উৎসৱ আৰু সাম্প্ৰতিক সময়

গণতন্ত্ৰ,জনমত আৰু অন্যান্য

0 21

মুক্তাৰ আলী

     নঙলা মুখত বিহুটি আছেহি ৰৈ। উতনুৱা উকি মাৰি অহা বিহুৱে মন প্ৰাণত আনন্দৰ জোৱাৰ তোলে। ডেকা-গাভৰুৰ মনৰ নিজানত বসন্ত বসন্ত অনুভৱে পিৰপিৰাই উতলা উন্মনা হেঁপাহৰ জাগৰণ তোলে। বিহু আহে যায়, চলি থাকে পৰম্পৰা। চতৰ লঠঙা ডালত ন-কুঁহিপাতে পাহি মেলে। কুলিৰ সুমিষ্ট মাতে দুখজৰ্জৰ হিয়াৰ আমঠুত শান্তিৰ বা সানে। আবাল বৃদ্ধ বণিতাৰ বুকুৱে বুকুৱে বিলায় যায় শান্তিৰ নিজৰা। সম্প্ৰীতি-সদভাৱৰ জাগৰণে ভিন্নতাৰ দূৰত্ব আঁতৰাই একতাৰ গান গায়। “জনমে জনমে মই চিৰদিন অসমীয়া…” বুলি ৰাম, ৰহিম,যোচেফে তোলে একতাৰ ঐক্যতান।
এইবাৰ বিহুৰ ৰং কিছু ভিন্ন। ভিন্ন এইবাবেই যে বিহুৰ সমান্তৰালকৈ আহিছে ঈদ আৰু তাৰ লগে লগে ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। বজাৰৰ বিপনীত খাদ্য সামগ্ৰীৰ মেটমৰা সম্ভাৰ। জুই ছাঁই দামৰ প্ৰতাপত সাধাৰণ শ্ৰেণী জনতাৰ চকুত চকুলো। টকা যেন মূল্যহীন হৈ পৰিছে। দ্ৰৱ্যৰ মূল্য বৃদ্ধি হৈছে। মূদ্ৰাস্ফীতিৰ জ্বৰত আক্ৰান্ত হৈছে দেশ। ঘৰুৱা আয় (জিডিপি) ক্ৰমৱৰ্ধমান গতিত কমিছে আৰু দেশে বহন কৰিছে ঋণৰ বোজা। এটা এটাকৈ দেশৰ সম্পদ বন্ধকত যোৱাৰ পিছতো দিনে দিনে বাঢ়িছে হিতাধিকাৰীৰ সংখ্যা।
ভূতপূৰ্ব প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা সপোন আছিল দেশৰ নাগৰিকক শিক্ষা, স্বাস্থ্য আৰু বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰাৰ। চলিত চৰকাৰখনে এইক্ষেত্ৰত কিছুপৰিমাণে সফলতা অৰ্জন কৰিছে। অটল অমৃত, আয়ুস্মান আদি কাৰ্ডৰ জৰিয়তে স্বাস্থ্য ক্ষেত্ৰত, আৰু কিছু পৰিমাণে শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। তদুপৰি চৰকাৰখনে বিনামূলীয়া খাদ্য যোগানৰ ক্ষেত্ৰত স্বীকাৰ কৰিব পৰাকৈ সাংঘাটিক সফলতা অৰ্জন কৰিছে।অথন্তৰ ঘটিছে এইখিনিতেই। ৰাজ্যত সাংঘাটিক পৰিমাণে থলুৱা শ্ৰমিকৰ সংখ্যা হ্ৰাস হৈছে। ইয়াৰ এক অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে বিনামূলীয়া চাউলৰ যোগান। এতিয়া গ্ৰামাঞ্চলত দিনহাজিৰা কৰা শ্ৰমিকৰ অভাৱ। কাৰণ এটাই-ঘৰত চাউল মজুত আছে, তেল নিমখৰ বাবে অৰুণোদয় আঁচনি কিম্বা কিষান সন্মান নিধিৰ ধন আছে। বিন্দাচ জীৱনৰ সোৱাদ বিচৰা আমাৰ আৰুনো লাগিছে কি? দেশ জহন্নামে গ’লেও, জাতি সংকটত পৰিলেও আমাৰ কাণসাৰ নাই, নেথাকে। সহজ ধনৰ লালসাত বন্দী মানুহৰ উচ্চাকাংক্ষা কৰ্মপ্ৰধান হোৱা হ’লে শংকা নেথাকিলহেঁতেন। তথাপি আমি চলি আছো গতানুগতিকতিৰ পথেৰে। বিহু আহিছে সাজু হৈছো আদৰিবলে, নিৰ্বাচন আহিছে ৰৈ আছো দুটকা পোৱাৰ আশাৰে। তেন্তে দেশৰ প্ৰগতি ক’ত?

