তেজপুৰ লিচুৰ কৃষিভূমি সম্প্ৰসাৰণ আঁচনিৰ শুভাৰম্ভ কৃষি মন্ত্ৰী অতুল বৰাৰ

যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ সেনানী হবলৈ আহ্বান

0 21

শতাব্দ ষ্টাফ ৰিপ’টাৰ ১ অক্টোবৰ : বিশ্ব প্ৰসিদ্ধ তেজপুৰ লিচুৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে আজি ৰাজ্যৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান আঁচনি (HMNEH) ৰ অধীনত তেজপুৰ পৰোৱাৰ লিচু বাগানত লিচু গছৰ পুলি ৰোপন কৰি তেজপুৰ লিচু ২০০ বিঘা কৃষি ভূমি সম্প্ৰসাৰণৰ শুভাৰম্ভণী কৰে কৃষি ,উদ্যান শস্য, পশু পালন ইত্যাদি মন্ত্ৰী অতুল বৰাই । শোণিতপুৰ জিলা প্রশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত পৰোৱাৰ লিচু বাগানত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ কৃষিমন্ত্রী গৰাকীয়ে- তেজপুৰ লিচুৰ সৈতে জড়িত থকা অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলক প্ৰসংসা কৰাৰ লগতে কৃষি আৰু ইয়াৰ সহযোগীখণ্ডসমূহৰ বিকাশৰ জৰিয়তে অসমক দেশৰ ৫ খন ৰাজ্যৰ ভিতৰত এখন অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সপোন সাৰ্থক কৰাৰ উদ্দেশ্য তেজপুৰ লিচু, কাৰ্বি আংলং আদা, বোকা চাউল, চকোৱা চাউল, জহা চাউল, কাজি নেমু ইত্যাদি স্বকীয় বৈশিষ্ট্যৰে ভৰা শস্যৰ কৃষিভূমিৰ সম্প্ৰসাৰণ কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰাৰ লগতে তেজপুৰ লিচুৰ ২০০ বিঘা সম্প্ৰসাৰণৰ জৰিয়তে তেজপুৰ লিচুৱে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে । ‘আত্মনির্ভৰ অসম’ গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ যুৱ শক্তিক কৃষিখণ্ডত নিয়োজিত হ’বলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ‘কৃষক সৰ্বপ্ৰথম’ নীতিৰ জৰিয়তে আত্মনির্ভৰশীল অসম গঢ়াৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে ২০২৬-২৭ বৰ্ষৰ ভিতৰত ৬ লাখ হেক্টৰ কৃষিভূমিৰ ২ লাখ হেক্টৰত পাম অইল, ৪ লাখ হেক্টৰত সৰিয়হ, ১.৬৮ লাখ হেক্টৰ কৃষিভূমিত মাহজাতীয় শস্য, ১৪ হাজাৰ হেক্টৰ কৃষিভূমিত মিলেট, ২৫ হাজাৰ হেক্টৰ কৃষিভূমিত আলু, ১.১ লাখ হেক্টৰ কৃষিভূমিত মাকৈ ইত্যাদি খেতি কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্তব্য কৰে । লগতে বাণিজ্যিক মূল্য থকা খেতিত অইল পাম আৰু ফুলৰ খেতিৰ উপৰত আগন্তুক দিনত অধিক গুৰুত্ব আৰোপ কৰা হ’ব বুলি সদৰি কৰে। তেজপুৰ লিচু সম্প্ৰসাৰণ অনুষ্ঠানত উপস্থিত থাকে। তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, উদ্যান শস্য বিভাগৰ সঞ্চালক তিৰংগ ভাৰতীয় বৰা, অতিৰিক্ত আয়ুক্ত ( কৃষি ) পংকজ বৰা, কৃষি মন্ত্ৰীৰ বিশেষ কতব্যৰত বিষয়া পঙ্কজ নাভ দাস, জিলা কৃষি বিষয়া পঙ্কজ কুমাৰ শইকীয়া, কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰ মুখ্য বিজ্ঞানী অংগনা শৰ্মা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগি অধ্যাপক ড০ পল্লৱ শৰ্মা, নাবাৰ্ডৰ DDM চুমন চেটাৰ্জী আৰু কৃষি বিভাগৰ বিষয়ববীয়াসকল। অনুষ্ঠানতে অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰ ১০ জনকৈ কৃষকক তেজপুৰ লিচু পুলি প্ৰদান কৰিলে কৃষিমন্ত্রী অতুল বৰাই ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More