৯ মে’ টাৰ্নিং পইণ্টঃ ”বিজয় দিৱস”ত ৰাছিয়াই প্ৰকাশ্যে যুদ্ধ ঘোষণা কৰিব নেকি ?

0 61

ৰাণু বৰুৱা

অহা ৯ মে’ তাৰিখে ‘বিজয় দিৱস’ উদযাপনৰ বাবে সাজু হৈছে ৰাছিয়া। প্ৰতি বছৰে অতি উলহমালহেৰে ৰাছিয়াৰ জনগণই ৯ মে’ৰ দিনা ‘বিজয় দিৱস’ পালন কৰি আহিছে। আৰু এই বছৰো ইয়াৰ ব্যতিক্ৰম নহ’ব। ইতিমধ্যেই ৰেড স্কোৱাৰত ইয়াৰ পূৰ্ণ প্ৰস্তুতি তুঙ্গত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী বাহিনীয়ে প্ৰকৃততে ৭ মে’ তাৰিখে ফ্ৰান্সত সন্মিলিত বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু সেয়ে ইয়াৰ সোঁৱৰণত ইউৰোপীয় দেশসমূহে প্ৰতি বছৰেই এই দিনটো VE Day(Victory in Europe) হিচাপে পালন কৰি আহিছে। কিন্তু ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্ৰণত থকা বাৰ্লিনত নাজী বাহিনীৰ পতনৰ পাছত ছোভিয়েট ৰাছিয়াৰ নেতা যোছেফ ষ্টেলিনে ৯ মে’ত ৰাছিয়াৰ বিজয় দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেতিয়াৰে পৰাই এই দিনটো এটা গুৰুত্বপূৰ্ণ পৱিত্ৰ দিন হিচাপে ৰুছ বাসীয়ে প্ৰতি বছৰেই পালন কৰি আহিছে।
Военный парад на Красной площади 9 мая 2016 г. 436

     কিন্তু এইবাৰৰ বিজয় দিৱসৰ উদযাপনৰ গুৰুত্ব কিছু সুকীয়া। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ দুমাহৰো অধিক সময় অতিবাহিত হোৱাৰ পাছত এই ‘বিজয় দিৱস’ক লৈ পশ্চিমীয়া ৰাষ্ট্ৰসমূহে বিভিন্ন টিপ্পনি প্ৰকাশ কৰিছে। ইতিমধ্যেই যুদ্ধত সহস্ৰাধিক ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈন্যকে ধৰি অসামৰিক লোকৰ মৃত্যু ঘটিছে। পশ্চিমীয়া সমালোচক সকলে ৯ মে’ৰ বিজয় দিৱসৰ দিনটো যুদ্ধখনৰ এটা টাৰ্ণিং পইণ্ট হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে। ইউক্ৰেইনক আক্ৰমণ কৰাৰ ঘটনাটোক ৰাছিয়াই যদিও ‘বিশেষ সামৰিক অভিযান’ বুলিহে অভিহিত কৰিছে, একাংশই কিন্তু এই বিজয় দিৱসৰ দিনাই ক্ৰেমলিনে ইউক্ৰেইনৰ বিৰুদ্ধে আনুষ্ঠানিক ভাৱে যুদ্ধৰ কথা ঘোষণা কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছে। অৱশ্যে ক্ৰেমলিনৰ প্ৰেছ সচিবে এই অভিযোগক তৎকালেই নস্যাৎ কৰিছে। আজি কেইবাবছৰৰো পৰা বিজয় দিৱসৰ বক্তৃতাত ৰাষ্ট্ৰপতি পুটিনে কিন্তু এখন নতুন যুদ্ধৰ সম্ভাৱনাৰ কথা বাৰে বাৰে উনুকিয়াই আহিছে। ‘নিউয়ৰ্ক টাইমছ’ৰ মতে যোৱা বছৰৰ বিজয় দিৱসৰ এনে এটা বক্তৃতাত পুটিনে নাজী আদৰ্শবাদৰ দৰে মতাদৰ্শেৰে ৰাছিয়াৰ শত্ৰুপক্ষৰ উত্থানৰ কথা উল্লেখ কৰিছিল। ইউক্ৰেইন আক্ৰমণৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবলৈ গৈ পুটিনে ইউক্ৰেইনক নাজীবাদৰ পৰা মুক্ত কৰাৰ অভিযান বুলিহে ব্যাখ্যা আগবঢ়াইছে। ইউক্ৰেইন আক্ৰমণৰ ঘটনাটোক বৈধ প্ৰমাণ কৰাৰ স্বাৰ্থত পুটিনে তিনিটা শব্দ ‘হল’কাষ্ট, ‘দ্বিতীয় বিশ্বযুদ্ধ’ আৰু ‘নাজীবাদ’ৰ কথা খুউব সণ্ঢালনিকৈ ব্যৱহাৰ কৰিছে।

ইতিমধ্যেই ৰে’ড স্কোৱাৰত জাকজমকতাৰে বিজয় দিৱস উদযাপনৰ সকলো প্ৰস্তুতি ক্ৰেমলিন প্ৰশাসনে সাজু কৰি তুলিছে। সামৰিক কুচ-কাৱাজৰ উপৰি যুদ্ধ বিমানসমূহে ৰে’ড স্কোৱাৰৰ আকাশমাৰ্গত এইকেইদিন বিৰতি নোহোৱাকৈ আখৰা কাৰ্য চলাই আছে। ইউক্ৰেইন আক্ৰমণৰ সময়ত সম্প্ৰতি ৰাছিয়ান জাতীয়তাবাদৰ জনপ্ৰিয় প্ৰতীক হৈ পৰা ‘Z’ বৰ্ণটোৰ আৰ্হিত আঠখন মিগ-২৯ যুদ্ধ বিমানে চলোৱা আখৰাই ৰাছিয়াৰ জনতাৰ হৃদয় জয় কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছাৰ্গেই ছৈগুৱে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, এইবাৰৰ বিজয় দিৱস দেশখনৰ ২৮ খন মহানগৰত উদযাপন কৰা হ’ব আৰু ইয়াত প্ৰায় ৬৫,০০০ ৰুছ সৈনিক আৰু ৪৬০ খন যুদ্ধ বিমানে অংশগ্ৰহণ কৰিব। আনফালে ইউক্ৰেইনে অভিযোগ কৰিছে যে, ৰাছিয়াই এইবাৰ ইউক্ৰেইনৰ কেইখনমান মহানগৰতো বিজয় দিৱস উদযাপনৰ যো-জা চলাইছে। চোৰাংচোৱা সূত্ৰসমূহে ইয়াৰ সত্যতা স্বীকাৰ কৰি জনাইছে যে, বিশেষকৈ বন্দৰ মহানগৰী মেৰিঅ’পলত এইকেইদিন ৰুছ সৈন্যই ইয়াৰ বাটপথ সমূহ পৰিষ্কাৰ কৰা দেখা গৈছে আৰু ইয়াক বিজয় দিৱসৰ মূল আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। সি যি কি নহওঁক, পশ্চিমীয়া দেশসমূহে আশংকা প্ৰকাশ কৰা মতে বিজয় দিৱসত যদি ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে প্ৰকাশ্যে যুদ্ধ ঘোষণা কৰে তেন্তে তৃতীয় বিশ্বযুদ্ধলৈও হয়তো বেছিদিন অপেক্ষা কৰিব নালাগিব। সেয়ে ৯ মে দিনটো এটা টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More