যোৰহাটত কোন জিকিব?

0 172

শৈলেন বৰুৱা

     যোৰহাটত কোন জিকিব? গৌৰৱ গগৈ নে তপন গগৈ? সম্প্ৰতি যোৰহাটৰ লোকসভা নিৰ্বাচনক লৈ সামাজিক মাধ্যমতো তয়াময়া যুঁজ লাগিছে।অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত এইবাৰ আকৰ্ষণীয় যুঁজ হ’ব যোৰহাটত।
পাতনি দীঘল নকৰি পোনপতীয়াকৈ মূল প্ৰসংগলৈ আহোঁ। যোৰহাটতত এইবাৰ বিজয়ী হ’ব কোন? কংগ্ৰেছৰ গৌৰৱ গগৈ নে বিজেপিৰ তপন কুমাৰ গগৈ? পূৰ্বৰ নিৰ্বাচনত তপন গগৈয়ে কিমান ভোট পাইছিল বা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কিমান ভোট পাইছিল–সেইবোৰে এইবাৰ বিশেষ প্ৰভাব নেপেলায়।এইবাৰৰ নিৰ্বাচনত যোৰহাটত ফেক্টৰ বদলি হ’ব।
যোৰহাটত নিৰ্ণায়ক ভূমিকা জাতিগত ভোটাৰ বা চাহ বাগানৰ ভোটাৰ জাতীয় পূৰ্বৰ ধাৰণাবোৰ বহু পৰিমাণে অচল হৈ পৰিব । এইবাৰ যোৰহাটত নিৰ্ণায়ক ভোটাৰ হ’ব এফালে চৰকাৰী হিতাধিকাৰী সংখ্যা আৰু আনফালে ছ’ছিয়েল মিডিয়া ব্যৱহাৰ কৰা যুৱক-যুৱতীৰ সংখ্যা। এই মুহুৰ্তত এই দুয়োটা সংখ্যাই অজ্ঞাত। চৰকাৰীভাবে বিজেপিৰ হাতত নিশ্চিতভাবে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান সভা সমষ্টিসমূহত কিমান হিতাধিকাৰী আছে , তাৰ হিচাপ আছে।

সমীকৰণঃ ধৰা হওক যোৰহাট লোকসভা সমষ্টিত ৫ লাখ ভোটাৰ আছে আৰু তাত যদি চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩ লাখ, তেন্তে বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ বিজয়ৰ ক্ষেত্ৰত আগুৱাই আছে বা তেঁও নিশ্চিতভাবে জিকিব। যদি যোৰহাটৰ ৩ লাখ যুৱক যুৱতীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে তেন্তে গৌৰৱ গগৈৰ বিজয় নিশ্চিত।
(এইটো এটা সমীকৰণহে।এই সমীকৰণে এইটো নুবুজায় যে হিতাধিকাৰী মানেই বিজেপি বা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী মানেই কংগ্ৰেছী)

প্ৰশ্ন উঠিছে
যোৰহাট লোকসভা সমষ্টিত ছ’চিয়েল মিডিয়া ব্যৱহাৰ লোকৰ সংখ্যা কিমান? সেয়া জানো বিজেপিৰ হাতত আছে? বা সেই তথ্য কংগ্ৰেছৰ হাতত আছেনে ?
ছ’চিয়েল মিডিয়াত পৰিস্কাৰকৈ প্ৰকাশ পাইছে দুয়োজন প্ৰাৰ্থীৰ সংসদত পাৰদৰ্শিতা কিমান!
তপন গগৈ বা গৌৰৱ গগৈ যিহেতু চলিত লোকসভাৰ দুজন সাংসদ আছিল সেয়ে দুয়োজনে সংসদত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ তালিকা ইতিমধ্যে সামাজিক মাধ্যমত ৰাজহুৱা হৈছে। পাঠকৰ সুবিধাৰ্থে দুটামান তথ্য পুনৰ উল্লেখ কৰিছো।

