তেজপুৰৰ লাখটকীয়া ভিক্ষাৰীৰ ঘৰত জুই

0 69

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,৮আগষ্টঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা তেজপুৰ সদৰ থানাৰ অন্তগত চটাই চাপৰি ইছলাম চুবুৰীত সংঘটিত হোৱা অগ্নিকাণ্ডত জাহ যায় দুটাকৈ বাসগৃহ৷ এই অগ্নিকাণ্ডত আচবাব, সা-সম্পত্তি সকলো ভষ্মীভূত হোৱাৰ লগতে জুইৰ লেলিহান শিখাই পুৰি চাৰখাৰ কৰে কেবা লক্ষ টকা৷ উল্লেখ্য যে, মফিজুদ্দিনৰ পত্নী আয়েশা খাতুনে তেজপুৰ চহৰত ভিক্ষা খুজি এটকা-দুটকাকৈ গোটাইছিল কেবা লক্ষ টকা৷ এটা টিনৰ বাকছত ভৰ্তি কৰি থোৱা নোটবোৰ জুইত জাহ যোৱাৰ সময়তহে ওচৰ চুবুৰীয়াৰ চকু কপালত উঠিল৷ জৰাজীৰ্ণ ঘৰটোত ইমান টকা ক’ৰ পৰা আহিল৷ আয়েশাই জনোৱা মতে তেওঁ খুজি মাগি গোটাইছিল প্ৰায় তিনি লাখ ৪৫ হাজাৰ টকা৷ টকাখিনি সাচি ৰাখিছিল যদিও অধিকাংশই পুৰি ছাই হ’ল৷ ৪০ ৰ পৰা ৫০ হাজাৰ টকা মানহে বাচিল৷ ইফালে ৰাইজৰ মতে ১০ বা ১৫ লাখ টকা আছিল বাকছত৷ সেয়া যি কি নহওক ভিক্ষা খুজি প্ৰায় ৩.৫ লাখ টকা ঘৰতেই জমা ৰখা ভিক্ষাৰী মহিলাগৰাকীক লৈ এতিয়া তেজপুৰত চলিছে সৰৱ চৰ্চা৷ আনহাতে উক্ত অগ্নিকাণ্ডত মফচিনা খাতুন আৰু চামচুল হকৰো বাসগৃহৰ লগতে নগদ ৮০ হাজাৰ টকা আৰু নথি পত্ৰ ভস্মীভূত হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More