাৰৰ বাবে উত্তৰ পূৱ ভিত্তিক একাংক নাট প্ৰতিযোগিতা আয়োজন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা পাটোৱাৰীয়ে বিভিন্ন নাটকত দক্ষতাৰে অভিনয় কৰাৰ লগতে নাটক পৰিচালনাতো জড়িত প্ৰয়াত নাট্যশিল্পী সুৰেণ মহন্তৰ লগতে ৰাজেন মেধিৰ সৈতেও মধুৰ সম্পৰ্ক গঢ়ি তুলিছিল। ২০০৩ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অগপ নেতা তথা তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীৰ ঘনিষ্ঠ সান্নিধ্যলৈ আহি সেই বছৰতেই তেজপুৰ পৌৰসভাৰ ১৯ নং ৱাৰ্ডৰ পৰা অগপ দলৰ হৈ পৌৰ সদস্য হিচাপে বিজয়ী হৈ সক্ৰিয় ভাৱে অসম গণ পৰিষদৰ সৈতে জড়িত হৈ পৰে। তাৰ পিছৰ কাৰ্যকালতো পুনৰ একেটা ৱাৰ্ডৰ পৰা পৌৰ সদস্য হিচাপে নিৰ্বাচিত হৈ তেজপুৰ পৌৰসভাৰ আটাইতকৈ ডাঙৰ ৱাৰ্ড হিচাপে ৱাৰ্ডটোৰ সামগ্ৰিক উন্নয়নত নিষ্ঠা সহকাৰে জড়িত হৈ মৃত্যুৰ সময়লৈকে অসম গণ পৰিষদ দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে সেৱা আগবঢ়াই আহিছিল।এইগৰাকী সৰবৰহী, সমাজকৰ্মীৰ দেহাৱসানৰ বতৰা পোৱাৰ পিছতেই আজি বাসগৃহত অসংখ্য গুণমুগ্ধৰ সমাগম ঘটে আৰু নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত দুই পুত্ৰ, বোৱাৰীৰ লগতে অসংখ্য আত্মীয় স্বজনক এৰি থৈ যোৱা পাটোৱাৰীৰ মৃত্যুত তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰি এগৰাকী জাতীয়তাবাদী আৰু নিষ্ঠাবান সমাজকৰ্মী আছিল বুলি এক শোক বাৰ্তাত উল্লেখ কৰি বিদেহ আত্মাৰ সদগতি কামনাৰে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, অগপৰ তেজপুৰ জিলা সমিতিৰ সভাপতি ৰাতুল নাথ, প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা, আল্লাউদ্দিন আহমেদ, বিশিষ্ট বামপন্থী নেতা ৰুবুল শৰ্মা,  তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাস, সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীব হাজৰিকা,চানমাৰী জ্যেষ্ঠ নাগৰিক সন্থাৰ গণেশ পৌড়েল, চানমাৰী দুৰ্গা পূজা সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More