আহত বনৰীয়া হাতীৰ মৃত্যু শোণিতপুৰতঃপাৰস্পৰিক যুঁজত এমাহতে দুটাকৈ হাতীৰ মৃত্যু

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ ফুলবাৰী চাহবাগিচাৰ ২৩নম্বৰ লাইনত যোৱা ১৯ছেপ্টেম্বৰত গুৰুতৰ ভাবে আহত হোৱা দঁতাল বনৰীয়া হাতীটোৰ যোৱা নিশা মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,দ্ৰুতগতিত প্ৰাকৃতিক আৱাস ধ্বংস হোৱাৰ ফলত খাদ্যৰ সংকটত ভোগা হাতীৰ জাক অৰণ্যৰ বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে৷ শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই ৰূপাই অভয়াৰণ্যতে যথেষ্ট সংখ্যক বনৰীয়া হাতী আছে য’দিও সোণাইৰূপাইৰ বহু অংশ বেদখল হোৱাৰ লগতে বালিপৰা আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰো একেই অৱস্হা হোৱাত বনৰীয়া হাতীৰ জাকে ৰঙাপৰা আৰু বালিপৰাৰ লগতে তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন আৱাসিক অঞ্চল তথা চাহবাগিচা অঞ্চলত প্ৰৱেশ কৰেহি৷ কিন্তু শেহতীয়াকৈ বাহিৰতো হাতীৰ মাজতে যুঁজ লাগি দুটাকৈ হাতী মৃত্যু মুখত পৰিবলগীয়া হোৱাত চিন্তিত কৰিছে বন্যপ্ৰাণী প্ৰেমী সকলক৷উল্লেখযোগ্য যে,১৯ ছেপ্টেম্বৰত চাৰিটা মখনাৰ একত্ৰিত আক্ৰমণত প্ৰায় ২৫বছৰীয়া দঁতালটো গুৰুতৰ ভাবে আহত হয়৷আগফালৰ এখন ঠেং ভাঙি যোৱাৰ লগতে পেটৰ ভিতৰত আঘাতপোৱা দঁতালটোক চাৰিটা মখনাই কাষৰ দ অংশলৈ ঠেলি পেলাই দিয়া দেখা পাইছিল একাংশ লোকে৷হাতীটোৰ চিকিৎসা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী চিকিৎসকে অব্যাহত ৰাখিছিল য’দিও যোৱা নিশা হাতীটোৰ মৃত্যু ঘটে৷ আজি দিনত হাতীটোৰ দাঁত দুটা বিভাগীয় নিয়ম অনুসৰি আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ে সংগ্ৰহ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে৷মৃত হাতীটোক ফুলবাৰী বাগিচাৰ সেই স্হানতে পোতাৰ ব্যৱস্থা কৰা হৈছে৷উল্লেখযোগ্য যে,যোৱা ১৯ছেপ্টেম্বৰতে চাৰিদুৱাৰৰ ৰিংখাংপুৰত আন এটা বনৰীয়া হাতীও নিহত হৈছিল৷আন বনৰীয়া হাতীৰ লগত যুঁজৰ ফলত আহত হৈ এটা নলাত প্ৰায় এমাহ পৰি থকা হাতীটোৰ মৃত্য হৈছিল৷উল্লেখযোগ্য যে,শোণিতপুৰত বনৰীয়া দঁতাল হাতীৰ সংখ্যা বহু কম আৰু শেহতীয়াকৈ এটা মাহৰ ভিতৰত দুটা বন্যহস্তী যুঁজত নিহত হোৱা ঘটনাই বন্যপ্ৰাণী প্ৰেমী সকলোকে ব্যথিত কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More