অৰুণাচলত সংঘৰ্ষত নিহত এন এছ চি এন কেডাৰ : ধৃত ১ : মাৰণাস্ত্ৰ জব্দ

0 26

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ আগষ্ট : অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘটিত এক সংঘৰ্ষত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ (নিকি-ছুমি) এজন শীৰ্ষ কেডাৰ নিহত হোৱাৰ লগতে আন এজন কেডাৰক অভিযানকাৰী দলে আটক কৰিবলৈ সক্ষম হয় ৷ নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা মতে  এন এছ চি এনৰ নিকি-ছুমি গোটৰ কেইজনমান সদস্যৰ গতিবিধিৰ বিষয়ে খবৰ লাভ কৰাৰ পাছত টিৰাপ আৰক্ষী আৰু আছাম ৰাইফলছে বুধবাৰৰ পৰা অভিযান আৰম্ভ কৰে ৷ অভিযানকালত টিৰাপ আৰক্ষী আৰু আছাম ৰাইফলছে বগাপানী অঞ্চলৰ পৰা বৰডুৰিয়া গাঁৱৰ টেটন লখাও (২২) নামৰ এন এছ চি এনৰ নিকি-ছুমি গোটৰ কেডাৰজনক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সদস্যজনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষী আৰু আছাম ৰাইফলছে এন এছ চি এনৰ নিকি-ছুমি গোটৰ অৰুণাচল শাখাৰ সম্পাদক ৱাংখাই ৱাংচা আৰু আন এজন কেডাৰৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰি শুকানজুৰি অঞ্চলত অভিযান চলায় ৷ বৃহস্পতিবাৰে অভিযানকালত দুয়ো পক্ষৰ মাজত সংঘটিত গুলীয়াগুলীত ৱাংখাই ৱাংচা ঘটনাস্থলীতে নিহত হয় যদিও তেওঁৰ সৈতে থকা আনজন কেডাৰ পলাই যাবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলে এটা ৯ এম এম পিষ্টল আৰু এটা পইণ্ট ৩২ পিষ্টলৰ লগতে আন কেতবোৰ সামগ্ৰী জব্দ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More