ভাল খবৰঃ কানাডা নিবাসী তেজপুৰৰ জীয়ৰীৰ অক্সিজেন উৎপাদনক্ষম প্ৰকল্প স্থাপন

প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন উৎপাদন হ'ব পৰা অত্যাধুনিক অক্সিজেন উৎপাদনক্ষম প্ৰকল্প

0 97

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ সাধাৰণ ৰোগী সকল উপকৃত হ’ব পৰাকৈ প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন উৎপাদন কৰিব পৰা অত্যাধুনিক অক্সিজেন উৎপাদনক্ষম প্ৰকল্প এটা কালি আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ দপ্তৰৰ মন্ত্ৰী চন্দ্র মোহন পাটোৱাৰীয়ে। উল্লেখ্য যে কানাডাত কৰ্মসূত্ৰে থকা তেজপুৰৰ জীয়ৰী ভাস্বতী শৰ্মা বৰঠাকুৰৰ জৰিয়তে কানাডা কোঠাৰী ফেমেলী ফাউণ্ডেশ্যন আৰু ট্ৰিল্লিয়াম হেল্থ পাৰ্টনাৰ্ছ ফাউণ্ডেশ্যনৰ দ্বাৰা নিৰ্মিত এই অত্যাধুনিক অক্সিজেন উৎপাদনক্ষম প্ৰকল্পটি আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্ত্ৰী হিচাপে বহু অনুষ্ঠানৰ কাৰ্যসূচীত জড়িত হৈ থকা যায় যদিও এনে প্ৰকল্পৰ শুভাৰম্ভ কৰি এক পুণ্য কামৰ অংশীদাৰ হোৱাতো গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে ।এমাহ ভাত নোখোৱাকৈও মানুহ জীয়াই থাকিব পাৰে যদিও ৫ মিনিট অক্সিজেন নেপালে এজন লোকৰ মৃত্যু হ’ব পাৰে। তেনে ক্ষেত্ৰত প্ৰতি মিনিটতে ৫০০ লিটাৰ অক্সিজেন উৎপাদন হ’ব পৰা এই প্ৰকল্পটিয়ে উত্তৰ পাৰৰ ৰোগী সকলক বিশেষ ভাৱে উপকৃত কৰিব বুলি কৈ দাতা পৰিয়ালক কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে এই উপলক্ষে অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাষণ আগবঢ়াই দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে এনে এটা মহৎ প্ৰকল্পৰ শুভাৰম্ভ হোৱাতো জিলাখনৰ স্বাস্থ্য ক্ষেত্ৰখনৰ বাবে এক আশাব্যঞ্জক খবৰ বুলি কৈ দাতা পৰিয়ালক শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে। শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে আদৰণী ভাষণ আগবঢ়াই শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ জিয়াৰুদ্দিন আহমেদে ২০২১ চনতেই কানাডা নিবাসী তেজপুৰৰ জীয়ৰী ভাস্বতী শৰ্মা বৰঠাকুৰে এই প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াই সাধাৰণ ৰোগীৰ বাবে চিকিৎসালয়খনত এটি আই চি ইউৰ সৈতে এই প্ৰকল্প নিৰ্মাণৰ বাবে আগবাঢ়ি অহাত স্বাস্থ্য বিভাগৰ অনুমোদনৰ পিছত ১০ খন বিচনাযুক্ত আই চি ইউ নিৰ্মাণৰ লগতে এই অক্সিজেন উৎপাদনক্ষম প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হয় বুলি মন্তব্য কৰে। শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালা, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত তোৱাহিৰ আলম, কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ দীপ্তি বৰুৱা, সমাজকৰ্মী বাতাচ ওৰাং, জ্যেষ্ঠ চিকিৎসক ডাঃ হেমেন্দ্ৰ কুমাৰ বৰা, ডা০ অতুল কলিতা, ডা০ টি বি ছেত্ৰী, ডা০ বিজয় পাল দাস, ডা০ প্ৰদীপ কুমাৰ নাথকে একাংশ চিকিৎসক, চিকিৎসা কৰ্মী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থকা শুভাৰম্ভণি অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কৃতজ্ঞতাসূচক ভাষণ আগবঢ়োৱাৰ লগতে দাতা ভাস্বতী শৰ্মা বৰঠাকুৰৰ পিতৃ ভগৱান শৰ্মায়ো চমু ভাষণ প্ৰদান কৰে।উল্লেখ্য যে, কনকলতা অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী বিকাশ নাথক এই প্ৰকল্পৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰাৰ পিছত এতিয়াৰে দহজনীয়া বিচনাৰ আই চি ইউৰ ৰোগীৰ লগতে সাধাৰণ ৰোগীৰ বাবে এই প্ৰকল্পত উৎপাদিত অক্সিজেন ব্যৱহাৰ কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More