নৰ্থ লখিমপুৰ কলেজত গণ সংযোগ বিভাগৰ সতীৰ্থ সমাৰোহত সাংবাদিকৰে মত বিনিময়

0 102

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ এপ্ৰিলঃ নৰ্থ লখিমপুৰ কলেজ প্ৰাংগনত গণ সংযোগ বিভাগে প্ৰথম প্ৰাক্তন সতীৰ্থ সমাৰোহখনি আজি উদযাপন কৰে। মহাবিদ্যালয়ৰ ডিজিটেল ক্লাছৰূমত অনুষ্ঠিত অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমান চেতিয়াই। তেওঁক সহযোগ কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুমুদ বৰুৱা আৰু কৰুণা কৃষ্ণ নাথে। উদ্বোধনী ভাষণত অধ্যক্ষ চেতিয়াই বিভাগটোৰ ছাত্ৰ সকলক কেৱল পুথিগত শিক্ষাৰেই নহয়, কামত কৌশলী পদক্ষেপেৰে পাৰ্গত হবলৈ আহ্বান জনায়। বন্তি প্ৰজ্বলনৰ পাছতে বৃক্ষ ৰোপন আৰু সাংবাদিকসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। মত বিনিময় অনুষ্ঠানত লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি কুমুদ বৰুৱাই নিজৰ অভিজ্ঞতা বিনিময় কৰি ছাত্ৰ ছাত্ৰী সকলৰ দৃষ্টি আকৰ্ষণ কৰে। জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱাই পেছা হিচাপে লখিমপুৰ জিলাত সাংবাদিকতাৰ চমু ইতিহাস আৰু স্থিতি সন্দৰ্ভত বিভিন্ন তথ্যৰে ভাষণ প্ৰদান কৰে। পৰৱৰ্তী পৰ্যায়ত উপস্থিত সাংবাদিকসকলে বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰায় ৪ ঘণ্টাজোৰা অনুষ্ঠানটোত সাম্প্ৰতিক সংবাদ মাধ্যমৰ কেতবোৰ স্পৰ্শকাতৰ তথা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More