সপ্তদশ লোকসভা ২০১৯ৰ ২৩মে’ত গঠন হৈছিল। যোৱা ১২ফেব্ৰুৱাৰীত(২০২৪ চন) এই লোকসভাৰ শেষৰখন অধিৱেশন অন্ত পৰে। বিগত ৫বছৰত সদনত গৌৰৱ গগৈৰ উপস্থিতিৰ শতকৰা হাৰ ৭৬শতাংশ। এই সময়চোৱাত গৌৰৱ গগৈয়ে মুঠ ৭৮টা বিৰ্তকত অংশ লৈছিল। যোৱা ১০ফেব্ৰুৱাৰীত ৰাম মন্দিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে বিৰ্তকত অংশ লৈ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল।তাৰ পূৰ্বে ৯ফেব্ৰুৱাৰীত ভাৰতীয় অৰ্থনীতিৰ ওপৰত শ্বেতপত্ৰ শীৰ্ষক বিৰ্তকত অংশ লৈ গগৈয়ে চৰকাৰক কঠোৰ সমালোচনা কৰিছিল। ইয়াৰ উপৰিও গৌৰৱ গগৈয়ে ২০২২চনৰ ২৫ মাৰ্চত পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত এক বিৰ্তকত কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰিছিল। সদনত অসমৰ নিবনুৱা সমস্যা আৰু ৰাজ্যখনৰ বহু যুৱকে আলফা স্বাধীনত যোগদান কৰা প্ৰসংগত গৌৰৱ গগৈয়ে ২০২২ৰ ২৩মাৰ্চত বক্তব্য দাঙি ধৰিছিল। একেদৰে বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন, কা আন্দোলনত মৃত্যু হোৱা সকলৰ ন্যায়িক তদন্তৰ দাবী, অসমৰ বান সমস্যা আদি প্ৰসংগটো সদনত সৰৱ আছিল গৌৰৱ গগৈ। ২০১৯ৰ ১১ডিচেম্বৰত গৌৰৱ গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত উদাত্ত ভাষণ আগবঢ়াইছিল। সদনত গগৈয়ে ২৪৫টা প্ৰশ্ন কৰিছিল। মুঠ ৫খন প্ৰাইভেট মেম্বাৰ বিল সদনত উত্থাপন কৰিছিল গগৈয়ে।এইবোৰ লোকসভাৰ তথ্য আধাৰিত গৌৰৱ গগৈৰ পাৰদৰ্শিতা।
ইয়াৰ বিপৰীতে একালত সদৌ অসম ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব দিয়া তপন কুমাৰ গগৈৰ বিগত লোকসভাৰ কাৰ্যাৱলী দুখলগা। যোৰহাট সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা তপন কুমাৰ গগৈয়ে সদনত যি পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব লাগিছিল, সেয়া সম্ভৱ কৰি তোলাত ব্যৰ্থ হয়। তপন গগৈ সদনত উপস্থিতিৰ হাৰ ৮২শতাংশ। অৰ্থাৎ গৌৰৱ গগৈতকৈ তপন গগৈৰ সদনত উপস্থিতি অধিক। এই সময়চোৱাত তেওঁ মাত্ৰ ১১টা বিৰ্তকত অংশ লয় আৰু মাত্ৰ ৯টা প্ৰশ্ন সুধিয়েই এই ৫বছৰীয়া কাৰ্যকাল সামৰিলে। সংসদত তপন গগৈয়ে প্ৰশ্ন কৰা ভিডিঅ’ ইউ টিউবত উপলব্ধ। তপন গগৈয়ে সংসদত কথা কোৱাৰ ধৰণ কৰণ, উচ্চাৰণ স্বাভাৱিকতে অস্বস্তিকৰ। সংসদত নামমাত্ৰ কথা কোৱা,প্ৰশ্ন সোধাৰ বাবে অৱধাৰিতভাবে তপন গগৈ নিমাতী কইনা বুলি অভিহিত হৈছে। ইয়াৰ বিপৰীতে তপন গগৈৰ বাবে এইবাৰৰ নিৰ্বাচনত আটাইতকৈ প্লাছ পইণ্ট হৈছে-তেওঁ শাসকীয় দলৰ প্ৰাৰ্থী আৰু মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ বহু শীৰ্ষ নেতাই গগৈক বিজয়ী কৰিবলৈ যোৰহাট সমষ্টিৰ ভিন্ন প্ৰান্তত উবুৰি খাই পৰিছে। বিজেপিয়ে কোনো এটা নিৰ্বাচনক ” উজু” বা “সাধাৰণ” বুলি নলয়।