প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ নাৰ্ছিংহোমত উত্তপ্ত পৰিস্থিতি

0 59

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ আগষ্ট : তিনিচুকীয়াৰ ৰঙাগড়া পথস্থিত আদিত্য ডায়েগ’নষ্টিকছ এণ্ড হাস্পতাল নামৰ চিকিৎসালয়খনত আজি এগৰাকী প্ৰসূতিৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ ন-শৰাই অঞ্চলৰ মিতালী দাস নামৰ প্ৰসূতিগৰাকীৰ চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে মৃত্যু হোৱাৰ অভিযোগ তুলি বহুসংখ্যক লোকে আজি বিয়লি চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অভিযোগ অনুসৰি আজি পুৱা প্ৰায় ৭:৩০ বজাত চিজাৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিয়াৰ পাছৰ পৰা বিয়লি পৰ্যন্ত মিতালী দাস অজ্ঞান হৈ থাকে আৰু চিকিৎসালয় কৰ্তৃপক্ষই প্ৰসূতিগৰাকীৰ জ্ঞান আহিব বুলি কৈ কৈ পৰিয়ালৰ লোকক আভুৱা ভাৰি ৰাখে ৷ প্ৰসূতিগৰাকীক পূৰ্বৰ পৰাই চিকিৎসা প্ৰদান কৰি অহা জনৈক মহন্ত উপাধিৰ চিকিৎসকজনে অস্ত্ৰোপচাৰ কৰি ওলাই যোৱাৰ পাছত বাৰম্বাৰ ফোন কৰি থকাৰ পাছতো কেইবাঘণ্টালৈকে আকৌ মিতালীক চাবলৈ অহা নাছিল বুলিও অভিযোগত প্ৰকাশ ৷ পৰিয়ালৰ সূত্ৰমতে দীৰ্ঘ সময় অজ্ঞান অৱস্থাত চিকিৎসালয়খনত মিতালীক পেলাই ৰাখি পৰিস্থিতি ক্ৰমে জটিল হবলৈ ধৰাতহে চিকিৎসালয় কৰ্তৃপক্ষই মিতালীক ডিব্ৰুগড় নিবলৈ পৰিয়ালৰ লোকক কয় ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনৰ পৰিৱেশ উত্তপ্ত হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More