যুৱ মহোৎসৱ আৰু শিক্ষাৰ্থীৰ কেৰিয়াৰ

0 65

ড° বুলজিৎ বুঢ়াগোহাঁই

জীৱন যাত্রাত সফলতাৰে আগুৱাই যাবলৈ হ’লে আমি যিকোনো কাম যোগাত্মক দৃষ্টিভংগীৰে চাবলৈ প্রয়াস কৰিব লাগিব । বিয়োগাত্মক চিন্তা বা সমালোচনাই ব্যক্তিৰ লগতে সমাজৰো ক্ষতি সাধন কৰে । ভাল খবৰসমূহ যিমান পাৰি সিমান ৰাইজৰ মাজত বিলাব লাগে। কাৰোবাৰ বেয়া গুণ দৃষ্টিগোচৰ হ’লে যোগাত্মক ভাৱে সমালোচনা কৰি গঠনমূলক পৰামৰ্শ আগবঢ়োৱা উচিত । ভাল কাম কৰা ব্যক্তিসকলক তেওঁলোকে কৰা কামৰ বাবে প্রশংসা কৰিলে ভৱিষ্যতে সমাজৰ বাবে আৰু দুগুণ উৎসাহৰে কাম কৰিবলৈ আগবাঢ়ি আহিব ।
চৰকাৰী চাকৰি অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও সন্মানীয় জীৱন আৰু জীৱিকা নিৰ্বাহ যে কৰিব পাৰি সেই কথা নৱপ্ৰজন্মই উপলব্ধি কৰাটো প্ৰয়োজন । চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰি নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্ৰদান কৰিব পাৰে ৷ বৰ্তমান সময়ত বহুসংখ্যক যুৱক-যুৱতীক দেখা গৈছে যে, লাজ আৰু সংকোচৰ বাবে নিজ ৰাজ্যত কিছুমান বৃত্তিত নিয়োজিত হ’বলৈ নিবিছাৰে কিন্তু ,বহিঃৰাজ্যত গৈ একেধৰণৰ বৃত্তিতে নিয়োজিত হৈ আছে। এই নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱাৰ সলনি নিজ ৰাজ্যতে তেনেবোৰ বৃত্তিৰ প্রতি আগ্রহী হ’লে শাৰীৰিক, মানসিক তথা আৰ্থিকভাৱেও যে লাভৱান্বিত হ’ব, সেই সম্পৰ্কে সজাগতা আনিবৰ বাবে অসমৰ যুৱ সংগঠনসমূহ তথা স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় । লগতে চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনি আৰু সা-সুবিধাবোৰৰ বিষয়ে জনাব লাগে ৷
তদুপৰি ব্যক্তিগত খণ্ডত সৎ ভাৱে চাকৰি কৰি বা ব্যৱসায়-বাণিজ্য কৰি জীৱন ধাৰণ কৰি থকা সকলে চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয় । ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তথা ব্যৱসায়-বাণিজ্য কৰা ব্যক্তিসকলক চৰকাৰী খণ্ডৰ চাকৰীয়াল সকলৰ দৰে সম দৃষ্টিৰে নোচোৱাৰ মানসিকতা পৰিহাৰ কৰিব পাৰিলেহে সমাজৰ প্রত্যেক জন ব্যক্তিৰে যিকোনো কৰ্মৰ প্রতি আগ্রহ বৃদ্ধি হ’ব । সাধাৰণতে, চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱাটো সম্ভৱ নহয় কিন্তু সৎ উপায়েৰে উদ্যোগ স্থাপন কৰি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ ।
যুৱ সংগঠনসমূহে প্ৰায়ে এক দাবী উপস্থাপন কৰা দেখা যায় যে অসমত থকা সমূহ কেন্দ্রীয়-অৰ্দ্ধকেন্দ্রীয়, চৰকাৰী-বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্রতিষ্ঠানত ১০০শতাংশ থলুৱা লোকৰ নিযুক্তি বাধ্যতামূলক কৰিব লাগে। আমি ভাবো এনে ধৰণৰ দাবী উপস্থাপন কৰাৰ পৰিবৰ্তে যুৱ সংগঠন সমূহে এইসমূহ নিযুক্তিৰ পৰীক্ষাত অসমৰ থলুৱা প্রাৰ্থীসকলে ১০০শতাংশই উত্তীৰ্ণ হব পৰাকৈ প্রশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । যিহেতু এনেধৰণ ১০০শতাংশ থলুৱা লোকৰ নিযুক্তিৰ দাবী বেলেগ ৰাজ্যতো যদি কাৰ্যকৰী কৰা হয় তেন্তে অসমৰ প্রাৰ্থীসকলও অন্য ৰাজ্যত নিযুক্তি লাভ কৰিবলৈ সক্ষম নহ’ব। তাৰ ফলত এক ভয়াবহ সমস্যা সৃষ্টি হ’ব, যিহেতু আন ৰাজ্যৰ তুলনাত অসমত নিয়োগৰ সুবিধা কম ।
