নিজে শিক্ষাগ্ৰহণ কৰা তিনিচুকীয়াৰ বিদ্যালয়ত দেশৰ মাষ্টাৰ চেফ নয়নজ্যোতি

0 35

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ এপ্ৰিল :IMG 20230410 WA0027 ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব’ ‘মাষ্টাৰ চেফ ইণ্ডিয়া’ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা নয়নজ্যোতি শইকীয়াক আজি নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰা তিনিচুকীয়া চহৰৰ সৌমাৰজ্যোতি বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয় ৷ দেশৰ লগতে বিশ্বৰ আগশাৰীৰ মাষ্টাৰ চেফৰ অন্যতম এগৰাকী চেফ হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱৰ নয়নজ্যোতি শইকীয়াই নিজে শিক্ষা লাভ কৰা বিদ্যালয়ত আজি উপস্থিত হোৱাৰ খবৰ পাই শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ বিদ্যালয়খনত উপস্থিত হোৱাৰ পাছত নয়নজ্যোতিক বিদ্যালয়ৰ প্ৰবেশ পথৰ পৰাই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে আদৰি অনাত প্ৰাক্তন ছাত্ৰজন নষ্টালজিক হৈ পৰে ৷ নয়নজ্যোতিয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সম্মুখত মাষ্টাৰ চেফ খিতাপ অৰ্জনৰ জয়যাত্ৰা সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময়ো কৰে ৷ শিক্ষা গ্ৰহণৰ সময়ছোৱাত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পৰা ভৱিষ্যৎ জীৱনত আগবাঢ়ি যাবলৈ হ’লে নিজৰ চৰিত্ৰ গঠনৰে কেনেদৰে অগ্ৰসৰ হ’ব লাগে সেই শিক্ষা এইখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰাই লাভ কৰিবলৈ সক্ষম হৈছিল বুলি নয়নজ্যোতিয়ে উল্লেখ কৰে ৷ মানুহৰ সৈতে কেনে ধৰণৰ কথা-বতৰা, আচাৰ-ব্যৱহাৰে জীৱনটোক আগুৱাই নিয়াত সহায়ক হয় তাৰ শিক্ষাও এই বিদ্যালয়তে লাভ কৰা বুলি তেওঁ কয় ৷ অসম তথা উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ মাজত প্ৰচলিত খাদ্যাভাসৰ সোৱাদ ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এক স্থান দিয়াৰ বাবে তেওঁৰ এক সপোন থকাৰ কথাও নয়নজ্যোতিয়ে নিজৰ বক্তব্যত উল্লেখ কৰে ৷ উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক উদ্যেশ্যি নয়নজ্যোতি শইকীয়াই কয় যে অধ্যয়নৰ লগতে সামাজিক ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠা কৰাৰ আগ্ৰহ থকাৰো প্ৰয়োজন ৷ শিক্ষাকে ধৰি আন আন ক্ষেত্ৰত যাকেই অনুসৰণ নকৰক কিয় তাৰ মাজতে নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ চিন্তাশক্তি আৰু মনোবল দৃঢ় কৰি আগবাঢ়ি গ’লে সফলতা নিশ্চয় পোৱা যায় বুলি তেওঁ কয় ৷ মাষ্টাৰ চেফ নয়নজ্যোতি শইকীয়াক বিদ্যালয়ৰ তৰফৰ পৰা এখন ফুলাম গামোচা, এটা জাপি, ফুলৰ থোপা আৰু এখন অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লক্ষীপ্ৰভা ফুকনে গামোচা, ফুলৰ থোপা আৰু জাপি প্ৰদান কৰাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য (ভাৰপ্ৰাপ্ত) ড° মদন শৰ্মাই অভিনন্দন পত্ৰ প্ৰদান কৰে ৷ অনুষ্ঠানত পৰিচালনা সমিতিৰ সম্পাদক লীলাম্বৰ দহোতীয়া আৰু অন্যতম সদস্য কমল তালুকদাৰো উপস্থিত থাকে ৷ নয়নজ্যোতিয়ে সকলোকে আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সম্মুখত নিজে বিহুগীত গাই সকলোৰে সৈতে বিহু নাচি আনন্দ প্ৰকাশ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More