বিহুৰ সমান্তৰালকৈ ঈদ আহিছে। কুৰ্মা, কুপ্তা, পোলাও, চেৱই খাই মত্ত হৈ পৰিছো। উৎসৱৰ নামত, আপ্য়ায়নৰ নামত লক্ষ লক্ষ টকাৰ বজাৰ কৰিছোঁ। ধৰ্মৰ নামত খৰছ কৰিছোঁ। ভ্ৰাতৃত্ববোধৰ নামত ইজনে সিজনৰ কান্ধত ধৰি চেলফি তুলিছো, ষ্টেটাচ লগাইছো আৰু আনন্দৰ নামত উচ্চ প্ৰাৱল্যত  গান লগাই উত্তাল নৃত্য কৰিছোঁ। এয়াই বাস্তৱ। প্ৰগতি, উন্নতিৰ নামত পশ্চিমীয়া সংস্কৃতিৰ আগমন ঘটাই পিন্ধিছো, গাইছো, খাইছোঁ। ঈদৰ মেহফিলৰ নামত, বিহু ফাংচনৰ নামত ডকা-হকা দি চান্দা তুলিছোঁ। হয়, এয়াই বাস্তৱ ছবি আজিৰ সমাজৰ। কল্যাণকামী দেশ এখনৰ বাসিন্দা হোৱাৰ যোগ্যতা নেকি এইবোৰ? নে দেশ, জাতি, মাটি, সংস্কৃতি, প্ৰগতিত বাবে আৰু আছে কৰণীয়?

কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণৰ মতে, যোৱা ১০ বছৰে উন্নয়ন প্রকল্পবোৰত প্রতিটো পৰিয়াল তথা ব্যক্তিকে লক্ষ্য হিচাপে বাছি লোৱা হৈছে। এই প্রসঙ্গত সকলোৰে বাবে বাসস্থান, ঘৰে ঘৰে বিশুদ্ধ পানী, বিদ্যুৎ, ৰন্ধন গেছ, বেংক একাউন্ট আৰু সকলোৰে সর্বাত্মক তথা সর্বাঙ্গীণ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাম কৰি আছে। যোৱা ১০ বছৰত ভাৰতৰ অর্থনীতিলৈ ইতিবাচক পৰিৱর্তন আহিছে। কর্মসংস্থান সৃষ্টি, শিল্পোদ্যোগৰ অনুকূল পৰিৱেশ গঢ়ি তোলা হৈছে। অৱশ্যে এই সকলোবোৰ কথাই অস্বীকাৰ কৰিব নোৱাৰিলেও মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰখন যে সম্পূৰ্ণৰূপে বিফল হৈছে সেয়া এশ শতাংশই শুদ্ধ। এতিয়া চাও আহক মূল্যবৃদ্ধিৰ কাৰণ কি?
খেতি কৰাৰ পৰামৰ্শ তেওঁলোকে ঠিকেই দিয়ে কিন্তু ৰোধ কৰিব নোৱাৰে বানপানী, খৰালিত দিব নোৱাৰে জলসিঞ্চন, সময়মতে কৃষকক দিব নোৱাৰে উন্নতমানৰ বীজ অথবা সাৰ, উৎপাদিত সামগ্ৰী মজুত ৰাখিবলৈও চৰকাৰে দিব নোৱাৰে শীতলীকৰণ গৃহ। এনে প্ৰত্যাহ্বানৰ মাজতো যিসকল কৃষকে নিজাববীয়া প্ৰচেষ্টাৰে উৎপাদন কৰে তেওঁলোকেও নেপায় উৎপাদিত সামগ্ৰীৰ প্ৰকৃত দাম। বহু কৃষকে দাম নোপোৱাৰ বাবেই বিলাহী, নেমু আদি ৰাজপথত পেলাই দিয়াৰ অজস্ৰ উদাহৰণ আছে। শস্য সিচাৰ সময়ত বীজৰ মূল্য আকাশলংঘী হয়। ফচল তোলাৰ পিছত ন্যূনতম মূল্যত বিক্ৰী কৰিব লগা হোৱাত বহু কৃষকৰ খৰছৰ ধনখিনিও নোলায়। কৃষকে ছমাহ খৰছ কৰি উৎপাদন কৰা ফছল মধ্যভোগী ব্যৱসায়ীয়ে দুগুণ তিনিগুণ অধিক দামত বিক্ৰী কৰি মুনাফা আদায় কৰে। চৰকাৰ তথা যোগান বিভাগৰ ভ্ৰুক্ষেপ নাই। আদানি আম্বানীকে ধৰি পুঁজিপতি গোষ্ঠীৰ ঋণ চৰকাৰে মাফ কৰে কিন্তু উপান্ত কৃষকে কৃষি ঋণ আদায় দিব নোৱাৰিলে হাতত হেণ্ডকাফ লগাই জেলত ভৰাই ৰাখে। কৃষকৰ ঋণ মাফ কৰাৰ বাবে চৰকাৰে নলয় কোনো উদ্যোগ।

বিহু ঈদৰ বজাৰত জুইসদৃশ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা সময়োচিতভাৱে গ্ৰহণ কৰাৰ প্ৰয়োজন থকাৰ পিছতো তেনে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সৰ্বক্ষেত্ৰতে প্ৰহসনৰ বলি হয় সাধাৰণ জনতা।

এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি আহিছে নিৰ্বাচন। তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সংগঠন। সাধাৰণ জনতাই নুবুজে ৰাজনীতি, সমাজনীতি।পেটৰ ভোক নিবাৰণৰ বাবে দলিয়াই দিয়া পুতৌৰ পাত্ৰত হাত থৈ বাহ বাহ দিয়াৰ বাহিৰে গত্যন্তৰ নেথাকে। বাৰে বাৰে প্ৰলোভনৰ ৰাজনীতিৰে আভূৱা ভাৰি একোখন চৰকাৰ গঠন হয়। আশাবাদী জনতাৰ আশাৰ পাত্ৰ সদায় অপূৰণ হৈ ৰয়। এয়াই সাম্প্ৰতিক সময়। এনেকৈয়ে চলি আছে দেশ। এনে সময়ত আমি প্ৰতিজন নাগৰিকৰেই সজাগ আৰু সচেতন হোৱা প্ৰয়োজন। নিজৰ কৃষ্টি, সংস্কৃতি, অধিকাৰ আৰু ন্যাৰ্যতাৰ বাবে আমি প্ৰত্যেকেই দায়ৱদ্ধ হোৱা উচিত। সচেতনতাৰে খোজ থ’লে কোনোৱে আমাক প্ৰলোভিত কৰি খৰ্ব কৰিব নোৱাৰে আমাৰ অধিকাৰ। সেয়েহে আহক আজিৰ পৰাই চিনাক্ত কৰো আমাৰ মাজতে লুকাই থকা সমাজৰ মানুহৰূপী দানৱবোৰ। নহ’লে সময়ে বৰকৈ হাঁহিব।

লেখকৰ ঠিকনা

তিনতিয়া,মেৰমুখ, লখিমপুৰ- ৭৮৪১৬৪
ফোন +৯১ ৯৬৭৮২ ৯৬৯১০

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More