অসমৰ বহু সংখ্যক যুৱক-যুৱতীয়ে নিজ অঞ্চলত তথা বিদেশত থাকিও অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশলৈ অৰিহণা যোগাই আহিছে । কিন্তু সেইসকলৰ বহুজনক এতিয়াও উপযুক্ত স্বীকৃতি দিয়া হোৱা নাই। আশা কৰিছো,বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান,দল-সংগঠন আদিয়ে সমাজ জীৱনলৈ অৰিহণা যোগোৱা ব্যক্তিসকলক যথা যোগ্য সন্মান যাচিবলৈ আগবাঢ়ি আহিব । বাতৰি কাকত , আলোচনী তথা টি ভি চেনেল সমূহেও এই ক্ষেত্রত পদক্ষেপ গ্রহণ কৰি ভাল কামৰ প্রতি যুৱক-যুৱতীসকলক আকৰ্ষিত কৰিব পাৰিলেহে এখন সুস্থ সমাজ গঢ় লৈ উঠিব । তদুপৰি, বিভিন্ন অঞ্চলৰ বিদ্যালয়ৰ পৰা উৰ্ত্তীৰ্ণ হৈ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা প্ৰতিস্থিত ব্যক্তি সকলক নিজ নিজ অঞ্চললৈ আমন্ত্ৰণ কৰি শিক্ষাৰ্থীৰ লগত অন্তৰংগ আলাপৰ সুবিধা প্ৰদান কৰিলে শিক্ষাৰ্থীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশৰ লগতে সামাজিক দায়বদ্ধতাৰ কথাও উপলব্ধি কৰিব ৷ কিছুসংখ্যক শিক্ষাৰ্থীৰ ক্ষেত্ৰত প্ৰায়ে দেখা যায় যে,নৱম/দশম শ্ৰেণীত নাম ভৰ্ত্তিৰ পিছত পঢ়াত ব্যাঘাত জন্মিব বুলি নিজে অথবা অভিভাৱকৰ বাধাৰ বাবে নিজৰ হবিবোৰক অধিক গুৰুত্ব প্ৰদান নকৰে ৷ কিন্ত, শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে নিজা হবি সমূহকো সমানে গুৰুত্ব দিব লাগে কিয়নো এই হবিবোৰে শিক্ষাৰ্থী জীৱন,কৰ্মজীৱন তথা অৱসৰ জীৱনত ব্যক্তিজনক বিভিন্ন ধৰনে সহায় কৰিব পাৰে ৷ কোনোবা জনৰ বাবে হয়তো হবিয়েই ভবিষ্যত জীৱনত কেৰিয়াৰ হ’বগৈ পাৰে ৷ এইক্ষেত্ৰতো যুৱসংগঠন সমূহে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক সকলৰ মাজতো সজাগতা আনিবৰ বাবে প্ৰয়াস কৰিব লাগে৷ তদুপৰি, বাতৰি কাকত আৰু আলোচনীসমূহেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলেও জনসাধাৰণ লাভৱান্বিত হ’ব ।
শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ গঠনত যুৱ সংগঠন সমূহেও উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব পাৰে । যুৱ সংগঠন সমূহে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত কেৰিয়াৰ সম্পর্কীয় কৰ্মশালা অনুষ্ঠিত কৰি শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ কেৰিয়াৰৰ আভাস দিব পাৰে। কিন্তু অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠান সমূহত কি কি বিষয়ৰ পাঠ্যক্রম গ্রহণৰ সুবিধা আছে সেই সম্পৰ্কে বহুসংখ্যক শিক্ষাৰ্থী জ্ঞাত নহয়। যি কোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- শিক্ষা মন্ত্রালয় (https://education.gov.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (https://www.ugc.ac.in), ৰাষ্ট্রীয় চিকিৎসা আয়োগ (https://www.nmc.org.in), ভাৰতীয় দন্ত পৰিষদ (https://dciindia.gov.in) , ভেটেৰিনেৰী কাউঞ্চিল অৱ ইণ্ডিয়া (http://vci.dadf.gov.in) , ৰাষ্ট্ৰীয় হোমিঅ’পেথী আয়োগ (https://nch.org.in) , ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (http://www.naac.gov.