সৰ্প দংশনঃ শূন্য মৃত্যুৰ হেট্ৰিক বছৰ 

সৰ্বভাৰতীয় পৰ্যায়ত বিৰল কৃতিত্ব

0 49

 ডাঃ সুৰজিত গিৰি

     শিৱসাগৰ জিলাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ে ক্ৰমাগত তৃতীয় বছৰৰ বাবে সৰ্প দংশনত শূন্য মৃত্যুৰ হেট্ৰিক অৰ্জন কৰে। ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ সকলো চিকিৎসাকৰ্মীয়ে এক অসম্ভৱক সম্ভৱ কৰিলে। ভাৰতবৰ্ষৰ কোনো গ্ৰাম্য চিকিৎসালয়ৰপৰা এনে বিৰল কৃতিত্বৰ খবৰ পাবলৈ নাই।

২০২১ বৰ্ষত ৪৬৪জন সৰ্প দংশন ৰোগীৰ চিকিৎসা: মৃত্যু শূন্য।
২০২২ বৰ্ষত ৫৭৩জন সৰ্প দংশন ৰোগীৰ চিকিৎসা: মৃত্যু শূন্য।
২০২৩ বৰ্ষত ৬২৯জন সৰ্প দংশন ৰোগীৰ চিকিৎসা: মৃত্যু শূন্য।

এই বিৰল কৃতিত্ব সৰ্বপ্ৰথম ডিমৌ চিকিৎসালয়ৰ সকলো স্বাস্থ্যকৰ্মীক আমি দিবলৈ বিচাৰিছোঁ। সকলোৱেই সমান উৎসাহেৰে ৰোগীসকলৰ চিকিৎসা কৰিছিল। মাজ ৰাতিয়েই হওক বা ব্ৰহ্ম পুৱাতে হওক, তেওঁলোকে অকণো কৃপণালি নকৰাকৈ যি ৰোগীক এণ্টীভেনম প্ৰয়োজন হৈছিল, সেই ৰোগীক ক্ষিপ্ৰতাৰে প্ৰয়োগ কৰিছিল।

দ্বিতীয় কৃতিত্ব আমাৰ ৰাইজ আৰু সমাজ। তেওঁলোকে যুগ-যুগ ধৰি সমাজত প্ৰচলিত কু-সংস্কাৰ বা অন্ধবিশ্বাসবোৰ জলাঞ্জলি দি হস্পিটেললৈ বুলি দৌৰ দিছিল। তথাপি দুই-এজন ব্যক্তি বা মুষ্টিমেয় কিছু সমাজক আধুনিক মেডিকেল চিকিৎসা ব্যৱস্থাই এতিয়াও প্ৰভাৱিত কৰিব পৰা নাই। দুই এজনে এতিয়াও বেজৰ জৰা-ফুকাত সময় নষ্ট কৰি শেষত আমাৰ চিকিৎসালয়ত উপস্থিত হৈছিল। আজিৰ তাৰিখত এই শ্ৰেণীৰ মানুহ বা সমাজ একেবাৰে নগণ্য। ভাগ্যে তেওঁলোকক বিহহীন সাপে দংশন কৰিছিল। বিষাক্ত সাপৰ দংশন হোৱাহেঁতেন এনেদৰে সময় নষ্ট কৰা ভুক্তভোগীক আমাৰ স্বাস্থ্য কৰ্মীসকলে আৰোগ্য কৰিব নোৱাৰিলেহেঁতেন। অসমৰ এনে কিছু নগণ্য ব্যক্তি বা সমাজক বাদ দি আজি বুজন সংখ্যক ৰাইজ হস্পিটেললৈ ঢাপলি মেলা আমাৰ পৰিলক্ষিত হৈছে। অসমৰ ৰাইজৰ আধুনিক চিকিৎসা ব্যৱস্থাৰ ওপৰত অগাধ বিশ্বাসে আমাক অনুপ্ৰাণিত কৰিছে।

তৃতীয় কৃতিত্ব আমি দিব বিচাৰিছোঁ আমাৰ সজাগ আৰু সতৰ্ক ৰাইজ তথা নাগৰিকক। কৃতিত্ব দিব বিচাৰিছোঁ বিভিন্ন সংগঠন, অসম আৰু ডিমৌৰ বিভিন্ন সংবাদকৰ্মী আৰু কিছু ৰাজনৈতিক দল। কোৱা বাহুল্য যে ৰাজনৈতিক দলৰ কোনো ব্যক্তিয়ে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে আগবাঢ়ি অহা নাছিল। সকলোৱেই যেন আমাক সহায় সহযোগ কৰিছিল।

কৃতিত্বৰ অংশীদাৰ আমাৰ স্বাস্থ্য বিভাগ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ। তেওঁলোকে ভুক্তভোগীৰ সহায় হোৱাকৈ সকলোখিনি দৰৱ-পাতিৰ যোগান ধৰিছিল। সৰু-সুৰা দুই-এক দৰৱ কেতিয়াবা নাথাকিব পাৰে, সেয়া আমাৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষই যোগান ধৰিছিল।

