লখিমপুৰত পুনৰ নকল সোণ-জাল নোট চক্ৰ সক্ৰিয়

নকল সোণৰ বেহাৰে জড়িত প্ৰৱঞ্চকৰ জালত বিহাৰৰ পিতা-পুত্ৰ

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ আগষ্টঃWhatsApp Image 2023 08 11 at 5.39.49 PM লখিমপুৰত জিলাত কিছু দিনৰ পূৰ্বে আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে লখিমপুৰ জিলাৰ বঙালমৰাকে ধৰি বিভিন্ন প্ৰান্তত চলি থকা নকল সোণ আৰু জাল নোটৰ বেহা কিছু স্থবিৰ হৈছিল যদিও পুনৰ নকল সোণ আৰু জাল নোট চক্ৰ সক্ৰিয় হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে৷ আজি বঙালমৰাৰ সমীপৱৰ্তী সোনাপুৰ ৰিজাৰ্ভত দুজন প্ৰবঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা স্পষ্ট হৈ পৰিছে৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা অৰ্ধশতাধিক জালনোট-নকল সোণৰ বেপাৰীয়ে জামিনত মুক্তি লাভ কৰি যোৱাৰ পিছতে পুনৰ এনে চক্ৰ সক্ৰিয় হৈ পৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি লখিমপুৰ জিলাৰ বান্দৰদেৱা আৰক্ষীচকীৰ অন্তৰ্গত টিপলিঙত আৰক্ষীৰ এটা দলে চাফাই কাৰ্যসূচী চলাই থকাৰ সময়তে বিহাৰৰ দুই পিতা-পুত্ৰই সহায় বিচাৰি আৰক্ষী জোৱানৰ দলটোৰ কাষ চাপে৷ বিহাৰৰ বেগুচৰাইৰ দুই পিতা-পুত্ৰই আৰক্ষীৰ দলটোক কান্দি কান্দি কয় যে তিনিজন প্ৰবঞ্চকে তিনি লাখ টকা লৈ তেওঁলোকক এখন সোণৰ নকল নাও বিক্ৰী কৰি পলায়ন কৰে৷ লগে লগে বিহপুৰীয়া থানাৰ অ’চিৰ লগতে বান্দৰদেৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে প্ৰবঞ্চক কেইজনৰ মোবাইল ফোনৰ আঁত ধৰি বঙালমৰাৰ সোনাপুৰ ৰিজাৰ্ভ গাঁৱত অভিযান চলাই সেই গাঁৱৰ পৰা আজিবুৰ ৰহমান আৰু খজলউদ্দিনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এটা প্ৰবঞ্চক পলাই সাৰে৷ ধৃত নকল সোণৰ চক্ৰটোৰ পৰা আজি আৰক্ষীয়ে এখন বাইকৰ লগতে বৃহৎ পৰিমানৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক জেৰা অব্যাহত ৰাখিছে৷ ইফালে ঘটনাস্থলীত লগে লগে লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ লখিমপুৰত এতিয়াও যে নকল সোণ আৰু জাল নোটৰ বেহা অব্যাহত আছে সেই কথা আজিৰ ঘটনাই পুনৰবাৰ স্পষ্ট কৰি তুলিলে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More