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (https://www.aicte-india.org), ভাৰতীয় ফাৰ্মাচী পৰিষদ (www.pci.nic.in‎) , ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (http://www.aiu.ac.in) ,দূৰ শিক্ষা পৰিষদ (Distance Education Bureau ,https://deb.ugc.ac.in), ভাৰতীয় নাৰ্ছিং পৰিষদ (https://www.indiannursingcouncil.org) , আৰ্কিটেকচাৰ পৰিষদ (https://www.coa.gov.in) ,ভাৰতীয় বাৰ পৰিষদ (http://www.barcouncilofindia.org), ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (https://ncte.gov.in), ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ(http://www.rehabcouncil.nic.in) আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকল কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সম্যক ধাৰণা লোৱা উচিত । সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা,উত্তীৰ্ণৰ হাৰ , নামভৰ্ত্তিৰ প্রক্রিয়া , পুথিভঁৰাল, ইণ্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ’ল – শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয় , শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত কিমান , ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব , কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activitiesকৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি । লগতে প্রাক্তন শিক্ষাৰ্থীৰ সংগঠন(Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ’লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয় । যুৱ সংগঠন সমূহে কেৰিয়াৰ সম্পর্কীয় কৰ্মশালাৰ যোগেদি এই তথ্য সমূহ শিক্ষাৰ্থীক যোগান ধৰিব পাৰে ।
কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ অসামৰিক সেৱাৰ পৰীক্ষা,ভাৰতীয় বন সেৱা পৰীক্ষা , অভিযান্ত্রিক সেৱা পৰীক্ষা , সংযুক্ত চিকিৎসা সেৱা পৰীক্ষা , সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা , সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা , ভাৰতীয় অৰ্থনীতি/পৰিসংখ্যা সেৱা পৰীক্ষা ,ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা , কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী পৰীক্ষা ; ষ্টাফ ছিলেকচন কমিছনৰ সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা, সংযুক্ত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ পৰীক্ষা, ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘চি’ আৰু ‘ডি’ পৰীক্ষা, কনিষ্ঠ অভিযন্তা (অসামৰিক, যান্ত্ৰিক, বৈদ্যুতিক আৰু পৰিমাণ জৰীপ আৰু চুক্তি) পৰীক্ষা, দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপ-পৰিদৰ্শক পৰীক্ষা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল (জিডি), এছ এছ এফ, অসম ৰাইফলছত ৰাইফলমেন (জি ডি) আৰু নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোত চিপাহী পৰীক্ষা, কনিষ্ঠ হিন্দী অনুবাদক, কনিষ্ঠ অনুবাদক আৰু জ্যেষ্ঠ হিন্দী অনুবাদক পৰীক্ষা, মাল্টি টাস্কিং (নন-টেকনিকেল) ষ্টাফ আৰু হাভালদাৰ (চিবিআইচি আৰু চিবিএন) পৰীক্ষা ; বিশ্ববিদ্যালয় অনুদান আয়োগে(ইউ জি চি)’ পৰিচালনা কৰা ৰাষ্ট্রীয় যোগ্যতা বাচনি পৰীক্ষা ; বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ সংযুক্ত প্ৰশাসনিক সেৱা পৰীক্ষা ; কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা (চিটিইটি); অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ; বিভিন্ন মণ্ডলৰ ৰেলৱে ৰিক্রুইটমেণ্ট ব’ৰ্ডে বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, বেংকিং খণ্ড আৰু অন্যান্য ইঞ্চিউৰেঞ্চ কোম্পানীৰ পৰীক্ষা বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, মেনেজমেণ্ট টেষ্ট (এম.এ.টি., চি.এ.টি. আদি), গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং(জি.এ.টি.ই.) , লগতে ৰাষ্ট্রীয় যোগ্যতা তথা প্রৱেশ পৰীক্ষা (এনইইটি) , যুটীয়া প্ৰৱেশ পৰীক্ষা (জেইই) আদি প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰস্তুতি চলোৱাৰ আগতে শিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষাৰ আৰ্হি বুজিব লাগে আৰু উপযুক্ত অধ্যয়ন সামগ্ৰী সংগ্রহ কৰি পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাব লাগে । শিক্ষাৰ্থীসকলে সঘনাই বিভিন্ন কিতাপৰ পৰা যথেষ্ট তথ্য আহৰণ কৰে, যিবোৰ বেছিভাগ অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয়। এই অভ্যাস পৰিহাৰ কৰিব লাগে। পাঠ্যপুথিৰ প্ৰতিটো শাৰী পঢ়িব লাগিব, ধাৰণাসমূহ বুজি ল’ব লাগিব আৰু মুখস্থ কৰিব লাগিব। প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’বলৈ কোচিং লোৱাটো প্রয়োজনীয় বুলি বহুতৰে মনত এক ভুল ধাৰণা থকা দেখা যায় । কিন্তু এনেবোৰ পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে কোচিং ল’বই লাগিব বুলি কোনো কথা নাই । শিক্ষাৰ্থীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্রশ্নকাকত সমূহ কম আৰু ৰ্নিদ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হ’ব ।
ছিলেবাছ অনুসৰি বিষয়সমূহ পুনৰীক্ষণ কৰিলে শিক্ষাৰ্থীসকলে পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ অধিক আত্মবিশ্বাস অৰ্জন কৰাত সহায় কৰিব। সময়মতে পুনৰীক্ষণ কৰিলে এজন শিক্ষাৰ্থীৰ পৰীক্ষাৰ সময়ত হোৱা উদ্বেগ আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। শিক্ষাৰ্থীসকলে এক কঠোৰ ৰুটিন মানি চলিব লাগিব। শিক্ষাৰ্থীসকলে সময় ব্যৱস্থাপনাৰ অভ্যাস কৰিব লাগিব । শিক্ষাৰ্থীসকলে ইন্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰিও প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা সকলৰ পৰা দিহা-পৰামৰ্শ গ্রহণ কৰিলেও উপকৃত হ’ব ।
ম’ক (Mock) পৰীক্ষাৰ যোগেদিও পৰীক্ষাৰ বিন্যাসৰ সৈতে পৰিচিত হোৱাত সহায় কৰে। ম’ক পৰীক্ষাৰ ডিজাইন এনেদৰে কৰা হয় যাতে আবেদনকাৰীয়ে পৰীক্ষাৰ অনুভৱ কৰিব পাৰে। পৰীক্ষাৰ সমস্যাবোৰ সমাধান কৰাটো সহজ হয় যেতিয়া ইয়াৰ প্ৰস্তুতি পৰীক্ষা কৰা হয়। কিন্তু কম সময়ৰ ভিতৰতে সকলোবোৰৰ উত্তৰ দিয়াটো প্ৰত্যাহ্বানজনক। শিক্ষাৰ্থীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত নমুনা সমস্যা সমাধানৰ চেষ্টা কৰি প্ৰকৃত পৰীক্ষাৰ পৰিৱেশত নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰে।
