সৌন্দৰ্যৰ অভিসম্পাত!

0 181

দাদুল দেৱকৃষ্ণ বৰুৱা

অত্যধিক সৌন্দৰ্য কেতিয়াবা অভিশাপ হৈ উঠে। এয়া দেখা গৈছে শামুকৰ এটা প্ৰজাতিৰ ক্ষেত্ৰতো। দৰ্শনীয় ৰঙৰ খোলাবোৰৰ বাবেই সংকটজনকভাৱে বিপন্ন হৈ পৰিছে বিশেষ প্ৰজাতিৰ কিউবান শামুক। এই নিৰীহ জীৱবিধৰ নাম কিউবান পেইণ্টেড স্নেইল (Cuban Painted Snail)। জীৱবিজ্ঞানীসকলে নাম ৰাখিছে পলিমিটা পিক্টা (Polymita picta)। অসমীয়াত ‘ৰামধেনু শামুক’ বুলি ক’লেও নিশ্চয় ভুলকৈ কোৱা নহ’ব।

inbound594242180031535108খোলাৰ ৰং চাই ইহঁতক সহজে চিনিব পাৰি। দেখাত এই কোমল শৰীৰৰ জীৱবিধৰ খোলাটো যেন বিভিন্ন ৰঙেৰে এজন নিপুণ শিল্পীয়ে কৰা বৰ্ণিল চিত্ৰহে। এনে সৌন্দৰ্যৰ বাবেই মানুহে এই জীৱবিধ নিধন কৰি ইয়াৰ ৰঙীন খোলাবোৰ সংগ্ৰহ কৰে। ফলত এই শামুকবিধক বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে তালিকাভুক্ত কৰিবলগীয়া হৈছে।

ইহঁতৰ খোলাবোৰ বিভিন্ন ৰঙৰ— পেষ্টেল হালধীয়া আৰু গোলাপী, ইটাৰ ৰঙৰ দৰে আৰু ক’লা, মুকুতাৰ দৰে বগা আৰু মৰমলগা। ৰং যিয়েই নহওক কিয়, কিউবাৰ ৰঙীন ছটা প্ৰজাতিৰ শামুকৰ বৰণ আৰু ইহঁতৰ আঙুৰৰ আকাৰৰ খোলাবোৰে ইহঁতক এক সুকীয়া ৰূপ বৈচিত্ৰ্য প্ৰদান কৰিছে। প্ৰকৃতিৰ এই আশ্চৰ্যবোৰলৈ চাই আপুনি আপোন পাহৰা হ’ব পাৰে, অনুভৱ কৰিব পাৰে— পৃথিৱী সঁচাকৈয়ে ৰঙীন!

inbound1861263438913784984কিউবাত বিশ্বৰ সৰ্বাধিক বৈচিত্ৰ্যপূৰ্ণ শামুক আছে যদিও পলিমিটা পিক্টাৰ বাদে আন কোনো শামুকত ইমান ৰং আৰু জটিল আৰ্হিৰ খোলা নাই। এই ৰঙীন শামুক সংগ্ৰাহকসকলে বহুদিনৰপৰা সংগ্ৰহ কৰি এই খোলাবোৰ পৰ্যটকক বিক্ৰী কৰে বা আমেৰিকা আৰু ইউৰোপলৈ ৰপ্তানি কৰে। যাৰ ফলত কিউবান চৰকাৰে এই প্ৰজাতিটোক জটিলভাৱে বিপন্ন বুলি তালিকাভুক্ত কৰিবলগীয়া হৈছে। ফলশ্ৰুতিত এই শামুক সংগ্ৰহ কৰা আৰু ব্যৱসায় কৰাটো এদশকতকৈও অধিক পূৰ্বে অবৈধ ঘোষিত হৈছে। বন্যপ্ৰাণীৰ বিশ্বব্যাপী বাণিজ্য নিয়ন্ত্ৰণ কৰা বন্যপ্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি (CITES)ত ২০১৭ চনৰপৰা এই শামুকৰ বাণিজ্য নিষিদ্ধ কৰা হৈছে।

inbound1647618330254059737ফটোগ্ৰাফাৰ ব্ৰুনো ডি’এমিচিছে National geographicৰ বাবে এইবিধ শামুকৰ এলানি ফটো তুলিছিল। তেওঁ কয়— “ইয়াৰ আকৰ্ষণীয় দিশটোৰ বাবে… এই শামুকবোৰক গ্ৰহটোৰ আটাইতকৈ ধুনীয়া বুলি গণ্য কৰা হয়।”

বেছিভাগ সময়তে এই শামুকবোৰে গছ-গছনিত বাস কৰে, লাইকেন আৰু শৈবাল খায়, যিবোৰ খনিজ পদাৰ্থৰ উৎস যিয়ে ইহঁতৰ খোলাবোৰক আচৰিত ধৰণৰ ৰং দিয়ে। Santiago de Cubaৰ University of Orienteৰ সংৰক্ষণ জীৱবিজ্ঞানী (conservation biologist) আৰু শামুক বিশেষজ্ঞ বাৰ্নাৰ্ডো ৰেয়েছ-টুৰ (Bernardo Reyes-Tur)-এ কয় যে ৰংবোৰে ইহঁতক চিকাৰীৰপৰা ৰক্ষা কৰে নে আন কোনো সুবিধা প্ৰদান কৰে সেয়া এতিয়াও জানিবপৰা হোৱা নাই। থলুৱা আৰু বিৰল প্ৰজাতিৰ, যেনে সংকটজনকভাৱে বিপন্ন কিউবাৰ ঘুৰিৰ খাদ্যৰ উৎস হিচাপে শামুকবোৰ পৰিৱেশগতভাৱে গুৰুত্বপূৰ্ণ। ৰেয়েছ-টুৰে আৰু কয় যে শৈবাল আৰু বাকলিৰ ভেঁকুৰ খাই ইহঁতে কফি বাগিচাকে ধৰি গছবোৰক সুস্থ কৰি ৰখাতো সহায় কৰে। তেওঁ কয় যে পলিমিটা ভেনুষ্টা নামৰ প্ৰজাতিটো ইমানেই মন্থৰ যে “কিছুমান ছমাহলৈকে একে ঠাইতে থাকে।” শামুকবোৰৰ লেহেমীয়া গতি আৰু বাসস্থানৰ প্ৰয়োজনীয়তাই ইহঁতক বিঘিনিৰ সন্মুখীন হ’বলগীয়া কৰি তোলে। কফি খেতিয়কসকলে আৰু অন্যান্য ধৰণৰ কৃষিৰ বাবে মাটি পৰিষ্কাৰ কৰি থকাৰ ফলত এই শামুকবোৰৰ বাসস্থান বহু পৰিমাণে হ্ৰাস পাইছে। তদুপৰি ইহঁতক চিকাৰ কৰে স্থানীয় প্ৰজাতিৰ চৰাই আৰু নিগনিকে ধৰি আক্ৰমণাত্মক প্ৰাণীয়ে।

inbound3226388149146904122জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত উষ্ণ উষ্ণতা আৰু অধিক তীব্ৰ খৰাঙে আন এক ভাবুকি কঢ়িয়াই আনিছে, যাৰ ফলত শামুকবোৰ জীয়াই থাকিবলৈ প্ৰয়োজনীয় গছ-গছনিৰ বাবে পৰিস্থিতি অনুকূল হৈ থকা নাই। ২০১৭ চনত টেণ্টেকেল (Tentacle) নামৰ জাৰ্নেলখনত প্ৰকাশিত এক গৱেষণাপত্ৰত উল্লেখ কৰা হৈছে যে কেৱল জলবায়ু পৰিৱৰ্তনে ২০৫০ চনৰ ভিতৰত এইবিধ শামুকৰ বাবে প্ৰয়োজনীয় বাসস্থান কাৰ্যতঃ নাইকিয়া কৰিব পাৰে।