আমি আগতেও কৈছোঁ আৰু আজিও কওঁ সৰ্প দংশনত শূন্য মৃত্যু সম্ভৱ কৰিবলৈ হলে সকলোৱে মিলি জুলি কাম কৰিব লাগিব আৰু এটা মাত্ৰ উদ্দেশ্য হব লাগিব ‘সৰ্প দংশনত শূন্য মৃত্যু। ‘

২০২৩ বৰ্ষত এই চিকিৎসালয়খনৰ চিকিৎসা কৰ্মীসকলে বিষাক্ত পিট ভাইপাৰ সাপৰ দংশনৰ ৬৩ জন, শংখচূড়/ফেটী সাপৰ দংশনৰ ৩৪জন আৰু ৰঙা মূৰীয়া সাপৰ দংশনৰ ১৫জন ব্যক্তিক সুস্থ কৰি তুলিছিল। বিষাক্ত সাপৰ দংশনৰ হাৰ মাত্ৰ ১৫%। অৰ্থাৎ ১০০জন সৰ্প দংশন হোৱা ভুক্তভোগীৰ ভিতৰত মাত্ৰ ১৫জন ব্যক্তিকহে বিষাক্ত সাপে দংশন কৰিছিল বা বিহ ঢালিছিল। অৰ্থাৎ বুজন সংখ্যক ভুক্তভোগীক বিহহীন সাপে দংশন কৰিছিল বা বিষাক্ত সাপে দংশন কৰিলেও বিহ ঢালিব পৰা নাছিল। এই বুজন সংখ্যক ব্যক্তিক আমি সাহস দিছিলোঁ বা আনুষংগিক দৰৱ-পাতি দি চিকিৎসা কৰা হৈছিল।

২০২৩ বৰ্ষত বহু সংখ্যক ভুক্তভোগী ৰোগী দাঁতি-কাষৰীয়া জিলাৰ পৰা আমাৰ ডিমৌ হস্পিটেললৈ ঢাপলি মেলিছিল। দূৰ- দূৰান্তৰপৰা অহা ভুক্তভোগী সকলৰ বাবে আমি অত্যন্ত চিন্তিত। বহু কিল’মিটাৰ বাট কুৰি বাই ডিমৌ হস্পিটেল আহি পাও মানে ৰোগীৰ অৱস্থা সংকটজনক হোৱাৰ অৱকাশ থাকে। এনে ৰোগীৰ বাবেই যেন আমাক এটা ICU লাগিছিল। তদুপৰি নুশুকুৱা ঘাঁ আদিৰ ড্ৰেছিঙৰ বাবেও কিছু ৰোগী বহু কিল’মিটাৰ বাট কুৰি বাই ডিমৌ হস্পিটেলত উপস্থিত হৈছিল। সকলোকে আমাৰ স্বাস্থ্যকৰ্মীসকলে আদৰি লৈছিল। প্ৰাৰম্ভিক অৱস্থাত ৰোগীক চিকিৎসা কৰিব নাপালে আমি যেন কাৰোবাক কেতিয়াবা সুস্থ কৰিব নোৱাৰিবও পাৰো। এই চিন্তাটোৱে আমাক প্ৰায়ে বিচলিত কৰি থাকে। যোৱা তিনিটা বছৰে আমাৰ স্বাস্থ্য কৰ্মীসকলে সীমিত সা- সুবিধাৰে এক অঘোষিত যুদ্ধত জয়ী হৈ আহিছে। কিন্তু অনাগত বছৰ কেইটাত সেয়া সম্ভৱ হ’ব নে? ৰাইজ আৰু সমাজৰ আমাৰ চিকিৎসালয়খনৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবেই দূৰ-দূৰণিৰ ৰোগী আৰু আত্মীয় ঢপলিয়াই আহিছে। অনাগত বছৰ কেইটাত আমি ৰাইজৰ এই বিশ্বাস বৰ্তাই ৰাখিব পাৰিম নে?

২০২৩ বৰ্ষত শিৱসাগৰ জিলাৰ বাদেও নিম্নলিখিত জিলাৰ পৰা আহি ডিমৌ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা ভুক্তভোগীৰ সংখ্যাই আমাক চিন্তিত কৰি তুলিছে।

চৰাইদেউ: ৯১ জন
ডিব্ৰুগড়: ৯০ জন
গোলাঘাট: ২০ জন
যোৰহাট: ১৬ জন
তিনিচুকীয়া: ৫ জন
ধেমাজি আৰু মাজুলী: ৩ জন
লক্ষ্মীমপুৰ: ২ জন
ডিমা হাছাও আৰু বাক্সা: ১ জন