এই প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ কিছুমানত সাধাৰণ জ্ঞানৰ পৰীক্ষাও লোৱা হয় । সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে শিক্ষাৰ্থীসকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্য পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বিভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে । তাৰোপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability) , গাণিতিক সক্ষমতা (Mathematical ability) , বিচাৰ-বুদ্ধিৰ সক্ষমতা (Reasoning), ভাষা বুজা (Language Comprehension), মৌখিক সক্ষমতা (Verbal Ability), পৰিমাণগত সক্ষমতা (Quantitative ability) , বিশ্লেষণাত্মক দক্ষতা(Analytical Skills) আদি বিষয়সমূহৰ অনুশীলনো কৰাটো দৰকাৰ । প্ৰায়বোৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নৰ উত্তৰ ভুল হ’লে ঋণাত্মক নম্বৰ দিয়ে ৷ গতিকে শিক্ষাৰ্থীসকল সাৱধান হ’ব লাগে আৰু উত্তৰ অনুমান কৰাটো এৰিব লাগে । শিক্ষাৰ্থীসকলে দীঘলীয়া সময়ৰ প্রস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি পৰীক্ষাৰ বাবে প্রস্তুতি চলালে এই প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব । এনধৰণৰ কথাবোৰ কৰ্মশালাৰ যোগেদি শিক্ষাৰ্থীসকলক বুজাই দিয়া ব্যৱস্থা যুৱ সংগঠনসমূহে গ্রহণ কৰিলে ভাল হয় ।
আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱবোৰেও শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত উল্লখযোগ্য ভূমিকা গ্রহণ কৰে। যুৱ মহোৎসৱবোৰত বিভিন্ন সাহিত্য, সংগীত প্রতিযোগিতা আদি অনুষ্ঠিত হয়। কিছুমান প্রতিযোগিতা হ’ল– লোকসংগীত (দলীয়), লোকসংগীত (একক), দলীয় লোকবাদ্য প্রতিযোগিতা, দলীয় লোকনৃত্য প্রতিযোগিতা, পাশ্চাত্য সংগীত, জয়ন্ত সংগীত, ভূপেন্দ্র সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত, ভজন, গজল, খেয়াল, খোল, তবলা, সমবেত সংগীত (ভাৰতীয়), পেঁপা-গগণা, ঢোল বাদন, শাস্ত্রীয় নৃত্য, আধুনিক নৃত্য, বাঁহী, ভায়’লিন, মেন্দলিন, চেতাৰ, পাৰ্বতী প্ৰসাদ বৰুৱা গীত, আধুনিক গীত, অর্কেষ্ট্রা,ক’লাজ, ৰংগুলী,মিমিক্রী,একাংক নাট প্রতিযোগিতা,মুকাভিনয়,কবিতা আবৃত্তি (অসমীয়া আৰু ইংৰাজী), কুইজ, ফ’টোগ্রাফী, বক্তৃতা, তর্ক, চিত্রাংকন, কার্টুন, প’ষ্টাৰ তৈয়াৰ কৰাৰ প্ৰতিযোগিতাআদি অনুষ্ঠিত হ’ব। এইবোৰত অংশ গ্রহণ কৰি শিক্ষাৰ্থীসকলে নিজৰ প্রতিভা বিকাশৰ এখন মঞ্চ লাভ কৰে। যুৱ মহোৎসৱবোৰত যিসকলে বিভিন্ন স্থান লাভ কৰে,তেওঁলোকে বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে সুবিধা লাভ কৰাৰ লগতে বিভিন্ন বিভাগৰ চাকৰিত নিযুক্তিতো সহায় হয় । কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।

লেখকৰ ঠিকনাঃ কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: [email protected]
www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More