মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্তৰ দাবীত প্ৰতিবাদঃ উত্তাল তিনিচুকীয়া

0 22

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ এপ্ৰিল : অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু ষষ্ঠ অনুসূচীভুক্ত কৰি স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবীত সুদীৰ্ঘকাল সংগ্ৰাম অব্যাহত ৰাখিছে মৰাণ জনগোষ্ঠীৰ পিতৃ সংগঠন অসম মৰাণ সভা, ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মহিলা সংগঠন মৰাণ জাতীয় মহিলা পৰিষদে ৷ আজি পুনৰ অসম মৰাণ সভাৰ উদ্যোগত তথা মৰাণ জনগোষ্ঠীয় কেউটা সংগঠনৰ সহযোগত তিনিচুকীয়াৰ উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ পৰা সমদল কৰি গোপীনাথ বৰদলৈ পথ হৈ বৰগুৰিস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে ’আমাক জনজাতিকৰণ লাগিবই, আমাক জনজাতিকৰণ প্ৰদান কৰক, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব’ আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰাৰ পাছত উক্ত স্থানত এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ ইয়াৰ পাছত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয় ৷ স্মাৰক-পত্ৰত মৰাণ জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰাৰ লগতে ষষ্ঠ অনুসূচীভুক্তকৰণৰ জৰিয়তে স্বায়ত্তশাসন প্ৰদান কৰাৰ বাবে মৰাণ জনগোষ্ঠীয় কেউটা সংগঠনে দাবী জনাই ইয়াৰ অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সম্পাদক বিতুপন মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সাধাৰণ সম্পাদক দেৱকান্ত মৰাণকে আদি কৰি সদৌ মৰাণ কলাসংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভাৰ নেতৃবৃন্দৰ লগতে বহুসংখ্যক মৰাণ জনগোষ্ঠীৰ লোক উপস্থিত থাকে ৷ উল্লেখ্য, প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰাকক্ষণত মৰাণ জনগোষ্ঠীকে আদি কৰি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দি আহিছে ৷ বৰ্তমানৰ শাসনাধিষ্ঠিত দলটোৱেও নিৰ্বাচনৰ প্ৰাকক্ষণত অনুৰূপ আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু কাৰ্যক্ষেত্ৰত আজিলৈকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা দৃষ্টিগোচৰ নহ’ল ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More