৩,৮২,০০০ বিঘা চাহখেতিলৈ অশনি সংকেত

উৎপাদন মূল্যও লাভ কৰা নাই তিনিচুকীয়া জিলাৰ ৫৬ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে

0 229

 অৰুণাচলৰ পৰা কেঁচা চাহপাতৰ অবাধ সৰবৰাহ নিষিদ্ধ কৰাৰ দাবী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ আগষ্ট : তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল জীয়াই থকাৰ স্বাৰ্থত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা অবাধে আহি থকা কেঁচা চাহপাত আইনগতভাৱে অসম তথা তিনিচুকীয়া জিলাত প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী জনাইছে সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ আজি এক সংবাদমেলত ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃবৃন্দই কয় যে জিলাখনৰ ৫৬,০০০ ক্ষুদ্ৰ চাহ খেতিয়কে ৩,৮২,০০০ বিঘা মাটিত চাহ খেতিৰ যোগেদি তেওঁলোকৰ পৰিয়াল, বহুসংখ্যক কৰ্মচাৰী, কৰ্মচাৰীৰ পৰিয়াল, পাত সৰবৰাহ কৰা গাড়ী চালক, মটিয়া, কীটনাশক দৰৱৰ দোকানী আৰু এইসকলৰ পৰিয়ালসহ প্ৰায় ১১,৮০,০০০ লোকৰ জীৱিকাৰ পথ মুকলি কৰি আহিছে ৷ কিন্তু নিবনুৱা সংস্থাপনৰ লগতে দেশ আৰু ৰাজ্যৰ ৰাজভঁড়াল টনকিয়াল কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়াই অহা তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বছৰ বছৰ ধৰি ৰাজ্যৰ অন্য জিলাহে নেলাগে কাষতে লাগি থকা ডিব্ৰুগড় জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰা মূল্যতকৈ কম মূল্য লাভ কৰি আহিছে ৷ ইয়াৰ প্ৰধান কাৰণ হিচাপে তেওঁলোকে চিহ্নিত কৰিছে চুবুৰীয়া অৰুণাচলৰ পৰা অধিক পৰিমাণে নিম্ন মানদণ্ডৰ পাতৰ তিনিচুকীয়ালৈ সৰবৰাহ ৷ আইন প্ৰস্তুত কৰি ইয়াক ৰোধ কৰিব নোৱাৰিলে তিনিচুকীয়াৰ লগতে সমগ্ৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভবিষ্যৎ অন্ধকাৰ বুলি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে উদ্বেগ প্ৰকাশ কৰিছে ৷ সন্হাই দশক দশক ধৰি প্ৰকাশ কৰি অহা উদ্বেগ, আশংকা আৰু প্ৰতিবাদক নেওচা দি পুঁজিপতি বটলিফ ফেক্টৰীসমূহে চাহ খেতিয়কক টেটু চেপা কাৰ্য্যক চৰকাৰী পক্ষই আজি পৰ্যন্ত নিৰৱে সমৰ্থন কৰি আহিছে বুলি ক্ষোভ উজাৰি তিনিচুকীয়া জিলাৰ পাঁচজন বিধায়কৰ নিজ সমষ্টিৰ চাহ খেতিয়কৰ প্ৰতি দায়বদ্ধতা নাই নেকি বুলিও ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নেতৃবৃন্দই প্ৰশ্ন উত্থাপন কৰে ৷ তথ্যমতে ২০২২-২৩ বৰ্ষত প্ৰতি কেজি কেঁচা চাহপাতৰ উৎপাদন মূল্য ২৪.৩৫ টকা হোৱাৰ বিপৰীতে তেওঁলোকে মূল্য লাভ কৰিছে প্ৰতি কেজিত ১৩-১৮ টকা ৷ অৰ্থাৎ লাভৰ কথা বাদেই, উৎপাদন খৰচো ক্ষুদ্ৰ চাহ খেতিয়কসকলে লাভ কৰা নাই ৷ গতিকে অসম চৰকাৰে তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যাতে জীয়াই থাকিব পাৰে তাৰ স্বাৰ্থত আইন প্ৰস্তুত কৰি অৰুণাচল প্ৰদেশৰ কেঁচা চাহপাত অসমত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে এম এছ পিৰ (মিনিমাম ছাপৰ্ট প্ৰাইচ) বাবে আইন প্ৰস্তুত কৰি চাহ খেতিকো এম এছ পিৰ অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ৷ আজিৰ সংবাদমেলত সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মহঃ আমিন, সম্পাদক অজিত গগৈ প্ৰমুখ্যে নেতৃবৃন্দৰ লগতে নৱগঠিত কৰ্ণধাৰ সমিতিৰ আহ্বায়কো উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More