২০১৮ বৰ্ষৰপৰা ২০২৩ বৰ্ষলৈকে ডিমৌ হস্পিটেলৰ স্বাস্থ্য কৰ্মীসকলে ১৮৪২জন সৰ্প দংশন ৰোগীৰ চিকিৎসা সফলতাৰে কৰে। একমাত্ৰ মৃত্যু ২০২০ বৰ্ষত। ডিমৌ চিকিৎসালয়ৰ চিকিৎসা কৰ্মীসকলে এই সময়ছোৱাত বিষাক্ত পিট ভাইপাৰ সাপৰ ১৭৭ জন, বিষাক্ত ফেটী বা শংখচূড় প্ৰজাতিৰ ৭৬জন আৰু ৰঙা-মূ ৰীয়া সাপৰ ২৬জন দংশিত ৰোগীক সুস্থ কৰি তুলিছে।

ডিমৌ গ্ৰাম্য চিকিৎসালয়ে প্ৰমাণ কৰে যে সৰ্প দংশন চিকিৎসাত ICU বা ভেণ্টীলেচন আদিৰ প্ৰয়োজন নাই, বিয়াগোম হস্পিটেল বা বিয়াগোম ডাক্তৰৰ বা বিয়াগোম স্বাস্থ্যকৰ্মীৰও প্ৰয়োজন নাই, যদিহে সৰ্প দংশনৰ পাছত ৰোগী তৎক্ষণাৎ ওচৰৰ সামূহিক বা জিলা চিকিৎসালয়ত আহি ২৪ ঘণ্টাৰ বাবে পৰ্যৱেক্ষণত থাকে।

ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ এই বিৰল সফলতাই অনাগত দিনত অসমত সৰ্প দংশনত শূন্য মৃত্যু সম্ভৱ হব যেন মনে ধৰে। আজি অসমৰ প্ৰত্যেক সামূহিক আৰু জিলা চিকিৎসালয়ত এণ্টীভেনম উপলব্ধ। আমিও চৰকাৰৰ সহযোগত স্বাস্থ্য কৰ্মীসকলৰ প্ৰশিক্ষণ আদি কামবোৰত আগুৱাই গৈ আছোঁ। অসমৰ বহু ডাক্তৰ, নাৰ্চ, স্বাস্থ্যকৰ্মী বিষয়টোত আগবাঢ়ি অহাটো আমাৰ বাবে এটা ইতিবাচক খবৰ।

অসমৰ ৰাইজ, সচেতন নাগৰিকক আমাৰ এটাই আহ্বান: সৰ্প দংশন হৈছে বা গ্ৰীষ্মকালীন কিবাই কামুৰিছে একো বাচ-বিচাৰ নকৰি তৎক্ষণাৎ হস্পিটেলত ভৰ্তি হব বা ভুক্তভোগীজনক ভৰ্তি কৰাব আৰু ২৪ ঘণ্টা পৰ্যৱেক্ষণত থাকিব বা থাকিবলৈ ক’ব। স্বাস্থ্য কৰ্মীসকলে লক্ষণবোৰৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা কৰে। লক্ষণ আছে বিষাক্ত। লক্ষণ নাই বিহহীন সাপৰ দংশন। আমি সকলোৱে মনত ৰখা উচিত যে বাকী বিভিন্ন বেমাৰবোৰ ধৰা পেলাবলৈ যেনেদৰে আমাৰ ওচৰত পৰীক্ষা কৰিবলৈ বিভিন্ন টেষ্ট আছে, সাপে দংশন কৰাৰ পাছত দেহত বিহ ঢালিছে নে নাই, সেয়া জানিবলৈ আমাৰ ওচৰত একো ব্যৱস্থা নাই। আমি সম্পূৰ্ণৰূপে ৰোগীৰ লক্ষণৰ ওপৰতহে নিৰ্ভৰশীল।

বিষাক্ত সাপৰ বিহৰ প্ৰাৰম্ভিক লক্ষণতে এণ্টীভেনম বেজী প্ৰয়োগ কৰিলেহে ভুক্তভোগী ৰোগীজনৰ দ্ৰুত আৰোগ্য হয়। প্ৰাৰম্ভিক লক্ষণবোৰ দেখা দিয়াৰ বহু পিছত ৰোগী দেৰিকৈ হস্পিটেল আহি পালে, এণ্টীভেনম বেজী প্ৰয়োগ কৰিলেও তেওঁক আৰোগ্য কৰিবলৈ অতি জটিল হৈ পৰে। আমি যদি এই সূত্ৰ অসমৰ চুকে-কোণে প্ৰয়োগ কৰিব পাৰোঁ, তেনেহ’লে আমাক অসমত ২০২৫ বৰ্ষত সৰ্প দংশনত শূন্য মৃত্যু হোৱাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

আমি আশাবাদী।

আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ অশেষ শুভেচ্ছা আৰু শুভকামনা জনালোঁ আৰু আমাক আশীৰ্বাদ কৰিব যাতে আগন্তুক ২০২৪ বৰ্ষৰ তিনি জানুৱাৰীৰ দৰে কেক কটা অনুষ্ঠানটি প্ৰতি বছৰে জানুৱাৰী মাহত ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীসকলে যেন অনুষ্ঠিত কৰিব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More