কিউবাৰ জনসাধাৰণে খোলা সংগ্ৰহ আৰু অন্যান্য ভাবুকিৰ ফলত হোৱা ক্ষতিৰ বিষয়ে অধিক সচেতন হৈ পৰিছে। হাৰ্নাণ্ডেজ নামৰ মহিলাগৰাকীয়ে কিশোৰী অৱস্থাত, তিনিটা দশকৰ পূৰ্বে কফি বাগিচা এখনলৈ তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষামূলক ভ্ৰমণৰ কথা মনত পেলাই এতিয়াও শোকাহত হয়। সেই সময়ত তেওঁলোকৰ দলটো গছত আশ্ৰয় লৈ থকা ৰঙীন শামুকৰ গোট এটা দেখা পালে। তেওঁ ধুনীয়া শামুকবোৰ দেখি আচৰিত হ’ল। “তাৰ পিছত ল’ৰাবোৰে শামুকবোৰ মাৰিবলৈ ধৰিলে সিহঁতৰ খোলাবোৰ লৈ যাবৰ বাবে। ছোৱালীবোৰেও সিহঁতক মাৰিলে লাঠি আৰু চুলিৰ ক্লিপেৰে। মই কান্দিবলৈ ধৰিলোঁ আৰু এই বিষয়ে শিক্ষকসকলক ক’বলৈ গ’লোঁ। কিন্তু শিক্ষকসকলেও এই কথাত আপত্তি কৰা নাছিল; কাৰণ শামুকবোৰ হত্যা কৰা আৰু খোলা সংগ্ৰহ কৰাটো তেতিয়া তেনেই সাধাৰণ কথা আছিল।”

inbound1887997289790752632২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত কিউবাৰ শুল্ক বিভাগে আমেৰিকালৈ যোৱা মুঠ ২৩,০০০ৰো অধিক এনে ধৰণৰ ৰঙীন শামুকৰ খোলা জব্দ কৰিছিল। Adrián González Guillén নামৰ কিউবাৰ শামুক বিশেষজ্ঞ আৰু ফটোগ্ৰাফাৰজনে কয় CITES-এ নিষিদ্ধ কৰাৰ পিছতো আমেৰিকা, স্পেইন আৰু এছিয়াৰ বিভিন্ন দেশলৈ কিউবাৰ এইবিধ দুৰ্লভ শামুকৰ খোলা চোৰাংভাৱে সৰবৰাহ হৈ আছে।

inbound2174552458244584570German Centre for Translational Genomics of biodiversity, Senckenberg Nature Research Society আৰু Worldwide Society for Mollusc Research-এ ২০২১ চনৰপৰা বছৰি Mollusc of the Year বা বছৰটোৰ কম্বোজ প্ৰাণী নিৰ্বাচন কৰে। যোৱা বছৰ গেষ্ট্ৰ’প’ডা শ্ৰেণীৰ এই ৰামধেনু শামুকবিধে ২০২২ চনৰ শ্ৰেষ্ঠ মলাস্ক হিচাপে সৰ্বাধিক ভোট লাভ কৰিছিল।

inbound1188079034209901305ধুনীয়া গছ-গছনি, জীৱ-জন্তু, চৰাই, শামুক পোক-পৰুৱাবোৰেহে পৃথিৱী আৰু অৰণ্য শুৱনি কৰি ৰাখিছে। কিন্তু একাংশ মানুহে এই সৌন্দৰ্য শোষণ কৰি এই জীৱবোৰক ধ্বংস কৰি আহিছে। ফলত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহি পৰিছে, পৰিৱেশৰ ক্ষতি হৈছে। অস্তিত্বৰ প্ৰতি ভাবুকি অহা কিউবান পেইণ্টেড স্নেইলৰ বাবে নিজৰ সৌন্দৰ্যই হৈ পৰিল অভিশাপ; যিদৰে হৰিণৰ বাবে নিজৰ মাংসই বৈৰী।

ফটোৰ উৎস : German Centre for Translational Genomics of biodiversity আৰু ইণ্টাৰনেট।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More