প্ৰতিটো নিৰ্বাচনকে ছিৰিয়াছ হিচাপে লয়।সেয়ে আপাত দৃষ্টিত শাসকীয় দলৰ প্ৰাৰ্থীৰূপে তপন গগৈ বিজয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা স্বত্বেও বিজেপিয়ে যোৰহাটত প্ৰচাৰ ঢিলাই দিয়া নাই। কাৰণ তপন গগৈৰ “ব্যক্তিগত ইমেজ” গৌৰৱ গগৈতকৈ সম্প্ৰতি বহু তলত আছে।সেই ইমেজক সমান্তৰাল কৰিবলৈ বা ভোটযুদ্ধত ওপৰলৈ আনিবলৈ বিজেপিয়ে কষ্ট কৰিব লগা হৈছে। যদিও তপন গগৈ, গৌৰৱ গগৈ যোৰহাটৰ প্ৰাৰ্থী , তথাপি তেঁওলোকৰ “প্ৰভাৱ” সমগ্ৰ অসম জুৰি আছিল বা আছে। সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ নেতৰূপে তপন-শংকৰ যুটী অসমবাসীৰ হিয়াৰ আমঠু নহলেও পৰিচিত বা মৰমৰ আছিল। কিন্তু তপন গগৈৰ বিজেপি গমন আৰু শংকৰ প্ৰসাদ ৰয়ৰ “দল বাগৰা” ৰাজনীতিয়ে সামগ্ৰিকভাবে দুয়োজনৰ ব্যক্তিত্বক মোলান পেলালে। ৰাজনীতিত এনে উদাহৰণ বহুত আছে। তপন -শংকৰ মাথো এটা উদাহৰণহে। অসমবাসীয়ে বিচৰাৰ দৰে তপন গগৈ –হেম বৰুৱা বা দীনেশ গোস্বামীৰ দৰে সাংসদ হ’ব নোৱাৰিলে।
বিপৰীতে গৌৰৱ গগৈয়ে অসমৰ সাংসদৰূপে লোকসভাত গৰজি উঠা বা উদাত্ত ভাষণ দি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গৌৰৱ গগৈৰ সংসদক দিয়া ভাষণ শুনিলে বা দেখিলে গম পোৱা যায় তেওঁ এজন ভাল তাৰ্কিক আৰু সেইমতে তথ্যৰ ভঁৰাল মজবুত কৰিহে তেওঁ প্ৰতিপক্ষলৈ শেল নিক্ষেপ কৰে।
নৱ প্ৰজন্মই গৌৰৱ গগৈক অনুসৰণ কৰিছে।কেৱল অসমৰ নৱ প্ৰজন্মই নহয়।ছ’চিয়েল মিডিয়াৰ ভিন্ন পথাৰত এতিয়া দেশ-বিদেশৰ যুৱক যুৱতীয়ে গৌৰৱ গগৈৰ কথা আলোচনা কৰি আছে।গানৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ বাবে যেনেদৰে জুবিন গাৰ্গ হাৰ্ট থ্ৰব, ঠিক একেদৰে ৰাজনীতিৰ ক্ষেত্ৰত এতিয়া নৱ প্ৰজন্মৰ বাবে “আইকণ”স্বৰূপ হ’ল-গৌৰৱ গগৈ।
ব্যক্তি হিচাপে গৌৰৱ গগৈ নৱ প্ৰজন্মৰ বাবে উজ্জল-প্ৰোজ্বল-সমুজ্বল। দল হিচাপে কংগ্ৰেছ বেকফুটত
ব্যক্তি হিচাপে হিচাপে তপন গগৈ “আজিৰ যুগৰ ৰাজনীতিক”। দল হিচাপে বিজেপি ফ্ৰণ্ট ফুটত।

    বিজেপিৰ ক্ষেত্ৰত যোৰহাটৰ নিৰ্বাচনত এইবাৰ নিৰ্ণায়ক ভূমিকা লব বিজেপিৰ হিতাধিকাৰীৰ সংখ্যাই।
আনহাতে কংগ্ৰেছৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা লব–ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা যোৰহাট সমষ্টিৰ যুৱক যুৱতীৰ সংখ্যাই। তেওঁলোকক কংগ্ৰেছে বেলেগকৈ প্ৰচাৰ কৰি আকৰ্ষণ কৰাৰ প্ৰশ্নই নুঠে।
এই দুই সংখ্যাৰ পাল্লা যাৰ ফালেই ভাৰী হ’ব, তেঁৱেই হ’ব বহু চৰ্চিত যোৰহাটৰ পৰৱৰ্তী সাংসদ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More