মণিপুৰ কাণ্ডঃ  ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন আৰু তেজপুৰ জিলা মহিলা সমিতিৰ

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২২ জুলাই: গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত মণিপুৰৰ দুগৰাকী মহিলাৰ ওপৰত হোৱা অমানৱীয় নিৰ্যাতনৰ চাঞ্চল্যকৰ ভিডিঅ’ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন আৰু তেজপুৰ জিলা মহিলা সমিতিয়ে দেশৰ ৰাষ্ট্ৰপতিলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন আৰু তেজপুৰ জিলা মহিলা সমিতিয়ে আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ত হোৱা এক আলোচনা চক্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰে । সমগ্ৰ দেশক লজ্জানত কৰাৰ লগতে বিশ্বজুৰি উদ্বিগ্নতা প্ৰকাশ পোৱা নাৰী নিৰ্যাতনৰ এই জঘণ্য ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ মহিলা সংগঠনে কয় যে, মণিপুৰৰ প্ৰশাসনিক দিশটো এই কাণ্ডই উদঙাই দেখুৱাইছে৷ মানৱ অধিকাৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সঞ্চালক ডঃ বৰ্ণালী শৰ্মা বৰুৱাই কয় যে মণিপুৰৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত । বিশেষকৈ ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনৰ লগতে চৰকাৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী এন বীৰেন সিঙকো জগৰীয়া কৰি ইয়াৰ কাৰণ হিচাপে উল্লেখ কৰে যে, ৰাজ্যখনৰ হিংসাত্মক ঘটনাৰ আৰম্ভণিতে হোৱা এই নিৰ্লজ্জ কাণ্ডৰ বিষয়ে চৰকাৰে জ্ঞাত আছিল৷ ইয়াৰ ফলতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক তাৎক্ষণিক ভাৱে বদলি কৰা হৈছিল৷ৰাজ্যখনত দুটাপক্ষৰ হিংসাৰ বলি দুগৰাকী মহিলাই নহয় আৰু বহুকেইটা এনে ঘটনা সংঘটিত হৈছিল যাৰ তথ্য প্ৰশাসনিক বিষয়া বা চৰকাৰে ইচ্ছাকৃতভাৱে গাপ দি আছিল বুলি অভিযোগ উত্থাপন কৰে সংস্হাটোৱে। আনহাতে,মণিপুৰৰ এই বৰ্বৰোচিত ঘটনাক তেজপুৰৰ মহিলা সমিতি আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচনে তীব্ৰ নিন্দা কৰাৰ লগতে ৰাজ্যিক মহিলা আয়োগৰ মৌনতাকলৈয়ো প্ৰশ্ন উত্থাপন কৰিছে । লগতে চৰকাৰৰ এই চৰম ব্যৰ্থতাৰ ফলত দেশৰ উচ্চতম ন্যায়ালয়ে শ্ব’ মত’ গোচৰ লবলগীয়া হৈছে বুলি মন্তব্য কৰে। ড° বৰ্ণালী শৰ্মাই আৰু কয় যে, কেৱল দোষীক শাস্তি প্ৰদান কৰাই নহয়, প্ৰশাসন যন্ত্ৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীও ইয়াৰ বাবে সমানে জগৰীয়া৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More