মুকলিৰ তিনিবছৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নাই পৰ্যাপ্ত ঔষধ-সা-সুবিধা

 ৰোগীৰ হাহাকাৰঃ আজিও মুকলি নহল দহটা বিভাগৰ সেৱা

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন যোৱা তিনিটা বৰ্ষৰ পূৰ্বেই আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল যদিও আজিও চিকিৎসা মহাবিদ্যালয়খনে পূৰ্ণতা লাভ নকৰিলে৷ যাৰবাবে এই চিকিৎসালয়খনত এতিয়া ৰোগীসকলে পৰ্যাপ্ত ঔষধ তথা সা-সুবিধাৰ পৰা বঞ্চিত হ’বলগা হৈছে৷ পূবে ধেমাজি জিলা, পশ্চিমে বিশ্বনাথ জিলা, দক্ষিণে মাজুলী জিলা, উত্তৰে অৰুণাচল প্ৰদেশৰ পৰাও ৰোগীসকলে উন্নত চিকিৎসা সেৱা বিছাৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়৷ কিন্তু এই চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও আটাইসমূহ বিভাগ মুকলি নোহোৱাৰ ফলত ৰোগীসকলে পৰ্যাপ্ত সেৱাৰ পৰা বঞ্চিত হৈ আহিছে৷ এতিয়াও এই চিকিৎসালয়খনৰ পৰা ৰোগীক নিতৌ ডিব্ৰুগড় অথবা গুৱাহাটীলৈ প্ৰেৰণ কৰি অহা কাৰ্যতো লখিমপুৰবাসীৰ বাবে অতি দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে৷ তাতোতকৈ আচৰিত কথা যে, বৃহত্তৰ চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰায়বোৰ বিভাগৰ গৃহসমূহ সম্পূৰ্ণ হৈ উঠাৰ পিছতো এই পৰ্যন্ত বহু চিকিৎসাজনিত সা-সৰঞ্জ াম চিকিৎসা মহাবিদ্যালয়খনত উপলব্ধ নহ’ল৷ এটা জীৱনদায়িনী ঔষধৰ বাবে এই চিকিৎসালয়খনত ৰোগীয়ে এতিয়াও হাহাকাৰ কৰিবলগা হয়৷ বিশেষকৈ দুৰ্গম অঞ্চল সমূহৰ পৰা চিকিৎসা মহাবিদ্যালয়খনত সেৱা লাভ কৰিবলৈ অহা দৰিদ্ৰ ৰোগীসকলে বহু আশাৰে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয় যদিও সেই অনুসৰি উপযুক্ত সেৱা তথা ঔষধৰ পৰা বঞ্চিত হৈ আহিছে৷ একেদৰে চিকিৎসা মহাবিদ্যালয়খনত এই পৰ্যন্ত কাৰ্ডিঅ’লজি, এন্দক্ৰাইনলজি, ইৰ’লজি, নেফ্ৰ’লজি, অত্যাৱশ্যকীয় ঔষধ, প্লাষ্টিক চাৰ্জাৰি, নিউৰ’ চাৰ্জান, নিউৰ’লজি, আদি দহটা বিভাগৰ সেৱাসমূহ চিকিৎসকৰ অভাৱত এই পৰ্যন্ত মুকলি নহ’ল৷ কোটি কোটি টকাৰ ব্যয় সাপেক্ষে গৃহসমূহ নিৰ্মাণ কৰা হ’ল যদিও এই গৃহসমূহৰ ভিতৰৰ অধিকাংশ কোঠাই এতিয়া খালী হৈ পৰি আছে৷ উল্লেখনীয় কথা যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনত মাহিলী বিভিন্ন উৎসৰ পৰা ১২ লক্ষাধিক টকা আয় হয় যদিও এই চিকিৎসালয়খনত সাধাৰণ জ্বৰ-কাঁহৰ লগতে কেলচিয়াম জাতীয় ঔষধকেইটাও ৰোগীয়ে লাভ কৰিবলৈ সক্ষম নোহোৱাটো দুৰ্ভাগ্যজনক বিষয় হিচাপে পৰিগণিত হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More